কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অসম আগমনৰ প্ৰাক মুহুৰ্তত হেজাৰ হেজাৰ বন্তিৰ পোহৰত উজ্জ্বলি উঠিল গুৰুজনাৰ পবিত্ৰ ভূমি বটদ্ৰৱা । বৃহস্পতিবাৰে বটদ্ৰৱাৰ সৌন্দৰ্য বৰ্ধন আৰু উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে ৷ অমিত শ্বাহৰ আগমনৰ প্ৰাক মুহুৰ্তত বুধবাৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ নেতৃত্বত বটদ্ৰৱা থানৰ ভকত-বৈষ্ণৱৰ লগতে সত্ৰবাসীয়ে মিলি হেজাৰ হেজাৰ মিঠা তেলৰ চাকি জ্বলাই আলোকময় কৰি তোলে সমগ্ৰ বটদ্ৰৱা থান ৷
২৬ ফেব্ৰুৱাৰীৰ ভাৰত বন্ধলৈ পূর্ণ সমর্থন অসম জাতীয় পৰিষদৰ
অহা ২৬ ফেব্ৰুৱাৰীত কনফেডাৰেচন অব অল ইণ্ডিয়া ট্রেডাৰ্ছে আহ্বান জনোৱা ভাৰত বন্ধলৈ সমৰ্থন আগবঢ়ালে অসম জাতীয় পৰিষদে ৷
প্ৰসংগ বিজেপিৰ সভা: ৰহাৰ টোলগেটত তীব্ৰ বাক-বিতণ্ডা
বুধবাৰে অমিত শ্বাহৰ সভালৈ অধিগ্ৰহণ কৰা গাড়ীসমূহ নগাঁৱলৈ আহি থকাৰ সময়তে লাগে অথন্তৰ । অভিযোগ অনুসৰি, ৰহাৰ টোলগেট কৰ্তৃপক্ষই প্ৰতিখন গাড়ীৰ পৰা তিনিশ টকাকৈ কৰ বিচাৰে । কিন্তু টোলগেটত ধন দিবলৈ অমান্তি হয় বাহনসমূহৰ চালকসকলে ৷
অসমত প্ৰায় তেৰ হাজাৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰা হ'ব: ৰামেশ্বৰ তেলী
খাদ্য সংশোধন উদ্যোগৰ জৰিয়তে কিদৰে সৰু বৰ বিভিন্ন উদ্যোগ গঢ় দিব পাৰি সেই সম্পৰ্কে উদ্যোগীসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্যেশ্যে বুধবাৰে বৰপেটাত এখন কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা আৰু PMFMP আঁচনিৰ অধীনত আৰু ফাইনাৰৰ উদ্যোগত অনুষ্ঠিত কৰ্মশালাখনত অংশগ্ৰহন কৰে কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংশোধন উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷
গুজৰাটৰ মুছলমানে বিজেপিক ভোট দিয়ে, অসমৰ মুছলমানেও দিব:ৰণজিৎ কুমাৰ দাস
সংখ্যালঘু ভোটাৰক আকৰ্ষণ কৰিবলৈ সৰভোগ সমষ্টিৰ নিচুকাত আধাৰশিলা স্থাপন কৰি সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে কয় কংগ্ৰেছ শাসনত থাকিলে মুছলমান লোকক হত্যা কৰা হয়, ঘৰ-বাৰী পুৰি দিয়া হয় ৷ কিন্তু বিজেপি চৰকাৰৰ দিনত মুছলমান লোকক হত্যা কৰাটো দূৰৰে কথা গাৰ নোম এডালো লৰাব পৰা নাই ৷