এগ্জিট প'ল প্ৰকাশ-প্ৰচাৰত নিষেধাজ্ঞা
নিৰ্বাচন প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে ২৭ মাৰ্চৰ পুৱা ৭ বজাৰ পৰা ২৯ এপ্ৰিলৰ সন্ধিয়া ৭.৩০ বজালৈকে এগ্জিট প’ল নিষিদ্ধ কৰিছে । এই সময়ছোৱাৰ ভিতৰত কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানে ছপা, বৈদ্যুতিন অথবা সামজিক মাধ্যমত নিৰ্বাচন সম্পৰ্কীয় কোনো ধৰণৰ এগ্জিত প’লৰ বাতৰি বা সমীক্ষা প্ৰচাৰ অথবা প্ৰকাশ কৰিব নেৱাৰিব ৷
বিহু উদযাপনৰ ক্ষেত্রত ক’ভিড-19 ৰ নীতি-নিৰ্দেশনা জাৰি
ইবাৰ উলহ-মালহেৰে বিহু উদযাপন কৰিব পাৰিব বুলি সকলোৱে আশা কৰি আছে যদিও ইতিমধ্যেই ক'ৰনাৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছে । যাৰ পৰিপ্ৰেক্ষিতত আজি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে বিহু উদযাপনক লৈ গাইডলাইন প্ৰকাশ কৰিছে। বিভাগে বিহু উদযাপনৰ ক্ষেত্রত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে ।
গোলাঘাটত বিদ্যুত বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ গ্ৰাহক
গোলাঘাট বিদ্যুত উপ সংমণ্ডল কাৰ্যালয়ে গ্ৰাহকলৈ প্ৰেৰণ কৰিছে হাজাৰ টকীয়া বিল ৷ মাথো এমাহতে এটা পৰিয়াললৈ 37,000 টকাৰ বিল প্ৰেৰণ কৰিছে বিভাগে । বিভাগৰ এনে কাণ্ডত ক্ষুব্ধ গ্ৰাহকসকল ৷
কলিয়াবৰত দুজন আক্ৰান্ত ক’ভিড-19 ত
ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পাবলৈ ধৰিছে ক’ৰোণা আক্ৰান্ত ৰোগীৰ সংখ্য়া ৷ কলিয়াবৰত পুনৰ দুজনৰ দেহত ধৰা পৰিছে ক’ভিড-19 পজিটিভ ৷ ইয়াৰে এগৰাকী তিনিবছৰীয়া শিশু আৰু আন এগৰাকী ৭০ৰ উৰ্দ্ধৰ মহিলা বুলি জানিব পৰা গৈছে ৷
তেজপুৰত আটক দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী
তেজপুৰ আৰক্ষীয়ে শুকুৰবাৰে আটক কৰিলে এজন দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰীক ৷ বিক্ৰীৰ বাবে অনা ৮.২৮০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিছে আৰক্ষীয়ে ।