বৰঝাৰ বিমান বন্দৰ: শিৱসাগৰত আদানীৰ নিৰ্দেশনাক সমালোচনা
বৰঝাৰত আদানী গ্ৰুপৰ অধীনস্থ কোম্পানীয়ে জাৰি কৰা নিৰ্দেশনাৰ পাছতে জাঙুৰ খাই উঠিছে শিৱসাগৰৰ দল সংগঠন । শিৱসাগৰৰ বিভিন্ন দল সংগঠনৰ নেতৃত্বই 'প্ৰণাম' নামৰ প্ৰতিষ্ঠানটোৰ জৰিয়তে বিমান বন্দৰত কৰ্মৰত মহিলা যুৱতী কৰ্মচাৰীৰ বাবে তালিবানী নিৰ্দেশ জাৰি কৰা হৈছে বুলি মন্তব্য কৰে ।
গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ বিজেপিৰ প্ৰবীণ নেতা সুব্ৰমণিয়ম স্বামী
কংগ্ৰেছৰ শাসনকালত সুব্ৰমণিয়ম স্বামীৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ । পুৰণি গোচৰৰ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত স্বামীয়ে নিজেই তৰিছিল আন এক গোচৰ ।
সীমান্তত তৎপৰ হৈছে চীনৰ PLA সৈন্য: হাত সাবটি বহি থকা নাই নতুন দিল্লীও
আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ এক প্ৰতিবেদনত প্ৰকাশিত তথ্যত উন্মোচিত হ'ল চীনৰ আগ্ৰাসী মনোভাৱ ৷ চীনৰ PLA সৈন্য বাহিনীৰ পূৰ্বতকৈ অধিক তৎপৰতাৰ প্ৰতি লক্ষ্য ৰাখি সীমান্তক লৈ তৎপৰ হৈছে নতুন দিল্লীও । এই সম্পৰ্কত চাওঁ আহক আমাৰ এক গ্ৰাউণ্ড জিৰ’ প্ৰতিবেদন ৷
নতুন পাঁচগৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱালে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে 11 নৱেম্বৰৰ দিনৰ 11 বজাত বিধানসভাৰ মজিয়াত নৱনিৰ্বাচিত পাঁচগৰাকী বিধায়কক পাঠ কৰায় শপত বাক্য । পাঁচটা বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ক্ৰমে গোসাঁইগাঁৱৰ জিৰণ বসুমতাৰী (ইউ পি পি এল), ভৱানীপুৰৰ ফণীধৰ তালুকদাৰ (বিজেপি), তামুলপুৰৰ জনেল দৈমাৰী (ইউ পি পি এল), মৰিয়নিৰ ৰূপজ্যোতি কুর্মী (বিজেপি) আৰু থাওৰাৰ সুশান্ত বৰগোঁহায়ে (বিজেপি) আজি বিধায়ক হিচাপে শপত গ্ৰহণ কৰে ।
গুজৰাটৰ পৰা অসমলৈ অনা হ'ব ২০০০ গিৰ গাই
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গিৰ গাই অনাৰ ব্যৱস্থা গ্ৰহণৰ বাবে গুজৰাটত উপস্থিত বিধায়ক তথা গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ নেতৃত্বত এটা প্ৰতিনিধি দল ৷ শেহতীয়াকৈ অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ মাজত হোৱা এক আলোচনাত গুজৰাটৰ পৰা অসমলৈ ২০০০ গিৰ গাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।