কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে আক্ৰাছুৰ কলা পতাকা উৰুৱাই প্ৰতিবাদ
পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে দীৰ্ঘদিনৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আক্ৰাছুৱে ৷ 1949 চনৰ 28 আগষ্টতে স্বাক্ষৰিত চুক্তি আজিকোপতি ৰূপায়ন নকৰাৰ অভিযোগ উত্থাপন কৰিছে আক্ৰাছুৱে ৷ অতি শীঘ্ৰে কমতাপুৰক ৰাজ্যৰ মৰ্যদা প্ৰদান কৰিবলৈ দাবী জনাইছে ৷ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ৷
কেলেংকাৰীত জড়িতৰ প্ৰমাণ দিলে দ'লমুখত আঠু ল'ব শৃংখল চলিহাই
চিতু বৰুৱাৰ অভিযোগৰ প্ৰত্যুত্তৰ দিলে সাংগঠনিত সম্পাদক শৃংখল চলিহাই ৷ চিতু বৰুৱাই উত্থাপন কৰা অভিযোগক ভিত্তিহীন আখ্যা দি শৃংখল চলিহাই কয়, তেওঁৰ বিৰুদ্ধে ডাম্পাৰ কেলেংকাৰী সংঘটিত কৰাৰ যি অভিযোগ উত্থাপন কৰা হৈছে, সেই অভিযোগ তথ্য সহকাৰে প্ৰমাণ কৰি দেখুৱাক ৷
জনা-নজনা : পুতলাৰ উপত্যকা হিচাপে পৰিচিত মনোমোহা এখন গাঁও
দুয়োফালে বাগিচা, বাগিচাৰ দুয়োফালে বিভিন্ন ভংগীমাত বহুতো লোক আছে । কিছুমান বহি আছে, কিছুমান আকৌ থিয় হৈ আছে । চেক-চাৰ্ট, ঢিলা পেণ্ট, হেড কেপ । সকলোৱে যেন আপোনাক চাই আছে । কিন্তু কাৰো সৈতে কথা পতাৰ কোনো উপায় নাই ।
দিশপুৰত প্ৰমোদ বড়ো: পুনৰ হাগ্ৰামাৰ দখললৈ বড়োভূমি !
পুনৰ সলনি হ’ব পাৰে বড়োভূমিৰ ৰাজনৈতিক সমীকৰণ ৷ প্ৰমোদ বড়োক দিছপুৰলৈ নি হাগ্ৰামা মহিলাৰীক পুনৰ ত বি টি আৰৰ মুখ্য কাৰ্যবাহীৰ আসনত বহুওৱাৰ ৰণনীতি কৰিছে নেকি বিজেপিয়ে ? এই সম্পৰ্কত সবিশেষ জানো আহক ৷
অখিল গগৈৰ বাবে কংগ্ৰেছৰ দুৱাৰ সদায় খোলা আছে: জাকিৰ হুছেইন শিকদাৰ
ৰাজ্যত আগন্তুক উপ-নিৰ্বাচনৰ সৰ্ন্দভত শীঘ্ৰে কংগ্ৰেছ দলে বৈঠকত বহি সিদ্ধান্ত গ্ৰহণ কৰিব ৷ ৰাইজৰ দলৰ বাবে কংগ্ৰেছৰ দুৱাৰ সদায় খোলা আছে ৷ কিন্তু অখিল গগৈয়ে যে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব তাত সন্দেহ আছে ৷ এই কথা বৰপেটাত সদৰি কৰিছে কংগ্ৰেছে কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ৷