ছিণ্ডিকেটৰে জড়িত নেকি ধুবুৰীৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক ?
বিভিন্ন ছিণ্ডিকেটৰ দুৱাৰ মুখ হিচাপে চিহ্নিত হোৱা ধুবুৰীত ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলিপ । বিভিন্ন ছিণ্ডিকেটৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল ধুবুৰী জিলাৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক যতীন দাস সহ দুজন লোক ।
এক লাখ পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ: খালি পদৰ হিচাপ লাগে মন্ত্ৰী অজন্তাক
ৰাজ্যত সম্প্ৰতি সৰ্বাধিক পদ খালি হৈ আছে শিক্ষা, স্বাস্থ্য আৰু গৃহ বিভাগত । ৰাজ্যিক কৰ্মচাৰীৰ দৰমহাৰ নামত চৰকাৰে মাহে ব্যয় কৰিবলগীয়া হয় ৩,২০০ কোটি টকা । নতুনকৈ আৰু এক লাখ নিযুক্তি দিলে চৰকাৰক অতিৰিক্তভাবে প্ৰয়োজন হ’ব আৰু চাৰিশৰ পৰা পাঁচশ কোটি টকা ।
ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ সংবাদমেল
'সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ স্বাস্থ্য খণ্ডৰ স্থান 12 নম্বৰত আছে ৷ পৰ্যাপ্ত চিকিৎসকৰ অভাৱত অসমৰ স্বাস্থ্য খণ্ডত এক পয়ালগা অৱস্থাৰ সৃষ্টি হৈছে ৷' এক সংবাদমেল সম্বোধন কৰি এইদৰে অসমৰ স্বাস্থ্য খণ্ডৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিলে ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিয়ে ৷
কৰ’ণা সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত শোণিতপুৰ আৰক্ষীয়ে আদৰণীয় পদক্ষেপ
কৰ’ণা সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত শোণিতপুৰ আৰক্ষীৰ বিশেষ পদক্ষেপ ৷ এতিয়াৰে পৰা সান্ধ্য আইনৰ সময়ত কোনো কাৰণ নোহোৱাকৈ ওলাই অহা লোকক পালেই ক’ভিডৰ এন্টিজেন টেষ্ট কৰি কৰ’ণাৰ অৱস্থিতি ধৰা পৰিলে তাৎক্ষণিক ভাৱে চিকিৎসালয় নতুবা গৃহ পৃথকীকৰণৰ ব্যৱস্থা কৰা হ’ব ৷ ফাৰ্মাচী সমূহৰ স’তে মোবাইল ফ’নৰ জৰিয়তে সংযোগ ৰাখিছে আৰু কৰ’ণাৰ পৰীক্ষা নকৰা লোকসকলে জ্বৰ তথা চৰ্দিৰ ঔষধ ক্ৰয় কৰিলে তথ্য লাভ কৰিব আৰক্ষীয়ে ৷ তেনে লোক সকলৰ কৰ’ণাৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিব আৰক্ষীয়ে ৷
পাঠশালাত অবৈধ বালি ভৰ্তি ডাম্পাৰ জব্দ
সোমবাৰে পাঠশালাত এখন অবৈধ বালি ভৰ্তি ডাম্পাৰ জব্দ বন বিভাগৰ ৷ ডাম্পাৰখন জব্দ কৰি আৰক্ষী চকীত গোচৰ ৰুজু কৰে বন বিভাগে ৷