অজিত কুমাৰ ভূঞাৰ নেতৃত্বত জাতীয় দল,অসমৰ জন্ম
জন্ম হ’ল জাতীয় দল, অসম। দলটোৰ সভাপতি হিচাপে দায়িত্ব লোৱা সাংসদ অজিত কুমাৰ ভূঞাই কয় যে জাতীয় দল, অসমে আজিৰ ৰাজনৈতিক পৰিস্থিতিত ৰাইজে বিচৰা ধৰণৰ এক শক্তিশালী প্রগতিশীল আঞ্চলিক দলৰ ভূমিকা পালন কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰিব ।
দুৰ্নীতিৰ অভিযোগত মহিলাই লণ্ড-ভণ্ড কৰিলে পঞ্চায়ত
নলবাৰীৰ ১৮ নং বালিতাৰা গাঁৱত উত্তপ্ত পৰিস্থিতি (Tense situation at Panchayat in nalbari) ৷ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ কেলেংকাৰীৰ অভিযোগত স্থানীয় মহিলাই ঘেৰাও কৰিলে পঞ্চায়ত কাৰ্যালয় (Corruption in PMAY scheme) ৷ ক্ষুব্ধ মহিলাই লণ্ড ভণ্ড কৰিলে কাৰ্যালয়টোৰ আচবাব ।
কৰম পূজাক চৰকাৰে অপমান কৰাৰ অভিযোগ কংগ্ৰেছ নেতা এতোৱা মুণ্ডাৰ
কৰম পূজাত ছুটী ল'লে উক্ত ছুটীৰ সলনি আন এদিন অতিৰিক্তভাৱে বাগিচাত কাম কৰিব লাগিব চাহ শ্ৰমিকসকলে । ইয়াৰ পাছতে আৰম্ভ হয় বাগিচাই বাগিচাই শ্ৰমিকৰ প্ৰতিবাদ (Tea workers protest against Assam Govt) । ইফালে চাহ শ্ৰমিকৰ ভোটেৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ এই হঠকাৰী নীতিক কঠোৰ সমালোচনা কৰিছে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা এতোৱা মুণ্ডাই (Atowa Munda criticized BJP Govt) ।
ৰে’লৰ টিকট বিক্ৰী কৰি জালত পৰিল দালাল
মেলেকাধিং স্থিত মৌলানা ট্ৰেভেলছ নামৰ এখন দোকানত চাপৰমুখ ৰেলৱে আৰক্ষীৰ অভিযান ৷ ভুৱা নাম ঠিকনাত ৰেলৰ টিকট বুক কৰি সেই টিকট বিক্ৰীৰ কৰিছিল অন্য লোকক ৷
নলবাৰীত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত মন্ত্ৰী অশোক সিংহাল
বুধবাৰে ৰাজ্যত হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষাত মেধাৱী ছাত্ৰ ছাত্ৰী সকলক প্ৰদান কৰা হয় আনন্দৰাম বৰুৱা বঁটা (Anundaram Barooah Cash Award) ৷ সমান্তৰালভাৱে নলবাৰীতো ৫১২ গৰাকী মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক আনন্দৰাম বৰুৱা বটা প্ৰদান কৰা হয় ৷ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অশোক সিংহাল (Ashok Singhal attends Anundoram Borooah Award ceremony) ৷