অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি - শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 at 7pm
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : May 22, 2021, 7:05 PM IST

ৰিতুল শইকীয়াৰ বাস গৃহত আনন্দৰ বন্যা

ৰিতুল শইকীয়াৰ বাস গৃহত আনন্দৰ বন্যা ৷ সদ্য মুক্তিপ্ৰাপ্ত ৰিতুল শইকীয়া অসম পোৱাৰ লগে লগেই আনন্দত বিহ নাচিলে ৰিতুল শইকীয়াৰ আত্মীয়ই ৷

মঙলদৈত উপস্থিত হোৱা স্বাস্থ্যমন্ত্ৰীৰ কিয় উঠিল খং ?

মঙলদৈ অসামৰিক চিকিৎসালয়ত শনিবাৰে আকস্মিক পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ চিকিৎসালয়খনত ক’ভিড কেয়াৰ চেন্টাৰ আৰু নিৰ্মীয়মান আইচিইউ পৰিদৰ্শন কৰি ক্ষোভিত হৈ পৰে মন্ত্ৰীগৰাকী ৷ এবছৰে আইচিইউৰ কাম সম্পূৰ্ণ হৈ নুঠাত দায়িত্বত থকা বিভাগীয় লোকক সপ্তাহটোৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷

শিৱসাগৰত উদ্ধাৰ অচিনাক্ত নৰকংকাল

শনিবাৰে এটা অচিনাক্ত নৰকংকাল উদ্ধাৰকলৈ চাঞ্চল্যৰ সৃষ্টি হয় শিৱসাগৰত ৷ নগৰখনৰ সমীপৰ বনিয়াবাৰীৰ দেউলিয়াখাটত উদ্ধাৰ কৰা বৰ্তমানেও অচিনাক্ত নৰকংকালটো ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

14 বছৰে সন্তানহীন ক’ভিড ৰোগীয়ে জন্ম দিলে যমজ সন্তান

কাল কৰ’ণাৰ আতংকৰ মাজতে আহিছে এটা ভাল খবৰ । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত কৰ'ণাত আক্ৰান্ত এগৰাকী মহিলাই জন্ম দিলে দুটি যমজ সন্তান । বৰ্তমান দুয়োটি সন্তান সুস্থ অৱস্থাত থকাৰ লগতে ক’ভিড নিগেটিভ আহিছে শিশুদুটিৰ ক’ভিড পৰীক্ষাৰ ফলাফল ৷

ক'ভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা

ক'ভিড পৰিস্থিতি উন্নত হ’লেই ১৫ দিনৰ ভিতৰতেই অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা । ইয়াৰ বাবে সাজু আছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সন্দৰ্ভত ছেবা কৰ্তৃপক্ষৰে আছু নেতৃত্বৰ বৈঠক ।

কৰ’ণাত আক্ৰন্ত হৈ বিশিষ্ট চিকিৎসক ডাঃ দিলীপ কুমাৰ পাটগিৰিৰ মৃত্যু

কৰ’ণাৰ দ্বিতীয়টো ঢৌৱে ৰাজ্যত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তেই এজন চিকিৎসকৰ প্ৰাণ লোৱাৰ ঘটনাই ডিব্ৰুগড়ত শোকৰ ছাঁ পৰিছে ৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ তথা বিশিষ্ট চিকিৎসক ডাঃ দিলীপ কুমাৰ পাটগিৰিৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হয় ।

অসমলৈ গৌৰৱ কঢ়িয়ালে ড৹ জুবিলী পুৰকায়স্থই

এন্টি-ক'ভিড ড্ৰাগ '2-DG' ৰ বিকাশ প্ৰক্ৰিয়াত জড়িত অসমৰ জীয়ৰী ড৹ জুবিলী পুৰকায়স্থ ৷ কৰিমগঞ্জ জিলাৰ মহিশাসনৰ বাসিন্দা ড৹ জুবিলী পুৰকায়স্থৰ এই অৰিহনাত গৌৰাম্বিত সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসী ৷ '2-DG' ৰ বিকাশ প্ৰক্ৰিয়াত জড়িত ডিআৰডিঅ'ৰ দলৰ সৈতে পোনপটীয়াভাৱে সংযুক্ত হৈ আছিল অসম জীয়ৰী ড৹ জুবিলী পুৰকায়স্থ ৷

ক'ভিড-19: আক্ৰান্তৰ হাৰ কমিলেও কমা নাই মৃত্যুৰ হাৰ

অসমত ক'ভিডত আক্ৰান্তৰ হাৰ প্ৰায় ১০ শতাংশ পৰা ৫.৮৮ শতাংশলৈ হ্ৰাস ৷ মৃত্যৰ হাৰ ০.৫০ শতাংশৰ পৰা ০.৭২ শতাংশলৈ বৃদ্ধি ৷ আৰোগ্যৰ হাৰ ৮৪.২২ শতাংশ ৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ১,০৩,১৫৮ গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন ৷ ইয়াৰে ৬,০৬৬ গৰাকীৰ দেহত ধৰা পৰিছে ক'ভিডৰ উপস্থিতি ৷

ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ বাসগৃহত গুলীচালনা দুৰ্বৃত্তৰ

ক'ভিড সৃষ্ট পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে চলি থকা সান্ধ্য আইনৰ মাজতে তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ পাটকিজুলীৰ কালাঝাৰ গাঁৱত শুকুৰবাৰে নিশা সংঘটিত হয় এক গুলীচালনাৰ ঘটনা ৷ ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয়ৰ সম্পাদক কাডেছ মুছাহাৰীৰ বাসগৃহৰ সন্মুখত কোনো দুৰ্বৃত্তই শূন্যলৈ গুলীচালনা কৰে । যাৰ ফলত অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ ৷

পশ্চিমবংগৰ ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত পিআইএল দাখিল

পশ্চিমবংগত ৰাজ্যিক জৰুৰীকালীন অৱস্থা জাৰি কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত পাঁচজনীয়া লোকৰ এটা দলে এক ৰাজহুৱা স্বাৰ্থজনিত আবেদন (পিআইএল) দাখিল কৰিছে । এই আবেদনৰ দ্বাৰা নিৰ্বাচনী হিংসাৰ তদন্তৰ বাবে এছ আই টি গঠন কৰা হৈছে আৰু খাদ্য, আশ্ৰয়, ঔষধ আদি প্ৰদান কৰি কেন্দ্ৰীয় বাহিনীৰ নিৰীক্ষণত থকা হেল্পলাইন নম্বৰ মুকলি কৰি লোকসকলক তাৎক্ষণিক সকাহ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এই আবেদনে কেন্দ্ৰক এক তদন্ত আয়োগ গঠন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ।

ABOUT THE AUTHOR

...view details