নিৰ্বাচন নেখেলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই
সকলো জল্পনা-কল্পনাৰ অবসান ঘটাই সমাগত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ সিদ্ধান্ত ললে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷ সোমবাৰে নিশা এই কথা সদৰি কৰিলে নেতা গৰাকীৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তই ৷ চৰকাৰী ঘৰ এৰি খাৰঘুলীৰ নিজা বাসভৱনলৈ যোৱাৰ কথাও সদৰি কৰিলে নেতা গৰাকীৰ পত্নীয়ে ৷
প্ৰয়াত তৰুণ গগৈৰ সমষ্টিৰ উত্তৰাধিকাৰীৰ ৰূপত ভাস্কৰজ্যোতি বৰুৱা !
বহু জল্পনা-কল্পনাৰ অন্তত ঘোষণা কৰা হ'ল ৰাজ্যৰ সন্মানীয় বিধানসভা সমষ্টি তিতাবৰ সমষ্টিৰ বাবে কংগ্ৰেছ প্ৰাৰ্থীৰ নাম ৷ 2001 চনৰ পৰা 2016 চনলৈ একেৰাহে চাৰিবাৰকৈ তিতাবৰ সমষ্টিত প্ৰতিদ্বন্বিতা কৰি জয়ী হোৱা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ উত্তৰাধিকাৰী হিচাপে তথা কংগ্ৰেছৰ দূৰ্গ স্বৰূপ তিতাবৰ সমষ্টিত কংগ্ৰেছ হাইকামাণ্ডে 2021ৰ নিৰ্বাচনত প্ৰক্ষেপ কৰিছে ভাস্কৰ জ্যোতি বৰুৱাক ৷
পাথাৰকান্দিত বিজেপি দলৰ প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ শক্তি প্ৰদৰ্শন
কৃষ্ণেন্দু পালে কংগ্ৰেছৰ পৰা বিজেপি দলত যোগদান কৰি 2016 ৰ বিধানসভা নিৰ্বাচনত পাথাৰকান্দি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি এআইইউডিএফ দলৰ প্ৰাৰ্থীক 9,268 ভোটৰ ব্যৱধানত পৰাজিত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । অৱশ্যে এইবাৰ সমষ্টিটোৰ পৰা জয়লাভ কৰা ইমান সহজ নহয় বুলি অনুমান কৰি বিজেপি দলে ইতিমধ্যে অগপ দলৰ প্ৰাৰ্থীৰ সহযোগত নিৰ্বাচনত নমাৰ পৰিকল্পনা কৰিছে ।
নিৰ্বাচনক লৈ উৎফুল্লিত বৰ্ষীয়ান ৰাজনীতিবিদ প্ৰেমধৰ বৰা
নিৰ্বাচন বুলিলেই উৎফুল্লিত হৈ পৰে বৰ্ষীয়ান ৰাজনীতিবিদ প্ৰেমধৰ বৰা ৷ ইতিমধ্যে 11 বাৰ নিৰ্বাচন খেলা প্ৰেমধৰ বৰা সোমবাৰে দ্বাদশবাৰৰ বাবে দাখিল কৰে মনোনয়ন ৷
ইউপিপিএলৰ নেতা-কৰ্মীক টিকট দিব নোৱাৰাত দুখ প্ৰকাশ প্ৰমোদ বড়োৰ
ইউপিপিএল দলৰ হকে কষ্ট আৰু ত্যাগ কৰা বহু নেতা-কৰ্মীক টিকট দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছে ইউপিপিএল দলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই ৷ সোমবাৰে কোকৰাঝাৰত সাংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰি কয়, ৰাজনীতিত গিভ এণ্ড টেক থাকে ৷ ৰাজনীতি কৰা বা খেলাটোৱেই আমাৰ প্ৰধান উদ্দেশ্য নহয়, বিটিআৰত শান্তি প্ৰতিষ্ঠা কৰাই আমাৰ মূল উদ্দেশ্য ৷