অসম

assam

ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা খবৰ

7 বজাৰ শীৰ্ষ 10 টা খবৰ

TOP 10 AT 7PM
7 বজাৰ শীৰ্ষ 10 টা খবৰ

By

Published : Oct 15, 2020, 6:59 PM IST

মৰাণ জাতীয় বিদ্যালয়ৰ বিৰুদ্ধে অভিভাৱকৰ ক্ষোভ

বিদ্যালয় বন্ধ থকাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে অনলাইনৰ ক্লাছ সমূহো নিয়াৰিকৈ নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ অভিভাৱকে । অভিভাৱক সকলে জানিবলৈ দিয়া মতে, লক ডাউনৰ সময়ত মাচুল দিয়া পলম হ'লেও বিদ্যালয় কৰ্তৃপক্ষই ৬০ টকা জৰিমনা লোৱাৰ ব্যৱস্থা কৰিছিল ।

জনজাতিকৰণৰ দাবীৰে চিৰাঙত আছাৰ প্ৰতিবাদ

অসমৰ আদিবাসী সকলক জনজাতিকৰণৰ দাবীৰে চিৰাঙত প্ৰতিবাদ ৷ চিৰাঙৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আছাৰ প্ৰতিবাদ ৷ পাঁচদফীয়া দাবীৰে চিৰাং জিলা সমিতিৰ আদিবাসী সেংগেল অভিযান নামৰ সংগঠনটোৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত ৷

স্বয়ম্ভু সংবাদ কৰ্মীৰ বিৰুদ্ধে সৰৱ ধেমাজি প্ৰেছ ক্লাৱ

একাংশ ৱেব প'ৰ্টেলৰ স্বয়ম্ভু সংবাদ কৰ্মীৰ কামত ক্ষুণ্ণ ধেমাজি প্ৰেছ ক্লাৱ। সাংবাদিকতাৰ ক্ষেত্ৰখনক কলুষিত কৰা সংবাদ কৰ্মীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী। ধেমাজিৰ জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেছ ক্লাৱৰ।

হাথৰছ কাণ্ডঃ চিকিৎসালয়ৰ পৰা হেৰাল চিচি টিভিৰ ফুটেজ

হাথৰছ জিলা চিকিৎসালয়ৰ মুখ্য চিকিৎসা অধীক্ষক ইন্দ্ৰ বীৰ সিঙে কয় যে, যদিহে আৰক্ষীয়ে পূৰ্বতে তেওঁক এই সন্দৰ্ভত অৱগত কৰিলে হয় তেন্তে হয়তো উক্ত দিনটোৰ চিচি টিভি ফুটেজ চেভ থাকিলে হয় ৷

প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোডীৰ

টুইটাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীয়ে এক ভিডিঅ' শ্বেয়াৰ কৰাৰ লগতে কয় যে,প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামক দেশে তেওঁৰ অৱদানক কেতিয়াও নাপাহৰে ৷

সোণোৱাল চৰকাৰ এখন অদক্ষ চৰকাৰ: অসম জাতীয় পৰিষদ

নৱ গঠিত আঞ্চলিক অসম জাতীয় পৰিষদৰ যোগদান সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ দলটোৰ ৰাজ্যিক সমন্বয়ক জগদীশ ভূঞাৰ ৷ সোণোৱাল চৰকাৰক অদক্ষ চৰকাৰ আখ্যা ৰাজ্যিক সমন্বয়ক গৰাকীৰ ৷ বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত অসম জাতীয় পৰিষদে সকলো আঞ্চলিক শক্তিৰ সৈতে মিত্ৰতা কৰিব অসম জাতীয় পৰিষদে ৷

চাকৰি নিয়মীয়াকৰণৰ দাবীত এ এন এম কৰ্মীৰ সংবাদমেল

ঠিকাভিত্তিক হিচাবে নিয়োজিত এ এন এম কৰ্মীসকলৰ অভিযোগ সমাজৰ পৰিয়াল সকলৰ আৰ্থিক আৰু সামাজিক সুৰক্ষাৰ বাবে এ এন এম নাৰ্চ সকলে দীৰ্ঘ বছৰে নিষ্ঠাৰে সৈতে কাম কৰি আহিছে ৷ তাৰ বিনিময়ত চৰকাৰৰ ফালৰ পৰা মাত্ৰ অতি ন্যূনতম মাননী প্ৰদান কৰি আহিছে ৷ কিন্তু ইমান বছৰে সেৱা আগবঢ়াই অহাৰ পাছতো চৰকাৰে নতুনকৈ বিজ্ঞাপন দি পুনৰ এ এন এম নিযুক্তিৰ ব্যৱস্থা কৰিছে ৷

নগাঁৱত যুৱতীৰ আত্মহত্যাৰ চেষ্টা

নগাঁৱৰ কৃষ্ণাশ্ৰম শিৱ মন্দিৰত চাঞ্চল্য ৷ মন্দিৰৰ পাছফালে যুৱতীৰ আত্মহত্যাৰ চেষ্টা ৷ বিষাক্ত দ্ৰৱ্য খাই আত্মহত্যাৰ চেষ্টা যুৱতী গৰাকীৰ ৷

অসম সমবায় মৰাপাট কলত সংযোজিত হ’ল বিক্ৰী কেন্দ্ৰ

কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্ত ৷ শিলঘাটৰ অসম সমবায় মৰাপাট কলত মৰাপাটৰ পৰা উৎপাদিত সামগ্ৰীৰ বিক্ৰী কেন্দ্ৰ উদ্বোধন ৷ সংস্থাপিত নতুন শালত উৎপাদনৰ কামৰ শুভাৰম্ভণী ৷

মৰিগাঁৱত উন্নয়ন আঁচনিৰ ধন হৰলুকীৰ অভিযোগ

শলমাৰী গাঁৱত নিৰ্মাণ কৰা এটা পথৰ অৱস্থাই স্বৰূপ উদঙাইছে তিৱা স্বায়ত্ব শাসিত জিলাখনৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ ৷ পাঁচ লাখটকীয়া আঁচনিৰ খনৰ ১.২০ লাখ টকা ব্যয় কৰি বাকী 3.80 টকা হৰলুকী কৰাৰ অভিযোগ শলমাৰী গাঁৱৰ ৰাইজৰ । 16 নং পৰিষদীয় সমষ্টিতো একেই অভিযোগ কংগ্ৰেছী সদস্য নৰোত্তম ডেকাৰ বিৰুদ্ধে ।

ABOUT THE AUTHOR

...view details