অসম

assam

ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি - Happy Birthday Amir Khan

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-10-at-7-pm
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Mar 14, 2022, 7:06 PM IST

বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনৰ পৰা বহিস্কাৰ অখিল গগৈক

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনৰ পৰা বহিস্কাৰ কৰা হ’ল বিধায়ক অখিল গগৈক (Akhil Gogoi expelled from budget session) ৷

পৌৰসভাৰ কাউন্সিলাৰ হত্যাকাণ্ড : চুপাৰি কিলাৰ আটক

পশ্চিমবংগৰ পানীহাটি পৌৰসভাৰ নৱ নিৰ্বাচিত কাউন্সিলাৰ তৃণমূল কংগ্ৰেছৰ অনুপম দত্তক দেওবাৰে আততায়ীয়ে নিষ্ঠুৰভাৱে হত্যা কৰিছিল ৷ সম্প্ৰতি এজন চুপাৰি কিলাৰক এই গোচৰত আটক কৰিছে আৰক্ষীয়ে (Contract killer nabbed in Panihati ) ।

আজিৰে পৰা বিধায়ক হ'ল ভূৱন গাম

ভূৱন গাম আজিৰে পৰা বিধায়ক হ'ল । বিধানসভা অধিবেশনৰ প্ৰথম দিনটোতে বিধানসভাৰ মজিয়াত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধায়ক হিচাপে ভূৱন গামক শপতবাক্য পাঠ কৰোৱায় (Bhuban Gam takes oath as MLA) ।

নিৰ্দলীয়ই গঠন কৰিব পৌৰসভা: শিবিৰ সলাব পাৰে জয়ী বিজেপি প্ৰাৰ্থীয়ে

মৰিয়নীত ৰাজনীতিৰ ওলোটা পাক ৷ জয়ী নিৰ্দলীয় প্ৰাৰ্থীয়ে গঠন কৰিব পৌৰসভা (Mariyani municipal board) ৷ জয়ী বিজেপি প্ৰাৰ্থীয়েও নিৰ্দলীয় গোটৰ সৈতে হাত মিলোৱাৰ বাবে অব্যাহত ৰাখিছে যোগাযোগ ৷

Happy Birthday Amir Khan :প্ৰাক্তন পত্নী কিৰণ ৰাওৱে দিয়া উপহাৰত অভিভূত হৈ পৰিল আমিৰ খান

14 মাৰ্চত বলীউডৰ মিষ্টাৰ পাৰফেক্টছ’নিষ্ট আমিৰ খানে সম্পূৰ্ণ কৰিলে 57 বছৰ (Amir khan turns 57 today) ৷ তাৰকাগৰাকীয়ে জন্মদিনত প্ৰাক্তন পত্নী কিৰণ ৰাওৰ পৰা লাভ কৰিলে এক বিশেষ উপহাৰ (Amir Khan birthday) ৷ কিৰণৰ পৰা লাভ কৰা উপহাৰটো আটাইতকৈ উৎকৃষ্ট বুলি মুকলিকৈ প্ৰকাশ কৰিলে অভিনেতাগৰাকীয়ে ৷

ব্যতিক্ৰমী দৃশ্য : গ'ল্ফ কাৰ্টত উঠি বিধানসভালৈ আহিল জনপ্ৰতিনিধি

সোমবাৰে অসম বিধানসভাৰ চৌহদত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য ৷ নিজা বাহনৰ পৰিৱৰ্তে গ’ল্ফ কাৰ্টত উঠি বিধানসভালৈ আহিল একাংশ জনপ্ৰতিনিধি ৷ বিধানসভা চৌহদত যানজঁট ((Heavy traffic in Assam assembly premises) নিয়ন্ত্ৰণৰ বাবে বিধানসভা সচিবালয়ে ৩৫ লাখ টকা ব্যয়েৰে ক্ৰয় কৰিছিল পাঁচখন ইলেক্ট্ৰিক গ'ল্ফ কাৰ্ট ।

বালিপৰা সংৰক্ষিত বনাঞ্চলত অগ্নিকাণ্ড

সোমবাৰে শোণিতপুৰ জিলাৰ উত্তৰ পাৰে থকা বালিপৰা সংৰক্ষিত বনাঞ্চলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড (Devastating fire at Balipara Reserve Forest) ৷ বনাঞ্চলখনত সংঘটিত এই অগ্নিকাণ্ড ক্ৰমান্বয়ে বিয়পি পৰিছে বনাঞ্চলৰ ভিতৰলৈ ।

কানাডাত পথ দুৰ্ঘটনাত পাঁচগৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু

কানাডাত এক পথ দুৰ্ঘটনা (Road accident in Canada) ত প্ৰাণ হেৰুৱাইছে পাঁচগৰাকী ভাৰতীয় ছাত্ৰই (Five Indian students killed in road mishap in Canada) ৷ সোমবাৰে ভাৰতীয় উচ্চায়ুক্ত অজয় বিছাৰিয়াই সদৰী কৰা অনুসৰি, আহত আন দুগৰাকী ছাত্ৰক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

The Kashmir Files: কাইলৈ সদলবলে "দ্য কাশ্মীৰ ফাইলছ" উপভোগ কৰিব মুখ্যমন্ত্ৰীয়ে

15 মাৰ্চত ছবিগৃহত দ্য কাশ্মীৰ ফাইলছ উপভোগ কৰিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (movie the kashmir files) ৷ বহুল চৰ্চিত ছবিখনক লৈ উৎসুক হৈ পৰিছে মুখ্যমন্ত্ৰী গৰাকী ৷

নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিদ্যালয় গৃহৰ দেৱালত মেলিলে চিৰাল ফাঁট

কোটি টকা ব্যয় সাপেক্ষে চাহ বাগিচাত নিৰ্মাণ কৰা বিদ্যালয়ৰ কাম সম্পূৰ্ণ নৌহওঁতেই দেৱালত চিৰাল ফাঁট ৷ চাহ বাগিচাত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁ‌চনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ (Allegation of corruption in Government scheme)

ABOUT THE AUTHOR

...view details