অসম

assam

ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি - Pakistan political crisis

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-10-at-7-pm
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Apr 3, 2022, 7:05 PM IST

Women's World Cup 2022 Final: খিতাপ জিকি অভিলেখ গঢ়িলে অষ্ট্ৰেলিয়াই

মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি খিতাপ দখল অষ্ট্ৰেলিয়াৰ(Australia beat England to win World Cup) ৷ সপ্তমবাৰলৈ মহিলা বিশ্বকাপৰ খিতাপ দখলৰ অভিলেখ অষ্ট্ৰেলিয়াৰ ৷

বিধায়ক ৰূপজ্যোতি কুৰ্মীক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছে

ধনৰ লোভত দল এৰি গুচি যোৱাসকলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিক সমালোচনা কৰিবলৈ যোৱাটো হাস্যকৰেই নহয়, বাতুলতাহে মাত্ৰ ।

বিধায়ক চিৰাজউদ্দিন আজমলৰ বিৰুদ্ধে কংগ্ৰেছৰ এজাহাৰ দাখিল

এআইইউডিএফৰ বিধায়ক চিৰাজউদ্দিন আজমল(AIUDF MLA Sirajuddin Ajmal) ৰ বিৰুদ্ধে দেওবাৰে বিহপুৰীয়া আৰু নাৰায়ণপুৰ ব্লক কংগ্ৰেছে দাখিল কৰিছে এজাহাৰ(Bihpuria and Narayanpur Block Congress lodge FIR) ।

Paddy seeds production in Assam : ধানৰ বীজ উৎপাদনত স্বাৱলম্বী হৈছে অসম

বহিঃৰাজ্যৰ পৰা ধানৰ বীজ ক্ৰয় কৰা প্ৰক্ৰিয়া বন্ধ (Assam stops procurement of paddy seeds from outside)। লগতে বন্ধ হ'ল চিণ্ডিকেট । ধানৰ বীজ উৎপাদনৰ ক্ষেত্ৰ ৰাজ্যখনৰ কেইবাখনো জিলালৈ সম্প্ৰসাৰিত হৈছে । ৰাজ্যখনত প্ৰতি বছৰে প্ৰয়োজন হয় প্ৰায় ৩৮,০০০ মেট্ৰিকটন ধানৰ বীজ । এইবাৰ প্ৰায় ৩১-৩২ হাজাৰ মেট্ৰিকটন বীজ উৎপাদনৰ লক্ষ্য ।

ISIS sympathiser arrested : হায়দৰাবাদত সন্ত্ৰাসবাদৰ সমৰ্থকক গ্ৰেপ্তাৰ

ISIS ৰ প্ৰতি ভাৰতৰ যুৱপ্ৰজন্মক আকৰ্ষিত কৰিবলৈ একাংশ দুষ্টচক্ৰই চেষ্টা অব্যাহত ৰাখিছে । হায়দৰাবাদৰ তেনে এজন লোকক শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰিছে (ISIS sympathiser arrested in Hyderabad) আৰক্ষীয়ে । লোকজন হায়দৰাবাদৰ ফলকনমাৰ বাসিন্দা মহম্মদ আবুচানী । সামাজিক মাধ্যমত ভাৰতৰ যুৱপ্ৰজন্মক সন্ত্ৰাসবাদৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা চলাইছিল আবুচানীয়ে ।

ভাৰতীয় সৈন্যৰ প্ৰৱেশক অস্বীকাৰ শ্ৰীলংকাৰ সেনাৰ

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষে শনিবাৰে দেশখনত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰে (President of Sri Lanka declares emergency) । এনে পৰিস্থিতিত দেশখনৰ নিৰাপত্তা সুৰক্ষিত কৰিবলৈ ভাৰতে সেনা প্ৰেৰণ কৰা বুলি এক বাতৰি প্ৰকাশ পাইছে । এই বাতৰিয়ে দেশখনত অশান্তিৰ সৃষ্টি কৰিছে । এই বাতৰিক ভুৱা বুলি দাবী কৰিলে শ্ৰীলংকাৰ সামৰিক বাহিনী আৰু ভাৰতীয় উচ্চ আয়োগে ।

নাহৰফুটুকীৰ ৰম্যভূমিলৈ পৰিণত গোলাঘাটৰ এটা জনাঞ্চল

দেওবাৰে পুৱা গোলাঘাটত পুনৰবাৰ পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী(Leopard caged at Golaghat) ৷ অঞ্চলটোত আৰু প্ৰায় 7 টা নাহৰফুটুকী থকাৰ সন্দেহ প্ৰকাশ স্থানীয় লোক আৰু বন বিভাগৰ । অঞ্চলটোৰ বহু পশুধনক চিকাৰ হিচাপে বাছি লৈছে নাহৰফুটুকীটোৱে ৷

Women's World Cup 2022 Final: সমুখ সমৰত ইংলেণ্ড-অষ্ট্ৰেলিয়া

মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেল 2022ত আজি সমুখ সমৰত ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া(Women's World Cup 2022 Final) ৷ অষ্ট্ৰেলিয়াই ছেমি ফাইনেলত ৱেষ্ট ইণ্ডিজক আৰু ইংলেণ্ডে ছেমি ফাইনেলত দক্ষিণ আফ্রিকাক পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে ৷

Pakistan political crisis : অনাস্থা প্ৰস্তাৱৰ ভোটৰ বাবে সাজু ইমৰান খান

কি হ'ব ইমৰান খানৰ ভৱিষ্যত ? আজিৰ দিনটোত বিশ্ববাসীৰ দৃষ্টি পাকিস্তানৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰত । দেওবাৰে অনুষ্ঠিত হ'ব অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণ (No-confidence vote against Pakistan government)। ইতিমধ্যে মিত্ৰজোঁটৰ মুখ্য সহযোগী দলৰ সমৰ্থন হেৰুৱাইছে ইমৰান খানৰ দলে ।

দুষ্টচক্ৰৰ মূৰৰ কামোৰণি হৈ পৰিছে মৈৰাবাৰী আৰক্ষী

মৈৰাবাৰী আৰক্ষীৰ অপৰাধমূলক কাৰ্যকলাপ(Moirabari police against all illegal activities)ৰ বিৰুদ্ধে অভিযান অব্যাহত ৷ চৰকাৰে লোৱা কঠোৰ পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীয়ে অঞ্চলটোত তীব্ৰ অভিযান চলাই আহিছে ৷

ABOUT THE AUTHOR

...view details