বিষয় PSO: কেবিনেটে ল’ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত
কোন কোন ৰাজনৈতিক নেতা-পালিনেতা, শীৰ্ষ চৰকাৰী বিষয়া আদিৰ থাকিব চৰকাৰী ব্যক্তিগত নিৰাপত্তাৰক্ষী অৰ্থাৎ PSO ? সেই সন্দৰ্ভত নতুন বছৰটোৰ প্ৰথমখন কেবিনেট বৈঠকত লোৱা হ’ব সিদ্ধান্ত (Cabinet to take important decision on PSO)৷ এই বিষয়ে ইতিমধ্যে গৃহ বিভাগে প্ৰস্তুত কৰিছে ৰূপৰেখা ৷
Covid-19 in JNV: তিতাবৰৰ জৱাহৰ নবোদয় বিদ্যালয়ত ক’ৰণাতংক
তিতাবৰ জৱাহৰ নবোদয় বিদ্যালয়ত বুধবাৰৰ দিনটোত ১২ জনৰ দেহত ধৰা পৰিছে কভিড-19ৰ অৱস্থিতি । বিদ্যালয়খনৰ 246 জনক ৰেপিদ এন্টিজেন টেষ্ট কৰাৰ পিছত 9 গৰাকী শিক্ষাৰ্থী আৰু 3 গৰাকী কৰ্মচাৰীৰ দেহত কভিড-19ৰ অৱস্থিতি ধৰা পৰে ৷
Mahendra Mohan Choudhury Hospital: বন্ধ হ’ব মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় !
নতুন বছৰৰ প্ৰথমটো দিনতেই বন্ধ হৈ পৰিব গুৱাহাটীৰ আগশাৰীৰ চিকিৎসালয় মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় (Mahendra Mohan Choudhury Hospital to shut down) ৷ চিকিৎসালয়খন উন্নীতকৰণ বাবে বন্ধ হোৱা সময়চোৱাত যাতে ৰোগীৰ সমস্যা নহয় তাৰ বাবেও ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷
বকো-ছয়গাঁও কংগ্ৰেছ শূন্য হ'ব নেকি !
পুনৰ কংগ্ৰেছত খহনীয়া ৷ এইবাৰ ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে দল ত্যাগ কৰাৰ চৰ্চা চলিছে (Rekibuddin Ahmed to quit Congress party)। বকোৰ বিধায়িকা নন্দিতা দাসৰ নামো চৰ্চাত আছে । অগপত যোগদান সম্ভাৱনা আছে দুয়োগৰাকী বিধায়কৰ ।
Omicron ভেৰিয়েণ্টে Deltaৰ প্ৰভাৱৰ পৰা বিশ্ববাসীক সকাহ দিয়াৰ সম্ভাৱনা প্ৰকট কৰিলে বিশেষজ্ঞই
বিশ্বৰ ১০০ খনতকৈও অধিক দেশত বৰ্তমান ক'ভিডৰ ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণ আৰম্ভ হৈছে । স্বাস্থ্য বিশেষজ্ঞৰ মতে, অ'মিক্ৰণ অধিক সংক্ৰামক কিন্তু মাৰত্মক নহয়(Highly transmissible Omicron variant of COVID) । আনহাতে, ডেল্টা ভেৰিয়েণ্ট অ'মিক্ৰণতকৈ অধিক মাৰাত্মক ।