উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা আয়োজিত অসম উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত (Assam Higher Secondary first year exam postponed)৷ ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে সম্প্ৰতি পৰৱৰ্তী তাৰিখ ঘোষণা নোহোৱালৈকে স্থগিত ৰখা হৈছে এই পৰীক্ষা ৷
সংকট মোচনৰ বাবে ৰাজীৱ ভৱনত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত ৰাজীৱ ভৱনত গুৰুত্বপূৰ্ণ বৈঠক (Congress meeting at Rajiv Bhavan)। বৈঠকত দলৰ কেইবাজনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ অংশগ্ৰহণ । বৈঠকত দলৰ বিভিন্ন দিশৰ লগতে আভ্যন্তৰীণ বাদ-বিসম্বাদ সন্দৰ্ভত আলোচনা ।
বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা'
'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা ২০২২' (Parag Kumar Das journalism award ) প্ৰদান বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুক ।
প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথম 5G টেষ্টবেড
প্ৰযুক্তিৰ দিশত আৰু এখোজ আগবাঢ়িল ভাৰত । ভাৰতত মুকলি দেশৰ প্ৰথমখন 5G টেষ্টবেড (First 5G testbed launched in India)। ভাৰতীয় টেলিকম নিয়ামক প্ৰাধিকৰণৰ (TRAI) ৰূপালী জয়ন্তীত ভাগ লৈ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে এই 5G টেষ্টবেড । এতিয়াৰে পৰা দেশৰ ষ্টাৰ্টআপ আৰু অন্যান্য উদ্যোগসমূহে 5G নেটৱৰ্ক স্থাপনৰ বাবে তেওঁলোকৰ সামগ্ৰীৰ পৰীক্ষা আৰু বৈধতা সুনিশ্চিত কৰিবলৈ বিদেশলৈ যাব নালাগে ।
কোটাৰ চৰকাৰী হাস্পতালত ৰোগীৰ চকু কুটিলে নিগনিয়ে
ৰাজস্থানৰ কোটা চহৰৰ এখন চৰকাৰী হাস্পতালত আজৱ কাণ্ড । আইচিইউত ভৰ্তি হৈ থকা এগৰাকী মহিলাৰ চকু কুটিলে নিগনিয়ে (Rat bites patient in MBS Hospital at Kota)। হাস্পতাল কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাক লৈ বিভিন্ন প্ৰশ্নৰ উদয় হৈছে ।