অসম

assam

ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ খবৰ - TOP 10 @ 7 PM

7 বজাৰ দহটা শীৰ্ষ খবৰ

7 বজাৰ দহটা শীৰ্ষ খবৰ
7 বজাৰ দহটা শীৰ্ষ খবৰ

By

Published : Jul 28, 2021, 7:00 PM IST

বৰপেটাৰ বাসগৃহত নাজমূলৰ নশ্বৰদেহ : ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য

সোমবাৰে মিজো সীমান্ত (Assam Mizoram border)ৰ লাইলাপুৰত মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণত শ্বহীদ হৈছিল বৰপেটাৰ হাউলীৰ কদমগুৰি গাঁৱৰ নাজমূল হক । নাজমূল হকে ২০০১ চনত বৰপেটাৰ হাউলীৰ এটি দৰিদ্ৰ পৰিয়ালৰ পৰা গৈ অসম আৰক্ষীৰ ৬ নং ABPN ত যোগদান কৰিছিল । সোমবাৰে তেওঁৰ আকস্মিক মৃত্যুৰ খবৰে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলবাসীকে শোকাহত কৰি তুলিছে ।

চতুৰ জ’ৰামথাংগা: ক'ভিডৰ দোহাই দি নগ’ল দিল্লীৰ বৈঠকলৈ

দেহত ক’ভিড-19 ধৰা পৰা বুলি অজুহাত দি দিল্লীত অনুষ্ঠিত হ’বলগীয়া বৈঠকত উপস্থিত থাকিব নোৱাৰিব বুলি জনাই মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰামথাংগাই ৷ মিজোৰাম আৰক্ষীৰ প্ৰকৃত স্বৰূপ দিল্লীত ওলাই পৰাৰ ভয়ত কৌশলেৰে ত্ৰিপাক্ষিক বৈঠকলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰামথাংগা ।

6 ঘন্টাৰ জেৰাত স্বামীৰ বিষয়ে কি ক’লে অভিনেত্ৰী শিল্পা চেট্টীয়ে ?

পৰ্ণগ্ৰাফিক ছবি নিৰ্মাণৰ অভিযোগত অভিযুক্ত ৰাজ কুন্দ্ৰাৰ পত্নী, অভিনেত্ৰী শিল্পা চেট্টীক জেৰা অপৰাধ শাখাৰ ৷ অপৰাধ শাখাই শিল্পা চেট্টীক প্ৰশ্ন কৰিছিল যে তেওঁৰ স্বামীৰ অশ্লীল সমল প্ৰস্তুত কৰাত জড়িত থকাৰ বিষয়ে তেওঁ জ্ঞাত নেকি ? অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছিল যে, তেওঁৰ স্বামী নিৰ্দোষী আৰু পৰ্ণ সমল প্ৰস্তুত কৰাত তেওঁ জড়িত নাছিল ।

চৰাইদেউৰ নাগালেণ্ড সীমান্ততো হ’ব পাৰে লাইলাপুৰ কাণ্ডৰ পুনৰাবৃত্তি

চৰাইদেউৰ নাগালেণ্ড সীমান্তত পুনৰাবৃত্তি হ'ব পাৰে লাইলাপুৰ কাণ্ডৰ ৷ কিয়নো অসমত আহি নগা ৰজাই কৈ গ’ল অসমৰ সংৰক্ষিত বনাঞ্চল নাগালেণ্ডৰ বুলি ৷ ৱাংলা বস্তিৰ ৰজা লিওৱাংহেৰ এষাৰ কথাই এতিয়া শংকিত কৰি তুলিছে চৰাইদেউৰ অসম নাগালেণ্ড সীমান্তবাসীক ৷

চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ ৰাজনাথ সিঙৰ

এই সন্মিলনত চাংহাই সহযোগিতা সংস্থাৰ আঠ সদস্য ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীসকল উপস্থিত থাকে । সন্মিলনত আঞ্চলিক নিৰাপত্তা প্ৰত্যাহ্বানৰ লগতে আফগানিস্তানৰ পৰিস্থিতিৰ ওপৰত ব্যাপকভাৱে আলোচনা কৰা হয় ।

শিৱসাগৰত দেশভক্তি দিৱস উদযাপন

অসম চৰকাৰৰ নিৰ্দেশমৰ্মে বুধবাৰে সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো দেশভক্ত তৰুণৰাম ফুকনৰ 82 সংখ্যক মৃত্যু দিৱস উদযাপন কৰা হয় । ৰাজ্য চৰকাৰে দেশভক্তি দিৱস নামেৰে এই দিনটো অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত পালন কৰে ।

গুৱাহাটী-নলবাৰী মিজোৰামক এৰি দিয়াৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কি ক’লে...

অসম আৰক্ষীয়ে (ASSAM POLICE) অসমৰ মাটি মিজোৰামক এৰি নিদিয়াৰ বাবেই আক্ৰমণৰ খবৰ পোৱাৰ পিছতে যুঁজিবলৈ গৈছিল । প্ৰথমবাৰৰ বাবে আমি এক ইঞ্চি মাটিও এৰি দিয়া নাই । গুৱাহাটীত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

Tokyo Olympics: কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ বক্সাৰ পূজা ৰাণীৰ

টকিঅ' অলিম্পিকত মহিলাৰ বক্সিঙৰ ৬৯-৭৫ কিল’গ্ৰাম শাখাত আলজেৰিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিলে ভাৰতীয় বক্সাৰ পূজা ৰাণীয়ে । এই বিজয়ৰ জৰিয়তে ভাৰতীয় বক্সাৰগৰাকীৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পথ প্ৰশস্ত হয় । আনহাতে, অলিম্পিকৰ আন এখন প্ৰি-কোৱাৰ্টাৰ ফাইনেলত জেনিফাৰ মিউচিনো ফাৰ্ণাণ্ডেজক পৰাভূত কৰিলে আৰ্চাৰ দীপিকা কুমাৰীয়ে ।

প্ৰাণ দি হ’লেও ভূমি নিদিয়াৰ হুংকাৰ AJYCPৰ

বুধবাৰে নগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Amit Shah)ৰ পুত্তলিকা দাহ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP)ৰ নগাঁও জিলা সমিতিৰ ৷ অসম-মিজোৰাম সীমান্তত অসম আৰক্ষীয়ে(Assam Police) প্ৰাণ দিবলগীয়া ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ(Protest) সাব্যস্ত কৰে সংগঠনটোৱে ৷

অসম-মিজোৰাম সীমান্ত সংঘাত: তিনি আৰক্ষী অধীক্ষকৰ সাল-সলনি

অশান্ত জৰ্জৰ অসম-মিজোৰাম সীমান্ত ৷ এতিয়াও শান্ত হোৱা নাই লাইলাপুৰ ৷ সীমান্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আজি অৰ্থাৎ ধবাৰে অসমৰ তিনিখন জিলাৰ আৰক্ষী অধীক্ষকক সাল-সলনি ঘটাইছে ৰাজ্যৰ গৃহ বিভাগে ।

ABOUT THE AUTHOR

...view details