1. নৱেম্বৰৰ পৰা আৰম্ভ হ’ব মাজুলীৰ দলং নিৰ্মাণৰ কাম !
বুধবাৰে সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ বৃহস্পতিবাৰে নিমাতীঘাটত উপস্থিত হয় উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীয়ে এই শোকাৱহ দুৰ্ঘটনাৰ বুজ লৈ ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষী চকীত এটা ফৌজদাৰী গোচৰ ৰুজু কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে, যোৰহাট-মাজুলীৰ মাজত এটা ইঞ্জিনযুক্ত ফেৰী চলাচল বৃহস্পতিবাৰৰ পৰা বন্ধ ঘোষণা কৰে ৷
2. মাজুলীত ছাত্ৰৰ প্ৰতিবাদ সম্পৰ্কে মন্ত্ৰী বিমল বৰাৰ মন্তব্য
নিমাতীঘাটৰ ঘটনাৰ পৰিণতিত বৃহস্পতিবাৰে মাজুলীৰ জিলা সদৰ গড়মূৰত প্ৰতিবাদত লিপ্ত হৈছিল আছু, মাজুলীৰ ৰাইজ আৰু মাজুলীৰ মহাবিদ্যালয় সমূহৰ ছাত্ৰ সমাজ ৷ এই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদকাৰীৰ ওপৰত লাঠী চালনা কৰে আৰক্ষীয়ে ৷ অৱশ্যে, প্ৰতিবাদকাৰী সকলৰ সৈতে মাটিত বহি আলোচনাত মিলিত হোৱা দেখা গ’ল মন্ত্ৰী বিমল বৰাক ৷
3. নিমাতীঘাট ট্ৰেজেডিৰ পুনৰাবৃত্তি ঘটিব পাৰে লখিমপুৰত !
সমগ্র ৰাজ্যকে কঁপাই যোৱা নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পুনৰাবৃত্তি ঘটিব পাৰে লখিমপুৰতো । ইতিমধ্যে এনে সংশয়ে গা কৰি উঠিছে জিলাখনত ।
4. নিমাতীঘাটৰ ট্ৰেজেডি : সহযাত্ৰীৰ প্ৰাণ বচাবলৈ গৈ সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰা
মাজুলী-নিমাতীঘাটৰ শোকাবহ নাও দুৰ্ঘটনাত নাওবৈচাৰ ৰামপুৰ মাধৱপুৰৰ ইন্দ্ৰেশ্বৰ বৰা সন্ধানহীন ৷ পত্নীক উদ্ধাৰ কৰি আন যাত্ৰীক উদ্ধাৰ বাবে যাওঁতেই সন্ধানহীন হ’ল ইন্দ্ৰেশ্বৰ বৰা ৷
5. নিমাতীঘাটৰ ঘটনাৰ বাবে জলপৰিবহণ বিভাগৰ লগতে যাত্ৰীৰো ভুল আছে : অতুল বৰা
নিমাতীঘাটত সংঘটিত ঘটনাৰ বাবে জলপৰিবহণ বিভাগৰ সমানেই যাত্ৰীৰো ভুল আছে বুলি মন্তব্য বিজেপিৰ বিধায়ক অতুল বৰাৰ ৷ যাত্ৰীসকলে নাৱেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হওতে সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন বুলি মন্তব্য বিধায়কগৰাকীৰ ৷ যোৰহাট-মাজুলী সংযোগী দলঙখন নিৰ্মাণ কৰাত চৰকাৰে পলম নকৰা হ’লে এনে ধৰণৰ ঘটনা নহ'লহেতেন বুলিও মত পোষণ কৰিছে বৰাই ৷