অসম

assam

ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ বাতৰি - 7 বজাৰ দহটা শীৰ্ষ বাতৰি

7 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 7 PM
7 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Jun 7, 2021, 7:24 PM IST

আজি গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস

আজি গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ 57 সংখ্যক মৃত্যু তিথি ৷ শিৱসাগৰৰ দিখৌপাৰত ১৯০৪ চনৰ ১৯ আগষ্টত জন্মগ্ৰহণ কৰা পাৰ্বতি প্ৰসাদ বৰুৱাই জীৱনৰ বেছিভাগ সময় সোণাৰিৰ সোণালীপাম নামৰ গৃহত অতিবাহিত কৰিছিল ৷ এই সোণালী পামৰ নিগাজী ঘৰত বহিয়েই শিল্পী গৰাকীয়ে ৰচনা কৰিছিল বহু গীত আৰু কবিতা ৷ সেই ঘৰটোৰ পৰাই অসমীয়া সাহিত্যলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা এই গৰাকীৰ শিল্পীৰ মৃত্যু হৈছিল ১৯৬৪ চনৰ আজিৰ দিনটোতে ৷

ব্যতিক্ৰমী ৰূপত গুৰুজনাৰ নামঘোষা

বাঁহত লিপিবদ্ধ মহাপুৰুষ মাধৱদেৱৰ অনন্য সৃষ্টি নামঘোষা (Namgokha)ৰ বৰ্ণ ৷ আংশিক লক ডাউনৰ সময়ত সময়ৰ সদব্যৱহাৰ কৰাৰ প্ৰয়াস নগাঁৱৰ এগৰাকী ব্যক্তিৰ ৷ সবিশেষ আমাৰ এই বিশেষ প্ৰতিবেদনত...

আনন্দ মিশ্ৰৰ বিৰুদ্ধে NIA পৰ্যায়ৰ তদন্তৰ দাবী

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে তদন্তৰ আহ্বান প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ ৷ ছ’চিয়েল মিডিয়াকে আদি কৰি বিভিন্ন মাধ্যমত জনপ্ৰিয় হৈ পৰা আৰক্ষী অধীক্ষক মিশ্ৰৰ বিৰুদ্ধে NIAৰ তদন্তৰ দাবী জনাইছে প্ৰাক্তন সাংসদ ডেকাই ৷

সংকটৰ দিশে পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়

ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নীতি-নিৰ্দেশনা(SOP)ত স্তব্ধ কামৰূপৰ প্ৰসিদ্ধ শ্ৰী শ্ৰী ‌পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয় (Pingaleswar Devalaya) ৷ ৰাইজৰ দান বৰঙণিৰে চলা‌ দেৱালয়‌‌ খনত দেখা দিছে ভীষণ আৰ্থিক সংকটে । যাৰ ফলত সংকিত হৈ পৰিছে মন্দিৰ পৰিচালনা সমিতি ৷

মুছলমান ৰাইজক ধলপুৰ শিৱ মন্দিৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ

ৰাজ্যত সত্ৰ, মন্দিৰ আদিৰ ভূমি বেদখল অব্যাহত আছে । এইবাৰ দৰঙ জিলাৰ ছিপাঝাৰ সমষ্টিৰ ধলপুৰ শিৱ মন্দিৰৰ ভূমি নিশাৰ ভিতৰতে সন্দেহযুক্ত নাগৰিকে বেদখল কৰে । ছিপাঝাৰ সমষ্টিৰ ফুহুৰাতলীৰ ৭৭,৪২০ বিঘা ভূমি সন্দেহ যুক্ত নাগৰিকে বেদখল কৰি থকা পিচত পুনৰ সন্দেহ যুক্ত নাগৰিকে বেদখল কৰিছে দৰঙৰ ঢলপুৰ শিৱ মন্দিৰৰ ভূমি ৷ সোমবাৰে ঢলপুৰ শিৱমন্দিৰত পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

মৰাণৰ এটা ব্যতিক্ৰমী ক'ভিড কেয়াৰ কেন্দ্ৰ

গীতে-মাতে মুখৰিত মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ক’ভিড কেয়াৰ কেন্দ্ৰ(covid care centre) ৷ ক’ভিডক জয় কৰিবলৈ ক’ভিড ৰোগীয়ে প্ৰাৰ্থনা, নৃত্য আৰু বাদ্যযন্ত্ৰ বজাই কৰিছে আনন্দ ৷ এতিয়া মৰাণৰ এই ক’ভিড কেয়াৰ কেন্দ্ৰ(covid care centre)টোৱে সকলোৰে দৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷

পাথাৰকান্দি আৰক্ষীৰ অভিযানত ড্ৰাগছ সৰবৰাহকাৰী আটক

কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰী আৰু এগৰাকী সেৱনকাৰী ৷ আটক হোৱা দুগৰাকী যুৱক ক্ৰমে চেংজুৰ অঞ্চলৰ জিয়া উদ্দিন আৰু নয়াডহৰ অঞ্চলৰ বশিৰ আহমদ জিয়া উদ্দিন বুলি চিনাক্ত কৰা হৈছে ৷

নলবাৰীৰ বেলশৰত নিচাযুক্ত সামগ্ৰীসহ দুজনক আটক

ড্ৰাগছৰ বিৰুদ্ধে বেলশৰ আৰক্ষীৰ অভিযান । আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য । আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য সৰবৰাহৰে জড়িত থকাৰ অভিযোগত দুজন লোককো আটক কৰে ।

ৰমেন বৰুৱাক জন্মদিনৰ শুভেচ্ছা জনালে মন্ত্ৰী বিমল বৰাই

অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় তথা বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ আজি ৮১ সংখ্যক জন্মদিন ৷ এই উপলক্ষে সংগীত পৰিচালক ৰমেন বৰুৱাৰ ঘৰত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই।

প্ৰধানমন্ত্ৰী, নাড্ডাৰে বৈঠক বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকসকলৰ

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকসকল এক বৈঠকত মিলিত হয় ৷ এই বৈঠকৰ মূল উদ্দেশ্য আছিল 2022ৰ বিধানসভা নিৰ্বাচন (Assembly Election) আৰু কৰ’ণা (Corona) মহামাৰীক কেন্দ্ৰ কৰি দলটোৱে গ্ৰহণ কৰিবলগীয়া বিভিন্ন আঁচনি চূড়ান্ত কৰা ৷

ABOUT THE AUTHOR

...view details