দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব নিৰ্বাচনী আয়োগৰ প্ৰতিনিধিৰ দল
প্ৰতিনিধিৰ দলটোৱে এই ভ্ৰমণৰ সময়ত আগন্তক অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু ৰাজ্য চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ।
ব্ৰহ্মপুত্ৰৰ গতিপথ সলনি কৰাৰ চেষ্টা কৰিছে চীনেঃ উপেন্দ্ৰ প্ৰসাদ সিং
বিশেষকৈ চীনত নিৰ্মাণ হোৱা বৃহৎ নদীবান্ধৰ খবৰ ভাৰত চৰকাৰে লাভ কৰা বুলি প্ৰকাশ কৰি অসমত সৃষ্টি হোৱা বান পৰিস্থিতি আৰু গৰা খহনীয়া নিয়ন্ত্ৰণৰ বাবে চিন্তা চৰ্চা কৰাৰ কথা প্ৰকাশ কৰিছে উপেন্দ্ৰ প্ৰসাদ সিঙে ।
সোমবাৰে শিলচৰলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেওবাৰে উপস্থিত হ’ব শিলচৰত ৷ সোণোৱালে উধাৰবন্দ, ধলাই আৰু জয়পুৰ থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰিব ৷ কাছাৰৰ আৰক্ষী অধীক্ষক বিএল মিনাই প্ৰকাশ কৰা অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে উদ্বোধন কৰিব উধাৰবন্দ থানাৰ নৱনিৰ্মিত ভৱন ৷ ইয়াৰ পিছতে ভাৰ্চুৱেল সম্বোধন কৰি সোণোৱালে উদ্বোধন কৰিব আন কেইখন থানাৰ নৱনিৰ্মিত ভৱনসমূহ ৷ থানাসমূহৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷
শিৱসাগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
শনিবাৰে নিশা শিৱসাগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মাৰুতি চুজুকী আৰু টাটা নেন’ৰ মাজত মুখামুখি সংঘৰ্ষ ৷
ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ বাঁহগছ ৰোপন কাৰ্যসূচী
শনিবাৰে ভাৰত-ম্যানমাৰ সীমান্তৰ গোপা, নিমবাংঙ, কৌলবেম, নিউ ভাইখাওতলাং নাহলান আৰু জখাওছাঙত বাঁহগছৰ পুলি ৰোপন কৰে অসম ৰাইফলছে ৷ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলত বাঁহগছ ৰোপনৰ বাবে উৎসাহ প্ৰদানৰ লগতে সমগ্ৰ মিজোৰামতে পৰিৱেশগত সমতা স্থাপন কৰাই এই অভিযানৰ লক্ষ্য ৷