মুখ্যমন্ত্ৰীৰ পাচতে ধলপুৰলৈ মন্ত্ৰী বিধায়কৰ সোঁত
সোমবাৰে ছিপাঝাৰৰ ধলপুৰ চৰ অঞ্চলৰ 77,420 বিঘা ভূমি পৰিদৰ্শন কৰে কেবিনেট মনোনীত সমিতিয়ে ৷ কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ছিপাঝাৰ সমষ্টিৰ ধলপুৰ পৰিদৰ্শন কৰাৰ পাচতে চৰ অঞ্চলৰ 77,420 বিঘা বেদখলকৃত ভূমি বেদখলমুক্ত কৰি কৃষিকাৰ্যৰ বাবে আঁচনিৰ পৰিকল্পনা কৰিছিল ৷
অৱশেষত জামিন লাভ দেবাংগনা কলিতাৰ
CAA আন্দোলনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত দেবাংগনা কলিতা, আচিফ ইকবাল তানহা আৰু নাটাশা নৰৱালে লাভ কৰে জামিন ৷ মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ত হোৱা শুনানিত ন্যায়ালয়ে জামিন প্ৰদান কৰে তিনিওকে ৷ ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুল আৰু ন্যায়াধীশ অজয় জয়ৰাম ভাংবানীৰ বিচাৰপীঠে তিনিওকে নিয়মিত জামিন প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷
আগন্তুক 22 জুনলৈ নতুন ক’ভিড নীতি ঘোষণা ৰাজ্য চৰকাৰৰ
ক’ভিড (Covid)ৰ নতুন নীতি-নিৰ্দেশনা সন্দৰ্ভত কেইটামান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ 22 জুন পৰ্যন্ত ৰাজ্য়ত বাহাল থাকিব এই নীতি ৷ এক সংবাদমেলযোগে এই কথা ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷
শিক্ষকৰ পদ প্ৰাদেশিকীকৰণৰ নামত বৃহৎ জালিয়াতিৰ অভিযোগ
নিদিৰ্ষ্ট জিলাৰ শিক্ষা বিভাগৰ নিৰ্দেশনাক ভৰিৰে মোহাৰি ৰাজ্যৰ বিভিন্ন জিলাত অধিকাংশ বিদ্যালয়তে হিন্দী বিষয়ৰ শিক্ষকৰ পদটো প্ৰাদেশিকীকৰণ (provincialization)কৰা হৈছে যাৰ ফলত উপযুক্ত তথা বহু জ্যেষ্ঠ শিক্ষক নিযুক্তিৰ পৰা বাদ পৰিবলীয়া হৈছে ।
ডিফু চিকিৎসা মহাবিদ্যালয়ত ২১ খন নতুন আইচিইউ বিচনা মুকলি
সোমবাৰে কাৰ্বি আংলঙৰ ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Diphu Medical College Hospital)ৰ ২১ খন নতুন ক'ভিড আই চি ইউ বিচনা ( Covid ICU Bed) মুকলি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta)ই । মন্ত্ৰীগৰাকীয়ে নিশা কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদ আৰু জিলা প্ৰশাসনৰ সৈতে জিলাখনৰ ক'ভিড (Covid 19)পৰিস্থিতি সন্দৰ্ভত পৰিষদ সচিবালয়ত এক বৈঠকতো মিলিত হয় ।