বিৰােধীয়ে যিমানেই মহাজোঁট নকৰক কিয় বিজেপিৰ কোনাে ক্ষতি নহয় : ৰণজিৎ কুমাৰ দাস
হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত বিজেপিৰ যোগদান সভা ৷ বিপিএফ, গণ সুৰক্ষা পাৰ্টীকে ধৰি বিভিন্ন দলৰ প্ৰায় 100 গৰাকী সদস্যৰ গোৰুৱা দলত যোগদান ৷ বিজেপিৰ জনকল্যাণমুখী কাম-কাজৰ প্রতি আকর্ষিত হৈ সমাজৰ বিভিন্ন স্তৰৰ ৰাইজে ভাৰতীয় জনতা পার্টিত যােগদান কৰিছে, যিটো অসমৰ কাৰণে শুভ লক্ষণ বুলি উল্লেখ কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে ৷
২০১৬ চনৰ নিৰ্বাচনত বিজেপিয়ে ব্যৱহাৰ কৰিছিল আশাকৰ্মীক !
সমাগত 21’ৰ বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনী ৰণলৈ কঁকালত টঙালি বান্ধিছে শাসক-বিৰোধী উভয় দলে ৷ তাৰ মাজতে ৰাজ্যৰ চিকিৎসাখণ্ডৰ সৈতে জড়িত আশা কৰ্মী সকলে উত্থাপন কৰিছে এক গুৰুতৰ অভিযোগ ৷ ২০১৬ চনৰ নিৰ্বাচনত বিজেপিয়ে আশাকৰ্মী সকলক ব্যৱহাৰ কৰিছিল আৰু আশাকৰ্মীক সাৰথি হিচাপে লৈ নিৰ্বাচনী বৈতৰণী পাৰ হৈছিল বুলি এক গুৰুতৰ অভিযোগ তুলিছে আশা কৰ্মী সন্থাই ।
কেনেকৈ নষ্ট হ’বলৈ পালে শিলচৰলৈ পঠোৱা 1000 ক’ভিড ভেকচিন
শিলচৰ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ চূড়ান্ত কাণ্ডজ্ঞান হীনতা ৷ নষ্ট কৰিলে 1000 ক’ভিড-19ৰ ভেকচিন ৷ প্ৰয়োজনতকৈ 10 গুণ অধিক ভেকচিন পঠিওৱা হৈছিল চিকিৎসালয় খনলৈ ৷
বুঢ়ীদিহিং মৌজাত নিষিদ্ধ হ'ব বিজেপিৰ প্ৰৱেশ !
ডুমডুমাত মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ ফিল'বাৰী আঞ্চলিক সমিতিৰ প্ৰতিবাদ ৷ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বুঢ়ীদিহিং মৌজাৰ বিভিন্ন সমস্য সমাধানৰ দাবীত সংগঠন দুটাৰ প্ৰতিবাদ ৷ বুঢ়ীদিহিং আদৰ্শ মহাবিদ্যালয় স্থাপন, কাকজান-আমগুৰি সংযোগী পথ নিৰ্মাণ, ফিল'বাৰী আদৰ্শ চিকিৎসালয়ত প্ৰয়োজনীয় চিকিৎসক, যাৱতীয় ঔষধ তথা সা-সৰঞ্জামৰ ব্যৱস্থা কৰাৰ দাবী প্ৰতিবাদকাৰীৰ ৷ সমস্যা সমাধানৰ ব্যৱস্থা নকৰিলে বুঢ়ীদিহিং মৌজাত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ ৷
বিহুৰ পূৰ্বেই অসমত নিৰ্বাচনৰ ইংগিত মুখ্য নিৰ্বাচন আয়ুক্তৰ
ৰঙালী বিহুৰ পূৰ্বেই অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা ৷ এই ইংগিত দিছে তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল'বলৈ অহা দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাই ৷ নিৰ্বাচনৰ বাবে টীম অসম সাজু বুলি চৰকাৰৰ ফালৰ পৰা আয়োগক জনোৱা হৈছে ৷ প্ৰাৰ্থীসকলে তেওঁলোকৰ বিৰুদ্ধে থকা গোচৰ সম্পৰ্কীয় তথ্য বিজ্ঞাপন যোগে ৰাজহুৱা কৰিব লাগিব বুলি মন্তব্য মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ ৷