আলফাৰ নতুন বিবৃতি পিচতে বীৰ লাচিত সেনাৰ প্ৰতিক্ৰিয়া
আলফাৰ প্ৰচাৰ সচিৱ ৰুমেল অসমে প্ৰেৰণ কৰা বিবৃতিত পিচতে শিৱসাগৰ জিলাৰ কেইবাটাও দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বীৰ লাচিন সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে কয়, কুইপৰ লগত হোৱা সংঘাটৰ বাবে আলফাই দুই বিষয়াক অপহৰণ কৰি অন্যায় কাম কৰিছে ৷
অপহৃত প্ৰণৱ গগৈৰ পৰিয়ালে ক'লে: তেওঁক হত্যা কৰাৰ আগত আমাক মাৰি যাওঁক !
কুইপ কোম্পানীৰ সৈতে হোৱা আলোচনা বিফল হোৱাৰ বাবে পূৰ্ব সিদ্ধান্ত অনুসৰি অহা সপ্তাহত চূড়ান্ত ব্যৱস্থা গ্ৰহণ কৰিব দুই অপহৃত কৰ্মচাৰীৰ ওপৰত । আলফাৰ প্ৰচাৰ সচিৱ ৰুমেল অসমে প্ৰেৰণ কৰা বিবৃতিৰ পিচতে শিৱসাগৰ নগৰৰ প্ৰণৱ গগৈ পৰিয়ালত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
অপহৃত দুই বিষয়াক লৈ আলফা স্বাধীনৰ বিবৃতি
তেল কোম্পানী কুইপ'ৰ দুই বিষয়াক সোমবাৰে চৰম শাস্তি বিহিব আলফা স্বাধীনে ৷ শুকুৰবাৰে এক প্ৰেছ বিবৃতি যোগে এই ঘোষণা কৰে সশস্ত্ৰ সংগঠনটোয়ে ৷ উল্লেখ্য যে, যোৱা 16 ফেব্ৰুৱাৰীত অন্ত পৰিছিল দুই বিষয়াক মোকলাই নিয়াৰ সময়সীমা ৷ 21 ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ডায়ুনৰ পৰা কুইপ'ত কৰ্মৰত দুই কৰ্মচাৰীক এনএছচিএনৰ সহায়ত আলফা স্বাধীনে অপহৰণ কৰিছিল ।
মন্ত্ৰীৰ প্ৰতিশ্ৰুতি অসাৰ: বাক্সাত আজিও মুকলি নহ’ল ICU কক্ষ্য
ক’ৰণা মহামাৰীৰ সময়চোৱাত বাক্সা জিলাৰ নিৰীক্ষকৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰী ক্ৰমে চন্দন ব্ৰহ্ম আৰু ৰিহন দৈমাৰীয়ে সংবাদমেলৰ জড়িয়তে শীঘ্ৰে আইচিইউ কক্ষ কেইটা নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি ঘোষণা কৰিছিল ৷ মন্ত্ৰীৰ প্ৰতিশ্ৰুতিমতে সেই সময়চোৱাত চিকিৎসালয়খনত আইচিইউ কক্ষ নিৰ্মাণৰ কামো চলিছিল ৷ কিন্তু অতি ৰহস্যজনক ভাৱে বিগত ছয় সাত মাহে কাম সম্পূৰ্ণ হোৱাৰ পিছতো মুকলি হোৱা নাই আইচিইউ কক্ষ ৷