অসম

assam

By

Published : Jun 24, 2021, 7:07 PM IST

ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ বাতৰি

7 বজাৰ দহটা শীৰ্ষ বাতৰি...

TOP 10 AT 7 PM
7 বজাৰ দহটা শীৰ্ষ বাতৰি

'মাডাৰ্ছ অ'ল্ড এজ হোম'ৰ বেমেজালিৰ প্ৰসংগ:তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

মাদাৰ অল্ড হাউচ বৃদ্ধাশ্ৰমখন (Mother Old Age Home)পৰিচালনা কৰা দুই হোতা উৎপল আৰু মণিকাৰ সংঘাতে ৰাজ্যজুৰু চাঞ্চল্য় সৃষ্টি কৰিছে । উক্ত বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হোৱা সমগ্ৰ বিষয়টো তদাৰক কৰিবলৈ কামৰূপ মহানগৰ জিলা উপায়ক্তক নিৰ্দেশ দিয়াৰ লগতে ৭২ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পাছতে মাডাৰ্ছ অ'ল্ড এজ হোমত মন্ত্ৰী অজন্তা নেওগ

বৃদ্ধাশ্ৰমখনত থকা আৱাসীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে মন্ত্ৰী অজন্তা নেওগে আশ্ৰমখন পৰিচালনা কৰা মণিকা শৰ্মা আৰু উৎপল হৰ্ষবৰ্ধনৰ সৈতেও মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলৰ সামাজিক সুৰক্ষা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত চৰকাৰ সদায় দায়বদ্ধ।

সংসদ ভৱন নে বাজপেয়ী ভৱনঃ ক'ত হ'ব সোণোৱালৰ সংস্থাপন ?

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিব বুলি চৰ্চা অব্যাহত আছে যদিও এই বিষয়ত কোনো স্পষ্টতা নাই । কিয়নো, বিগত ১৮ জুনতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই জৰুৰীভাৱে দিল্লীলৈ মাতি পঠিয়াইছিল সোণোৱালক ।

ভাৰত-ভূটান সীমান্তত নিৰ্মাণ কাৰ্য চলিছে মিনি ৰ’পৱেৰ

অসমৰ প্ৰথমটো ৰ'পৱে সেৱাৰ বিষয়ে আপুনি নিশ্চয় শুনিছে । কিন্তু অসমত আন এক ৰ'পৱে সেৱাৰ কাম দ্ৰুতগতিত চলি আছে । আৰু প্ৰায় ১০-১৫ দিনৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ'ব মিনি ৰ'পৱে সেৱা ।

বুবু কোঁৱৰৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড : পিতৃ

শিৱসাগৰ আৰক্ষীৰ এক বিশেষ অভিযানত গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত দেওপানী সীমান্তৰ আউট প’ষ্টৰ সমীপত বুধবাৰে সন্ধিয়া কুখ্যাত অপৰাধী বুবু কোঁৱৰৰ আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত থিতাতে মৃত্যু হয় ৷

ক’ভিড সম্পৰ্কীয় নীতি-নিদেৰ্শনা পালন কৰিবলৈ অপাৰগ বাঘজানবাসী

বৰ্তমান মহামাৰী ক’ৰণাই সমগ্ৰ দেশত কাল ৰূপ ধাৰণ কৰিছে ৷ চৰকাৰে এই মহামাৰী পৰা ৰক্ষা পাৱলৈ ইখনৰ পাচত সিখন SOP জাৰি কৰিছে ৷সামাজিক ব্যবধান , মাস্ক পৰিধান কৰাকে ধৰি বিভিন্ন ধৰণৰ নীতি-নিদেৰ্শনা জাৰি কৰিছিল ৷

বিদ্যুৎ যোগান নধৰাকৈ বিদ্যুতৰ বিল দিলে শক্তি বিভাগে

শক্তি মন্ত্ৰী বিমল বৰাৰ গৃহ জিলাত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড ৷ বিদ্যুৎ বিভাগে বিদ্যুতৰ খুঁটা পুতি বিদ্যুৎ যোগান নিদিয়াকৈ যোৱাটো বছৰতে দিছিল বিদ্যুতৰ বিল।

আজিৰ আকাশত দৃশ্যমান হ'ব 'Strawberry Moon'

আকাশত 'Strawberry Moon' চাবলৈ আপুনি সাজু নে ? বৃহস্পতিবাৰে আকাশত দৃশ্যমান হ'ব 'Strawberry Moon' ৷ ষ্ট্ৰবেৰীৰ দৰে ৰঙৰ হৈ জিলিকি উঠিব জোনটো । যদিও এই নামটো ইউৰোপীয় দেশৰ পৰা অহা, তথাপি ভাৰতত বট পূৰ্ণিমা হিচাপে ঠাই বিশেষে মহিলাসকলে এই দিনটোত পূজা-অৰ্চনা আগবঢ়ায় ।

ভাৰতীয় সেনাই ক্ৰয় কৰিব ১৭৫০ ফিউচাৰিষ্টিক ইনফেণ্ট্ৰি কমবেট ভেহিকেল

শত্ৰুৰ টেংক ধ্বংস কৰিবলৈ আৰু সৈন্য কঢ়িয়াই নিয়াৰ বাবে মেক ইন ইণ্ডিয়া আঁচনিৰ অধীনত ১,৭৫০ ফিউচাৰিষ্টিক ইনফেণ্ট্ৰি কমবেট ভেহিকেল (FICV) অধিগ্ৰহণৰ বাবে নিৰ্দিষ্টতা চূড়ান্ত কৰিবলৈ তথ্যৰ বাবে অনুৰোধ (Request for Information) জাৰি কৰিছে ।

মৰণফান্দলৈ পৰিণত এটা 73 কোটি টকীয়া পথ

বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যত ব্যাপক উন্নয়ন কৰা বুলি শাসনাধিষ্ঠ নেতাসকলে মেলে-মিটিঙে ঢাক-ঢোল বজাই থকাৰ সময়তে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা বহু গুৰুত্বপূৰ্ণ পথে উদঙাইছে উন্নয়নৰ প্ৰকৃত ছবিখন ৷ মৰণফান্দলৈ পৰিণত হৈছে ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ পথ ৷

ABOUT THE AUTHOR

...view details