অসম

assam

ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ খবৰ

7 বজাৰ দহটা শীৰ্ষ খবৰ

top 10 at 7 pm
7 বজাৰ দহটা শীৰ্ষ খবৰ

By

Published : Aug 5, 2021, 6:58 PM IST

1.কাক ‘উগ্ৰপন্থী’ সজালে বিধানসভাৰ অধ্যক্ষই ?

বৃহস্পতিবাৰে উত্তাল অসম বিধানসভা (Assam Assembly)ৰ সদন । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Biswajit Daimary)য়ে বিধায়কসকলক উগ্ৰপন্থীৰ সৈতে তুলনা কৰি কোৱা কথাষাৰৰ পাচতে জাঙুৰ খাই উঠে বিৰোধী বিধায়কসকল । যাৰ ফলস্বৰূপে আধা ঘণ্টাৰ বাবে সদন স্থগিত ৰাখিবলৈ বাধ্য হয় অধ্যক্ষই ৷

2.গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিও হেঁপাহ নপলোৱাত খুৰাই দিলে চুলি

এগৰাকী মহিলাক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছে একাংশ লোকে ৷ আগ-পাচ ভাবিবলৈ একো নাই ৷ মাথো মাৰিছে আৰু মাৰিছে ৷ মাৰৰ কোবত মহিলাগৰাকীয়ে ৰাউচি জুৰি কান্দিছে প্ৰাণৰক্ষাৰ বাবে ৷ কিন্তু আগবাঢ়ি অহা নাই কোনো লোক ৷ এই দৃশ্য ইতিমধ্যে ভাইৰেল হৈছে চ’ছিয়েল মিডিয়াত ৷

3.টকিঅ’ অলিম্পিকত ব্ৰঞ্জ: তাৰকা হকী খেলুৱৈ মনদীপ সিঙৰ সৈতে বাৰ্তালাপ ইটিভি ভাৰতৰ

টকিঅ’ অলিম্পিক (Tokyo Olympics)ত বৃহস্পতিবাৰে ইতিহাসৰ পুনৰাবৃত্তি কৰিবলৈ সক্ষম হয় ভাৰতীয় পুৰুষ হকী দল (Men's Hockey Team)টোৱে ৷ প্ৰায় 41 বছৰৰ মূৰত টকিঅ’ অলিম্পিক (Tokyo Olympics)ত হকী (Hockey)ত ঐতিহাসিক জয়লাভ কৰিছে ভাৰতে ৷

4.লংকাত ভঁড়াল ভাঙি ধান খালে বন্যহস্তীয়ে

ক'ভিড আতংকৰ মাজতে লংকাৰ উদালীৰ দক্ষিণ জাৰণী গাঁৱত বন্যহস্তীক উপদ্ৰৱ ৷ অনিষ্ট কৰিছে বাসগৃহৰ লগতে বহু সা-সামগ্ৰী ৷ অসহায় হৈ পৰিছে গঞা ৰাইজ ৷

5.পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা পদ ত্যাগ প্ৰশান্ত কিশোৰৰ

পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙৰ মুখ্য উপদেষ্টা পদ ত্যাগ কৰিছে নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে ৷ ৰাজহুৱা জীৱনত সক্ৰিয় ভূমিকাৰ পৰা অস্থায়ী বিৰতি ল'ব বিচৰা বুলি উল্লেখ কৰি প্ৰশান্ত কিশোৰে এই পদৰ পৰা অব্যাহতি লয় ৷

6.লাভলীনা বৰগোঁহাইক অভিনন্দন আলফা স্বাধীনৰ

লাভলীনা বৰগোহাঁইক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে "সংযুক্ত মুক্তি বাহিনী অসমে(স্বাধীন)" ৷ এক প্ৰেছ বিবৃতি যোগে আলফাই(স্বাধীন) ক'লে, A Bold attempt is half success ৷

7.চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত ওলমিল তলা

ৰাজ্যৰ কৃষকসকলৰ উন্নয়নৰ স্বাৰ্থত চৰকাৰে সময়ে সময়ে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে । কিন্তু বিষয়া কৰ্মচাৰীৰ অৱহেলাৰ বাবে সফল হৈ নুঠে আঁচনি সমূহ । ধান উৎপাদনত অসমৰ ভিতৰতে শীৰ্ষস্থান দখল কৰা তিতাবৰৰ কৃষকৰ আশাত চেঁচাপানী ঢালি সম্প্ৰতি তলা ওলমি আছে গুৰুত্বপূৰ্ণ ধান ক্ৰয় কেন্দ্ৰটোত ।

8.ধোঁৱাচাঙত জাঁজীৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ

শিপিনীৰ প্ৰশিক্ষণৰ কাৰণে শিৱসাগৰ জিলাৰ জাঁজীত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত স্থাপন কৰিছিল এটা প্ৰশিক্ষণ কেন্দ্ৰ ৷ কিন্তু সংশ্লিষ্ট বিভাগৰ অমনোযোগিতা বা উপযুক্ত পৰকিকল্পনাৰ অভাৱতেই অব্যৱহৃত হৈ পৰি ৰৈছে এই প্ৰশিক্ষণ কেন্দ্ৰটো ৷

9.লুইতৰ বুকুৰে চলিছে বগা চাউলৰ ক’লা বেহা

বিলাসীপাৰা মহকুমাত নদী পথেৰে চলিছে বগা চাউলৰ ক’লা বেহা । আৰক্ষীয়ে সঘনাই নদীপথত অভিযান চলাই চোৰাং চাউল জব্দ কৰি আহিছে যদিও বৰ্তমানলৈ কোনো এজন ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম নোহোৱাতো তাপৰ্যপূৰ্ণ ৷

10.সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশত বন্ধ হ'ল বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড

বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডে দীপৰ বিলৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ যাৰ প্ৰতি লক্ষ্য ৰাখি সেউজ ন্যায়াধিকৰণে পৌৰ নিগম কর্তৃপক্ষক বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল । এফালে বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড বন্ধ আৰু আনফালে চন্দ্ৰপুৰত ৰাইজৰ ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন । মহানগৰীৰ আৱর্জনা ক’ত পেলাব তাক লৈ সমস্যাত পৰিছে নিগম কর্তৃপক্ষ।

ABOUT THE AUTHOR

...view details