ৰামৰ নাম লৈ গৰুৰ ছিণ্ডিকেট চলায় বিজেপিয়ে: লুৰীণজ্যোতি গগৈ
বৃহস্পতিবাৰে বকোৰ ছমৰীয়াত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে দলটোৰ জাতীয় সমাৱেশত উপস্থিত থাকি শাসকীয় দল বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় ৰামৰ নাম লৈ গৰুৰ ছিণ্ডিকেট চলায় বিজেপি নেতাই ৷ ছিণ্ডিকেটৰ ধনৰ অংশ উচ্চ পৰ্যায়ৰ নেতালৈকে পায় বুলিও মন্তব্য এজেপিৰ সভাপতি গৰাকীৰ ৷
জনতাৰ আস্থা থকা তিনিটা সমষ্টি বিজেপিক এৰি দি'ব অগপই
আগন্তুক নিৰ্বাচনত অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টিত আসন বুজাবুজিৰে নিৰ্বাচনীক যুঁজত নামিব বিজেপি আৰু অগপৰ মিত্ৰজোঁটে ৷ বিশেষকৈ বঢ়মপুৰ, তেজপুৰ আৰু লখিমপুৰ বিধানসভা সমষ্টিক লৈ ক আলোচনত মিলিত হৈছে মিত্ৰজোঁটৰ শীৰ্ষ নেতৃত্ব সকল ৷
ৰাজনৈতিক ভাৱে নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ মৃত্যু নিশ্চিত:ৰকিবুল হুছেইন
কমলপুৰ সমষ্টিৰ অন্তৰ্গত বাইহাটা শিৱমন্দিৰ প্ৰাংগণত অনুষ্ঠিত কংগ্ৰেছৰ অসম বচাও আহক শীৰ্ষক সভাত উপস্থিত থাকি সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কঠোৰ ভাৱে সমালোচনা কৰে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷
সমষ্টিবাসীৰ ৰোষত পৰিল কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ
নদী গৰাখহনীয়া প্ৰতিৰোধৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ মূখথেচেকা খালে বিধায়ক শ্বেৰমান আলী আহমেদে। নিজ সমষ্টিৰ ৰাইজৰ ৰোষত পৰিল কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ। উত্তপ্ত পৰিস্থিতিৰ মাজত ৰাইজৰ ওচৰত হেয় মানি আধাৰশিলা স্থাপন নকৰাকৈয়ে সভা ভংগ কৰি উভতি আহিব লগা হ'ল কংগ্ৰেছী বিধায়ক জন।
বঙাইগাঁৱৰ পৰা পৰীক্ষামূলক ভাৱে চলিল অসমৰ প্ৰথমটো বিদ্যুৎ চালিত ৰে'ল ইঞ্জিন
বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা সৰুপেটা ৰেল ষ্টেচনলৈকে পৰীক্ষা মূলকভাৱে যাত্ৰা কৰিলে অসমৰ প্ৰথমটো বিদ্যুৎ চালিত ৰে'ল ইঞ্জিনে ৷ আজি এই বিদ্যুৎ চালিত ৰেল ইঞ্জিনটো যাত্ৰাৰ শুভাৰম্ভ কৰে উত্তৰ পূৱ সীমান্ত ৰেলৱে বিকাশ নিগম লিমিটেডৰ মূখ্য প্ৰকল্প প্ৰৱন্ধক গৌতম ৰায়ে ৷
চৰকাৰ পুনৰ বিজেপিৰেই হব: প্ৰভাৰীৰ দায়িত্ব লৈয়েই ঘোষণা মন্ত্ৰী টোমৰৰ
2021 ত অসমত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিঙ টোমৰৰ ৷ 2016 তকৈও অসমত এইবাৰ বিজেপিয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিব বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ ৷ কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু জিতেন্দ্ৰ সিঙক অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰভাৰীৰ দায়িত্ব অৰ্পণ কৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ৷ সেই সূত্ৰে গুৱাহাটীত আহি উপস্থিত হৈছে মন্ত্ৰী টোমৰ ৷
নিৰ্বাচনক লৈ তিনি বিপিএফ নেতাৰ গোপন বৈঠক
বৃহস্পতিবাৰে দলৰ তিনিগৰাকী শীৰ্ষ নেতা মিলিত হয় এক গোপন বৈঠকত। বাক্সা জিলাৰ বৰমাত দলৰ সভাপতি হাগ্ৰামা মহিলাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু ৰিহন দৈমাৰী এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় । আগন্তুক নিৰ্বাচনত কোন দলৰ লগত বিপিএফে মিত্ৰতা কৰিব তাকলৈ আলোচনা কৰা হৈছে বৈঠকত ।
চিলাপথাৰৰ জনসভাৰ প্ৰস্তুতি বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
চিলাপথাৰৰ কুলাজান চিতলমাৰী পথাৰত হ'বলগীয়া বিজেপিৰ জন সভাৰ প্ৰস্তুতি বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ উল্লেখ্য যে, 22 ফেব্ৰুৱাৰীত চিলাপথাৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চিতলমাৰী পথাৰত বিজেপিয়ে আয়োজন কৰা এই বিশাল জনসভাত অংশগ্ৰহণ কৰিব মোডীয়ে ৷
মাহিলী দৰমহাৰ প্ৰদানৰ দাবীৰে পঞ্চায়ত প্ৰতিনিধিৰ প্ৰতিবাদ
গুৱাহাটীত সদৌ অসম পঞ্চায়ত সদস্য-সদস্যা সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদ ৷ সাংবিধানিক পদমৰ্যদাৰে পঞ্চায়ত সদস্য সদস্যাসকলক মাহিলী দৰমহা দিয়াৰ দাবীত মহানগৰীৰ চচলত প্ৰতিবাদ সাব্যস্ত কৰে পঞ্চায়ত সদস্য সদস্যা সমন্বয়ৰক্ষী সমিতিয়ে ৷
মই মুখ্যমন্ত্ৰী পদৰ দৌৰত নাই: হিমন্ত বিশ্ব শৰ্মা
সমাগত অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগ নবঢ়াই মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাত আগ্ৰহী নহয় বুলি মন্তব্য মন্ত্ৰী শৰ্মাৰ ৷ মুখ্যমন্ত্ৰী পদবীৰ দৌৰৰ প্ৰতিও কোনো আগ্ৰহ নথকাৰ কথা ব্যক্ত কৰিলে মন্ত্ৰী গৰাকীয়ে ৷ নিজ গ্ৰন্থ 'সপোনৰ পম খেদি' উন্মোচনী অনুষ্ঠানত উপস্থিত দৰ্শকৰ সতে মত বিনিময় কৰি এইদৰে মনৰ ভাৱ ব্যক্ত কৰে মন্ত্ৰী গৰাকীয়ে ৷