প্ৰাণৰ উৎসৱ লৃগাংঙক লৈ পাৰভঙা উছাহ জোনাইত
আজি মিচিং জনগোষ্ঠীৰ প্ৰাণৰ উৎসৱ আলি-আয়ে-লৃগাং ৷ ফাগুনৰ প্ৰথমটো বুধবাৰত পালন কৰে লৃগাং ৷ লৃগাংক লৈ পাৰভঙা উছাহ ধেমাজি জিলাৰ জোনাইত ৷
আজমলক হিটলাৰ আখ্যা দি এআইইউডিএফ ত্যাগ কৰিলে আলী হুছেইনে
সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক ড৹ আলী হুছেইনে ত্যাগ কৰিলে এআইইউডিএফ ৷ এআইইউডিএফ ত্যাগৰ সন্দৰ্ভত সাংবাদিক সম্বোধন কৰি ড৹ আলী হুছেইনে কয়, গণতন্ত্ৰবিহীন এআইইউডিএফ দল ৷ এআইইউডিএফ দলত আজমলৰ কথাই আইন ৷ দলৰ সংবিধানৰ নামানে আজমলে ৷
হোজাইৰ লংকাত খাদ্য বিষক্ৰিয়াৰ ফলত 20 জনৰো অধিক অসুস্থ
হোজাই জিলাৰ লংকাত খাদ্য বিষক্ৰিয়া হৈ 20 জনৰো অধিক লোক অসুস্থ হৈ পৰিছে ৷ হোজাই জিলাৰ ৩ নং কাকী নাথ গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷
কাইলৈ প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিব ধুবুৰী-ফুলবাৰী দলঙৰ আধাৰশিলা
অসম তথা ধুবুৰীবাসীৰ সপোন বাস্তৱায়িত হোৱাৰ পথত । বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল মাধ্যমেৰে আধাৰশিলা স্থাপন কৰিব ধুবুৰী-ফুলবাৰী দলঙৰ ।
হিমন্ত বিশ্ব শৰ্মা আৰু কন্যাৰ ফটোত বিৰূপ মন্তব্য কৰি আটক যুৱতী
মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাৰ এখন ফটো সামাজিক মাধ্যম ফেচবুকত দি বিৰূপ মন্তব্য কৰি বিপদত পৰিছে শিৱসাগৰৰ এগৰাকী যুৱতী । অসম আৰক্ষীৰ চাইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ নিৰ্দেশত যুৱতীগৰাকীক আটক কৰিছে আৰক্ষীয়ে ।
কোকৰাঝাৰত উপস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত
কোকৰাঝাৰত উপস্থিত ভাস্কৰজ্যোতি মহন্ত ৷ আইন শৃংখলাজনিত পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কোকৰাঝাৰত উপস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকী ৷ বুধবাৰে কোকৰাঝাৰত উপস্থিত হৈ আৰক্ষীৰ শীৰ্ষ বিষয়া, চিআৰপিএফ, এছএছবি আৰু সেনাবাহিনীৰ উচ্চপদস্থ বিষয়া বৰ্গৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় মহন্ত ৷ আইনশৃংখলা জনিত পৰিৱেশ সুস্থিৰ কৰি ৰখাৰ প্ৰতি কঠোৰ দৃষ্টি ৰখাৰ নিৰ্দেশ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীৰ ৷
বোকাজানত বৃহৎ পৰিমানৰ হেৰ’ইন জব্দ
বোকাজানত বৃহৎ পৰিমানৰ হেৰ’ইন জব্দ ৷ দুখনকৈ ট্ৰাকৰ পৰা জব্দ কৰা হয় নিষিদ্ধ সামগ্ৰীখিনি ৷ ট্ৰাক চালকক আটক আৰক্ষীৰ ৷
ৰাহুল গ'ল, এইবাৰ আহি আছে প্ৰিয়ংকা গান্ধী
সৌ-সিদিনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শিৱসাগৰত নিৰ্বাচনী সভাত ভাগ লৈ যোৱাৰ পিছত এইবাৰ অসমলৈ দুদিনীয়া ভ্ৰমণসূচী লৈ আহিবলৈ সাজু হৈছে ভগ্নী প্ৰিয়ংকা গান্ধী । অৱশ্যে প্ৰিয়ংকা গান্ধীৰ এই ভ্ৰমণসূচী এতিয়াও ৰাজহুৱা কৰিব খোজা নাই কংগ্ৰেছ দলে ।
মাৰ্ঘেৰিটাত উপস্থিত অসম বচাও আহক দল
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সম্পদ এপদ এপদকে গুজৰাটী বণিয়াক বিক্ৰী কৰিছে । মাৰ্ঘেৰিটাৰ ক'ল ইণ্ডিয়াও গুজৰাটী বণিয়াক বিক্ৰীৰ যো-জা চলাইছে মোডীয়ে । মাৰ্ঘেৰিটাত এই ভাষ্য প্ৰদান কৰে কংগ্ৰেছ দলৰ নেতা দেৱব্রত শইকীয়াই ।
যোৰহাটৰ মিচিং সকলৰ মাজত আলি আয়ে লৃগাঙৰ উছাহ
পৰম্পৰা অনুসৰি ফাগুনৰ প্ৰথমটো বুধবাৰত পালন কৰা হয় কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাং । বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটত মিচিং জনগোষ্ঠীয় লোকসকলে পালন কৰে আলি আয়ে লৃগাং ৷ ধন-ধান, শস্যৰে পথাৰ উৰ্বৰা হোৱাৰ কামনাৰে চন্দ্ৰ, সূৰ্যৰ আৰ্শীবাদ বিচাৰি যোৰহাটৰ গড়মূৰৰ শংকৰপুৰত মিচিং কৌবাঙৰ সৌজন্যত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰিছে পবিত্ৰ কৃষি ভিত্তিক উৎসৱটি ৷