নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগত দেওবাৰে প্ৰদেশ কংগ্ৰেছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসৰ বিৰুদ্ধে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ ।
বোকাজানত বিজেপিৰ বিশাল নিৰ্বাচনী সভা ৷ বিজেপিয়ে ১০০+ আসন লাভ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷
একাংশ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বিজেপিৰ বিজ্ঞাপন সন্দৰ্ভত পুনৰ অসমবাসী ৰাইজলৈ অখিল গগৈৰ মুকলি চিঠি ৷ বিজ্ঞাপন যোগে চলোৱা বিজেপিৰ মিথ্যাচাৰত ভোল নাজাবলৈ আহ্বান অখিলৰ ৷
শতিকা পুৰণি বাক্সাৰ ভোগপাৰাত উদযাপিত হৈছে ১১৮ সংখ্যক দৌল মহোৎসৱ । দেওবাৰৰ পৰা অনুষ্ঠিত হোৱা বাক্সাৰ একমাত্ৰ পুৰণি ১১৮ সংখ্যক ভোগপাৰা দৌল মহোৎসৱত ভক্তৰ লানি নিছিগা সোঁত বৈছে ।
দেওবাৰে বিজেপিৰ ভেটিত কঁপনি তুলি চমক সৃষ্টি কৰিলে নলবাৰীৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুৎ ভূঞাই ৷ কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী ভূঞাৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক ৷
দেওবাৰে কোকৰাঝাৰ সদৰ আৰক্ষীয়ে কোকৰাঝাৰ চহৰত এক সজাগতামূলক পদযাত্ৰা উলিয়ায় ৷ বিটিআৰৰ আৰক্ষী মহাপৰিদৰ্শক ড° এলআৰ বিষ্ণৰ নেতৃত্বত উলিওৱা সজাগতামূলক পদযাত্ৰাত আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে পথে পথে ভোটাৰ ৰাইজৰ সুবিধা-অসুবিধাৰ বুজ লয় । লগতে কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ পালে বা যিকোনো অসুবিধাৰ সন্মুখীন হ’লে আৰক্ষীক অৱগত কৰিবলৈও ৰাইজ আহ্বান জনায় ৷
‘উজনিৰ আটাইকেইটা সমষ্টিতে বিজেপিৰ নিশ্চিত জয়’- এইটো এটা বাতৰিৰ শিৰোনাম । এই বিজ্ঞাপনটো দিয়াৰ পূৰ্বে সংশ্লিষ্ট কাকত গোষ্ঠীয়ে এইটো চাব লাগিছিল যে ইয়াৰ দ্বাৰা নিৰ্বাচনী আচৰণ বিধি উলংঘা হ’ব। নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকা সময়ত মুখ্য নিৰ্বাচনী বিষয়াই সম্পূৰ্ণ পক্ষপাতমূলক আচৰণ কৰি বিজেপিক সহায় কৰিছে । দেওবাৰে এক সংবাদমেলযোগে বাতৰি কাকতত প্ৰকাশিত বিজেপিৰ এটা বিজ্ঞাপনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছে ৷
বিজেপিৰ মনোনীত প্ৰাৰ্থী তথা দলীয় সিদ্ধান্তৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দল বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ বাবে সাত গৰাকী সদস্যক দলৰ পৰা ছয় বছৰৰ বাবে বহিস্কাৰ কৰিলে বিজেপিয়ে ৷
দেওবাৰে সত্ৰনগৰী বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ দ্বিতীয় দিনত নিত্য-নৈমিত্যিক প্ৰসংগত ভাগ লয় সত্ৰৰ ভক্তসকলে ৷ দৌল মহোৎসৱৰ ৰীতি-পৰম্পৰা অনুসৰি সকলো নীতি-নিয়ম পালন কৰা হয় সত্ৰত ৷
উজনি অসমৰ আটাইকেইখন জিলাৰে মাত্ৰ দুটামান সমষ্টি বাদ দি বাকী সকলো সমষ্টিতে পোনপটীয়া যুঁজ হোৱা পৰিলক্ষিত হৈছে ।কোনোবাটো সমষ্টিত যদি এই পোনপটীয়া যুঁজ হৈছে কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থীৰ মাজত, আন কোনোবাটোত হয়তো হৈছে কংগ্ৰেছ আৰু অগপৰ মাজত । দুই এটা সমষ্টিত আকৌ তিনিকোণীয়া প্ৰতিদ্বন্দিতা হোৱা দেখিবলৈ পোৱা গৈছে । এক সমীক্ষাত্মক বিশ্লেষণত স্পষ্ট হৈছে এই কথা ।