Cabinet Meeting in Haflong : হাফলঙত আৰম্ভ অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক
হাফলঙত বুধবাৰে আৰম্ভ হৈছে অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক (Cabinet Meeting in Haflong) ৷ বুধবাৰে দিনৰ 2.30 বজাত আৰম্ভ হ’ল দিশপুৰৰ বাহিৰত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ তৃতীয়খন কেবিনেট বৈঠক ৷ এই বৈঠকত ৰাজ্য চৰকাৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ।
Sania Mirza announces retirement : অৱসৰ ল'ব টেনিছ তাৰকা ছানিয়া মিৰ্জাই
ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই বুধবাৰে ঘোষণা কৰিছে অৱসৰৰ কথা (Sania Mirza to retire after this season) । ২০২২ চনটোৱে হ'ব তেওঁৰ খেলৰ অন্তিম বৰ্ষ । অষ্ট্ৰেলিয়ান অপেন-২০২২ ত মহিলাৰ দ্বৈত শাখাৰ প্ৰথম ৰাউণ্ডত পৰাজিত হোৱাৰ পাছত অৱসৰৰ কথা ঘোষণা কৰে খেলুৱৈগৰাকীয়ে ।
বান-খহনীয়া : প্রাপ্য ৩৯৫.৬৫ কোটি টকাৰ পৰা আজিও বঞ্চিত অসম
কংগ্ৰেছ চৰকাৰৰ ভুল নীতিৰ বাবে বানত ক্ষতিগ্রস্ত ৰাজ্যখনে বৃহৎ পৰিমাণৰ পুঁজি লাভৰ পথ ৰুদ্ধ হৈ থাকিল (Assam deprived of central govt funds)। কেন্দ্রীয় চৰকাৰৰ অংশৰ এই বৃহৎ পৰিমাণৰ পুঁজি মুকলি কৰি দিয়াত মহাগাণনিকে আপত্তি দর্শাইছে । দুর্নীতিৰ কথা মহাগাণনিকৰ নিৰীক্ষণত ধৰা পৰাত বান ব্যৱস্থাপনা শিতানৰ কেন্দ্রীয় পুঁজি অসমলৈ মোকলাই দিয়াত আপত্তি দর্শায় ।
Assam Meghalaya Border Conflict : মেঘালয়ক ভূমি এৰি দিয়াৰ পক্ষপাতি নহয় APCC
অসম-মেঘালয় সীমা সমস্যাক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কইনাধৰাত অনুষ্ঠিত কৰে এখন সৰ্বদলীয় বৈঠক ৷ এই বৈঠকৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দীৰ্ঘদিনীয়া সীমা সমস্যাটোৰ ওপৰত মন্তব্য আগবঢ়ায় ৷ চৰকাৰে এৰা-ধৰাৰ মাজেৰে সীমা সমস্যা সমাধানৰ সিদ্ধান্ত লৈছে বুলি কৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, এই কথা কংগ্ৰেছ দলে কোনো কাৰণতে মানি ল’ব নোৱাৰে (Bhupen Bora on Assam Meghalaya Border issue) ৷
Covid situation in Dibrugarh : ক'ভিড পৰিস্থিতিক লৈ কঠোৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ
শেহতীয়াকৈ ডিব্ৰুগড় জিলাত ক'ভিডৰ ভয়ংকৰ সংক্ৰমণ আৰম্ভ হৈছে (Covid cases increased in Dibrugarh)। যাৰ বাবে জিলা প্ৰশাসনে কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে । ৯ বজাৰ লগে লগে সকলো দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিব লাগিব । ব্যৱসায়িক প্ৰতিষ্ঠানত বাধ্যতামূলক হ’ব মাস্ক ।