অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি...

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 7PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Oct 23, 2021, 7:01 PM IST

নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে নেকি মুখ্যমন্ত্রীয়ে ?

প্ৰদেশ কংগ্ৰেছৰ এটা সজাতি দলে আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েক সাক্ষাৎ কৰি প্ৰদান কৰিলে স্মাৰক পত্র । নিৰ্বাচনী বিধি উলংঘা কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী ।

সুস্থিৰ অৱস্থাত আছে ৰাজ্যৰ বিত্তীয় ব্যৱস্থা : অজন্ত নেওগ

সুস্থিৰ ৰাজ্যৰ বিত্তীয় ব্যৱস্থা ৷ বাজেট অনুসৰি আঁচনি ৰূপায়নৰ কামত হোৱা নাই কোনো বিসংগতি ৷ শনিবাৰে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি বিত্তমন্ত্ৰী অজন্ত নেওগে কয়, মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ, কৰ্মচাৰীৰ ১১% DA প্ৰদান আদি বহু বিত্তীয় ফাইলৰ অনুমোদন হৈ আছে ৷

অসমত অপ্ৰাসংগিত হৈ পৰিছে কংগ্ৰেছ : জয়ন্তমল্ল বৰুৱা

জনসমৰ্থন হেৰুৱাইছে অসম প্ৰদেশ কংগ্ৰেছে ৷ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা বুলি কংগ্ৰেছে কৰা অভিযোগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাই কয়, গৰুখুঁটিৰ ঘটনাক লৈ কংগ্ৰেছে যিধৰণে স্থিতি গ্ৰহণ কৰিলে, তাৰ পাচৰে পৰা অসমত অপ্ৰাসংগিক হৈ পৰিছে কংগ্ৰেছ ৷

মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ ফেৰী

মাজুলীৰ ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ অঘটন ৷ যান্ত্ৰিক বিজুতিৰ ফলত নৈৰ বুকুত আৱদ্ধ এম ভি লোহিত নামৰ যাত্ৰীবাহী ফেৰীখন ৷

সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আমছু

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পক্ষপাতী আখ্যা দিলে গোলাঘাট জিলাৰ আমছুৱে ৷ ইয়াৰ লগতে হজৰত মহম্মদক লৈ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰা উগ্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাকো আইনী যুঁজৰ বাবে সাজো থাকিবলৈ আহ্বান জনালে আমছুৱে ৷

নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্য: সংস্থাপনৰ আশাত পঞ্জীয়নভুক্ত ২০ লাখ নিবনুৱা

ক’ভিডকালীন পৰিস্থিতিয়ে ৰাজ্যৰ নিবনুৱা সমস্যাক আৰু অধিক ভয়াৱহ অৱস্থালৈ ঠেলি দিছে । চৰকাৰৰ হিতাধিকাৰীমূলক আঁচনিৰ চমকৰ মাজত নিযুক্তি তথা সংস্থাপনৰ পৰা বঞ্চিত ৰাজ্যৰ বিশ লক্ষাধিক নিবনুৱা ।

ৰঙিয়াত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ অভিযন্তা

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল অভিযন্তা ৷ লোক নিৰ্মাণ বিভাগৰ দীপক মজুমদাৰ নামৰ অভিযন্তাগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছিল অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ ৷

জি-২০ৰ সন্মিলনৰ বাবে ৰোমলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মোডী

চলিত মাহৰ শেষৰফালে জি-২০(G-20)ৰ সন্মিলনৰ বাবে ইটালীৰ ৰোমলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi) । ইয়াৰ পাচত ৩১ অক্টোবৰত ইংলেণ্ডৰ গ্লাছগোত জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

ছিৰিয়াত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক : আল কায়দাৰ শীৰ্ষ নেতা নিহত

পুনৰ আল কায়দা(Al-Qaeda)ৰ নেতাক আক্ৰমণৰ লক্ষ্য কৰি কৰি ল'লে আমেৰিকা যুক্তৰাষ্ট্ৰ(US)ৰ সামৰিক বাহিনীয়ে । ড্ৰোণ আক্ৰমণৰ পিছত এইবাৰ ছিৰিয়াত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক(Airstrike) ।

অস্কাৰ লাভৰ যুঁজত ভাৰতৰ প্ৰৱেশৰ বাবে বাছনি প্ৰক্ৰিয়া : শীৰ্ষত শ্বেৰণী, চৰ্দাৰ উধম

অস্কাৰৰ মনোনয়ন লাভৰ প্ৰতিযোগিতাত কোনখন ছবিয়ে প্ৰতিনিধিত্ব কৰিব ভাৰতক ? ১৪ জনীয়া বিচাৰকৰ পেনেলে ইতিমধ্যে আৰম্ভ কৰিছে বাছনি প্ৰক্ৰিয়া । এতিয়ালৈকে বাছনি কৰি উলিওৱা তালিকাৰ শীৰ্ষত আছে "শ্বেৰণী"(Sherni), "চৰ্দাৰ উধম"(Sardar Udham) ।

ABOUT THE AUTHOR

...view details