কটন বিশ্ববিদ্যালয়ত আৰম্ভ মহিলা অধ্যয়ন কেন্দ্ৰ
ৰাজ্যৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ত চলিত শিক্ষাবৰ্ষৰ পৰা আৰম্ভ কৰা হৈছে এক নতুন বিষয় ৷ স্নাতকোত্তৰ ডিপ্ল’মা পাঠ্যক্ৰমেৰে বিশ্ববিদ্যালয়খনত আৰম্ভ কৰা হৈছে এটা মহিলা অধ্যয়ন কেন্দ্ৰ ৷ 2020-21ৰ শিক্ষাবৰ্ষৰ বাবে ইতিমধ্যেই মুকলি কৰা হয় কেন্দ্ৰটো ৷
বৃহৎ সমস্যা সমাধানৰ দিশে মাজুলীঃ ধূনাগুৰি ঘাটত নিৰ্মাণ হ'ব পকী দলং
পোনপটীয়া পথ যোগাযোগ ব্যৱস্থাৰে শীঘ্ৰে উত্তৰ অসম তথা অৰুণাচল প্ৰদেশৰ সৈতে মাজুলীক সংযোজিত কৰিবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে ৷ ৰাজ্যত পথ-যোগাযোগ আন্তঃগাঠনিৰ আমূল পৰিৱৰ্তন সাধনৰ লক্ষ্যৰে অসম চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা 5000 কোটি টকীয়া 'অসম মালা' কাৰ্যসূচীৰ দ্বাৰা গ্ৰহণ কৰা হৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ 'অসম মালা' কাৰ্যসূচীৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান হিচাপে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰে মাজুলীক সংযোগ কৰাকৈ সোৱণশিৰিৰ ধূনাগুৰি ঘাটত নিৰ্মাণ কৰা হ'ব 1.4 কিলোমিটাৰ দৈৰ্ঘৰ এখন বৃহৎ পকী দলং ৷
ইতিহাস ! দেশৰ প্ৰথমটো পূৰ্ণকালীন মহিলা কোব্ৰা বেটালিয়ন মুকলি
বিশ্বৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনী কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 88 নং মহিলা বেটালিয়নৰ 35 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনটোৱে নক্সালবিৰোধী অভিযানৰ বাবে বাহিনীৰ কোব্ৰা কামাণ্ডো বেটালিয়নত সংযোজিন কৰা হয় মহিলা কামাণ্ডোৰ এটা বেটালিয়ন ৷ মহিলা ব্ৰাছ বেণ্ডৰ সৈতে একেলগে কামাণ্ডো বেটালিয়নটো কোব্ৰাৰ সৈতে সংযুক্ত কৰা হয় ৷ এতিয়াৰে পৰা পুৰুষ বেটালিয়নৰ সমানেই মহিলা কামাণ্ডোসকলে নক্সাল অধ্যুষিত অঞ্চলত নিজৰ কৰ্তব্য সমাপন কৰিব ৷
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত উজনিত কংগ্ৰেছৰ প্ৰতিবাদ
শমিবাৰে সমগ্ৰ অসমতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছে ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত নামনি অসমৰ দৰে উজনি অসমৰ সকলো প্ৰান্ততে অসম প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ জিলা কমিতিৰ পৰা মণ্ডল কংগ্ৰেছৰ কৰ্মী সকলে হাতে হাতে প্ল'কাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
ইকো-টুৰিজিম সংবৰ্ধনৰ লক্ষ্যৰে মুকলি "প্ৰজেক্ট যাযাবৰ"
ৰাজ্যৰ পৰ্যটন খণ্ডক অধিক গতিৰে আগবঢ়াই নিবলৈ ইতিমধ্যেই গ্ৰহণ কৰা হৈছে বহুটো কাৰ্যসূচী ৷ কিন্তু বৰ্তমান সময়ত পৰ্যটনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব পোৱা এটা বিষয় হৈছে ইকো-টুৰিজিম ৷ ইকো-টুৰিজিম পৰ্যটন খণ্ডত এক নতুন দিশ বুলিব পাৰি ৷ ৰাজ্যত বৰ্তমান সময়ত ইকো-টুৰিজম যেনেদৰে সম্প্ৰসাৰণ হ’ব লাগিছিল তেনেদৰে কাৰ্যক্ষম হোৱা নাই ৷