Protest in Morigaon; তিৱাৰ দাবী পূৰণ নহ’লে জ্বলিব মধ্য অসম; তিৱা সংগঠনৰ হুংকাৰ
ইংৰাজী নৱবৰ্ষৰ দ্বিতীয় দিনাই মৰিগাঁৱত প্ৰতিবাদ বহিল জিলাখনৰ কেবাটাও তিৱা সংগঠন (Tiwa organisation protest in Morigaon) ৷
Web Portel Reporter Detained: যুৱতীৰ শ্লীলতা হানিৰ অভিযোগত তেজপুৰত আটক দুজন সাংবাদিকক
এগৰাকী যুৱতীক শাৰীৰিকভাৱে অপদস্থ কৰি আটক হ’ল কলিয়াবৰৰ দুই ৱেব পৰ্টেলৰ সাংবাদিক (Web Portel Reporter Detained) ৷ তেজপুৰ আৰক্ষীয়ে আটক কৰিলে সুৰাৰ ৰাগীত মাতাল হৈ উদ্ভণ্ডালি কৰা অনুপ বৰা আৰু বিমান বৰুৱা নামৰ কলিয়াবৰৰ দুই তথাকথিত সাংবাদিকক ৷ পূৰ্বেও ধনদাবীৰ কৰি বাতৰিৰ শিৰোনাম হৈছিল এই দুই ভণ্ড সাংবাদিক ৷
SC Verdict on Demonetisation: কেন্দ্ৰৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তক ন্যায্যতা প্ৰদান সৰ্বোচ্চ ন্যায়ালয়ৰ
নৰেন্দ্ৰ মোদী চৰকাৰৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তক ন্যায্যতা প্ৰদান কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে । উচ্চ মূল্যৰ নোট বাতিল কৰাৰ বাবে কেন্দ্ৰৰ 2016 চনৰ অধিসূচনাক সমৰ্থন ছুপ্ৰিম কোৰ্টৰ । 4:1 সংখ্যাগৰিষ্ঠতাৰে দেশৰ শীৰ্ষ আদালতৰ মজিয়াত লোৱা সিদ্ধান্তত জনোৱা হয় যে, কেন্দ্ৰই লোৱা সিদ্ধান্ত ভুল নাছিল (SC upholds Centres 2016 decision on Demonetisation) ।
Raghav Movie Shooting : ৰামোজী ফিল্ম চিটিত দৃশ্যগ্ৰহণ সম্পন্ন যতীন বৰাৰ নতুন ছবি ৰাঘৱৰ
প্ৰথমবাৰৰ বাবে এছিয়াৰ সৰ্ববৃহৎ ফিল্ম চিটি ৰামোজী ফিল্ম চিটিত অসমীয়া ছবিৰ দৃশ্যগ্ৰহণ (Jatin Bora upcoming movie Raghav)৷ যতীন বৰাৰ আহিবলগীয়া ছবি ৰাঘৱৰ দৃশ্যগ্ৰহণ সম্পন্ন হ’ল হায়দৰাবাদস্থিত ফিল্ম চিটিখনত (Ramoji Film City)৷
Body Found at Khumtai : এসপ্তাহৰ অন্তত উদ্ধাৰ হ’ল খুমটাই বাগিচাৰ বাবা মালৰ মৃতদেহ
অৱশেষত সাত দিনৰ অন্তত উদ্ধাৰ হ’ল খুমটাই চাহ বাগিচাৰ বাবা মালৰ মৃতদেহ ৷ সোমবাৰে মৰাণহাট থানাৰ অন্তৰ্গত খুমটাই চাহ বাগিচাৰ (Khumtai tea estate) পথাৰ লাইনত থকা এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰা হয় যুৱকজনৰ মৃতদেহ (Body Found at Khumtai) ৷