ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক মনোজ গগৈৰ বিৰুদ্ধে গোচৰ
37 নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আগচি ধৰি ভয়-ভাবুকি প্ৰদান কৰাৰ লগতে অশ্লীল গালি-গালাজ কৰাৰ অভিযোগত নেতাগৰাকীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ ৷ ঘটনা সন্দৰ্ভত নিশাই নেতাজনক আটক কৰে গৌৰীসাগৰ আৰক্ষীয়ে ৷
বিজেপিক প্ৰতিহত কৰিবলৈ মাজুলীত কংগ্ৰেছৰ কৰ্মশালা সভাৰ আয়োজন
মাজুলীত কংগ্ৰেছৰ কৰ্মশালা সভা অনুষ্ঠিত ৷ 2021ৰ নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ এই সভাৰ আয়োজন ৷ লগতে, শাসকীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কংগ্ৰেছৰ ৷
বঙালী সংগঠনৰ সভাস্থলীত উৰিল আলফা (স্বা)ৰ পতাকা
ঢেকীয়াজুলিৰ আকাশত উৰিল আলফা (স্বা) ৰ পতাকা ৷ ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে আয়োজন কৰিছিল অভিৱৰ্তন ৷ য'ত জন্ম লাভ কৰে এটা নতুন দল ভাৰতীয় গণ পৰিষদে ৷ কিন্তু আশ্বৰ্যজনকভাৱে সভাস্থলীতে উৰি আছিল আলফা (স্বা) ৰ পতাকা খন ৷
ৰাইজৰ দলৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য সত্যৰঞ্জন বৰাৰ
"ৰাইজৰ দলে ৰাজনীতিৰ নামত মাতৃক বিক্রী কৰিবলৈও কুণ্ঠাবোধ নকৰে ৷" দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই ৷
সমাগত নিৰ্বাচন বিজেপিৰ বাবে হ’ব সভ্যতা-সংস্কৃতি ৰক্ষাৰ নিৰ্বাচন : হিমন্ত বিশ্ব
ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত দেওবাৰে অনুষ্ঠিত হোৱা বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সামৰণি সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাৰী সবলীকৰণৰ লগতে সমাগত নিৰ্বাচন সন্দৰ্ভত মন্তব্য আগবঢ়ায় ৷