অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি - সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 7 PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Apr 21, 2022, 7:01 PM IST

কোকৰাঝাৰলৈ নিয়া হ'ল জিগনেশ মেৱানীক; কংগ্ৰেছীৰ প্ৰতিবাদ

গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক লগত লৈ কোকৰাঝাৰত উপস্থিত আৰক্ষীৰ দল (Arrested Gujarat MLA Jignesh Mevani reaches Kokrajhar)৷ বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত ৷ এই সন্দৰ্ভত কি ক'লে জিলা কংগ্ৰেছৰ সভাপতি গৰ্জন মুছাহাৰীয়ে চাও আহক আমাৰ এক প্ৰতিবেদন ৷

ৰ‍াজনৈতিক চক্ৰান্তৰ বলি হ'ল নেকি গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানী ?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক টুইট কৰা সন্দৰ্ভত কোকৰাঝাৰত জিগনেশ মেৱানীৰ বিৰুদ্ধে দিয়া হৈছিল এজাহাৰ। এজাহাৰ দিয়াৰ এদিন পাছতে গ্ৰেপ্তাৰ কৰি অসমলৈ অনা হ'ল বিধায়ক মেৱানীক। এই সন্দৰ্ভত কি ক'লে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে (advocate Nekibur Jaman on Jignesh Mevani's arrest)।

স্বাৱলম্বিতাৰ বাব মুৰ্গীপালন : আকৌ বাধা দিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই

মুৰ্গী পালন কৰাই কাল হ’ল এটা পৰিয়ালৰ বাবে ৷ পৰিয়ালৰ দায়িত্ব পালনৰ বাবে মুৰ্গী পালন কৰি সমাজচ্যুত হ’বলগীয়া হ’ল পৰিয়ালটো (Srimanta sankardev sangha expels family for rearing chicken) ৷ এই অদ্ভুত ঘটনা সংঘটিত হৈছে যোৰহাটৰ মৰিয়নীত ৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতেই সৰ্বত্ৰ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

জিগনেশ মেৱানীক মুকলিৰ দাবীত আন্দোলনৰ হুংকাৰ ভূপেন বৰাৰ

গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ(MLA Jignesh Mevani arrested by Assam Police) কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ শুকুৰবাৰৰ ভিতৰত নেতাগৰাকীক মুকলি কৰি দিয়াৰ দাবী অসম প্ৰদেশ কংগ্ৰেছৰ ৷ অন্যথা গুৱাহাটীত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ ৷

Encounter at Nagaon : আৰক্ষীৰ গুলীত আহত শিশু ধৰ্ষণকাণ্ডৰ অভিযুক্ত

পুনৰ অসম আৰক্ষী এনকাউন্টাৰ ৷ এইবাৰ নগাঁৱত চলিল অসম আৰক্ষীৰ এনকাউন্টাৰ (Police encounter at Nagaon) ৷ আৰক্ষীৰ গুলীত আহত শিশু ধৰ্ষণকাণ্ডত অভিযুক্ত ইদ্ৰিছ আলি(Rapist injured in police encounter) ৷

কিয় ৰাইজৰ দল এৰিলে কমল কুমাৰ মেধিয়ে ?

NIA ৰ পৰা পৰিত্ৰাণ পাবলৈ অখিল গগৈয়ে গঠন কৰিছিল ৰাইজৰ দল(Akhil Gogoi formed Raijor Dal to get rid of Nia) ৷ ৰাইজৰ দলৰ মূল নেতা তথা সভাপতি অখিল গগৈৰ কাম আৰু কথাত অতিষ্ঠ হৈ 12 এপ্ৰিলত আনুষ্ঠানিকভাৱে দলত্যাগ কৰিছিল কমল কুমাৰ মেধিয়ে ৷ এই কথা সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰে ৰাইজৰ দলৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে ৷

UK PM Boris Johnson arrives in India : দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ব্ৰিটিছ প্ৰধানমন্ত্ৰী

ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ দুদিনীয়া ভাৰত ভ্ৰমণ ৷ ইতিমধ্যে গুজৰাটৰ আহমেদাবাদত উপস্থিত হৈছে জনছন(UK PM Boris Johnson arrives in India) ৷ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বৃদ্ধি পোৱা গুৰুত্বৰ লগতে দুয়োখন দেশৰ দ্বি-পাক্ষিক সম্পৰ্ক বৃদ্ধি কৰিবলৈ তৎপৰ হৈ পৰিছে ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকী ৷

BJP worker shot dead : দিল্লীত বিজেপি কৰ্মীক গুলীয়াই হত্যা

ৰাজধানী দিল্লীত বিজেপি কৰ্মীক(BJP worker shot dead in Delhi) হত্যা ৷ বিজেপিৰ 42 বছৰীয়া কৰ্মীগৰাকীক গুলীয়াই হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই ৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে গাজীপুৰ আৰক্ষীয়ে ৷

Akshay Kumar tobacco controversy: ধঁপাতৰ ব্ৰেণ্ড এম্বেচাডৰ পদ ত্যাগ কৰিলে অক্ষয় কুমাৰে

বিমল পাণ মচলাৰ এটা বিজ্ঞাপনৰ সৈতে জড়িত হৈ পৰাত বলীউড অভিনেতা অক্ষয় কুমাৰ ভীষণ তিৰস্কাৰৰ সন্মুখীন হ’ব লগীয়া হৈছে (Akshay Kumar tobacco controversy) ৷ সামাজিক মাধ্যমত ট্ৰ’লৰ সন্মুখীন হোৱা অভিনেতাজনে তাৰ পিছতেই ধঁপাত কোম্পানীৰ ব্ৰেণ্ড এম্বেচাডৰৰ পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰে ।

Vicky Kaushal takes a dip in Ganga : ঋষিকেশত গংগা স্নান বিকী কৌশলৰ

মুচৌৰিত এটা প্ৰকল্পৰ শ্বুটিং শেষ কৰি পোনে পোনেই ঋষিকেশলৈ যাত্ৰা কৰিছে অভিনেতা বিকী কৌশলে ৷ নিজৰ কামৰ সফলতাৰ বাবে গংগাত স্নান কৰি উপাসনা কৰিলে ঈশ্বৰক (Vicky Kaushal news update) ৷

ABOUT THE AUTHOR

...view details