অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি... - ডুমডুমা বিদ্যুৎ উপ-সংমণ্ডল

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

top 10 at 7 pm
সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : May 13, 2021, 7:05 PM IST

সমাগত বাৰিষাৰ বাবে সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ

সমাগত বাৰিষাৰ বাবে সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ ৷ কলিয়াবৰৰ বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্য‍ালয়ত নাও নিৰ্মাণৰ ব‍্যস্ততা ৷

ক'ভিডৰ কালৰূপ: চিকিৎসাধীন অৱস্থাতে ৫ দিনত অসমত মৃত্যু ৩১৯ জনৰ

অসমত ক্ৰমান্বয়ে কৰ'ণাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । বিগত ১৫ দিনত অসমত কালৰূপী কৰ'ণাই পৰি প্ৰাণ কাঢ়িছে ৬২৩ গৰাকী লোকৰ । বিগত মাত্ৰ পাঁচটা দিনৰ ভিতৰত মহামাৰীৰ কবলত পৰি ৩১৯ গৰাকী লোকৰ মৃত্যু হৈছে । ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোয়েলে দাঙি ধৰিছে এই তথ্য ।

দায়িত্ব লৈয়েই অসম চুক্তি ৰূপায়ণ বিভাগত উপস্থিত মন্ত্ৰী অতুল বৰা

বৃহস্পতিবাৰে ৰাজ্যৰ নৱনিযুক্ত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা উপস্থিত হয় বিভাগীয় কাৰ্যালয়ত । কাৰ্যালয়ত উপস্থিত হৈয়েই বিভাগীয় বিষয়াবৰ্গৰ সৈতে প্ৰায় এঘণ্টাজুৰি বৈঠকত মিলিত হয় মন্ত্ৰী বৰা ।

শোণিতপুৰত এদিনতে 1,100 ভেকচিন যোগান

শোণিতপুৰ জিলাৰ সদৰ তেজপুৰত ভেকচিনৰ নাটনি ৷ 18-44 বছৰৰ বয়সৰ লোকসকলক প্ৰদান কৰিবলগীয়া ক’ভেক্সিন সম্পূৰ্ণৰূপে খালী ৷ শংকিত হৈ পৰিছে শোণিতপুৰ ৰাইজ ৷

দুই দশকৰ মুৰত ভৈয়ামত থাকিব অসমৰ মুখ্যমন্ত্ৰী

প্ৰয়াত প্ৰাক্তন মুখ্য়মন্ত্ৰী তৰুণ গগৈ আৰু প্ৰাক্তন মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হিচাপে মুঠ 20 বছৰ পাহাৰত থকাৰ পাছত নৱ নিৰ্বাচিত হিমন্ত বিশ্ব শৰ্মা থাকিব ভৈয়ামত ৷ দিছপুৰৰ বৰ্তমানৰ যিটো মন্ত্ৰীৰ আৱাসত ড৹ শৰ্মাই বাস কৰি আহিছে সেইটোৱেই হ'ব মুখ্যমন্ত্ৰীৰ বাসগৃহ ।

মুমুৰ্ষ অৱস্থাত বস্তাত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ ছাত্ৰী

আৰক্ষীক অৱগত কৰাৰ দুদিন পাছতেই লক্ষণীয়ভাৱে আজি দিনৰ প্ৰায় ৪ বজাত ঘৰৰ সন্মুখতেই এটা গাঁতত দুটাকৈ বস্তাত ভৰাই বান্ধি থোৱা পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীক উদ্ধাৰ কৰে ৷ ছাত্ৰীগৰাকীক ততালিকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰে পৰিয়ালৰ লোকে ।

ডুমডুমা বিদ্যুৎ উপ-সংমণ্ডলৰ আজৱ কাণ্ড, মাচুল আহিল 83 হাজাৰ টকা

ডুমডুমা বিদ্যুৎ উপ সংমণ্ডলত সংঘটিত হৈ আহিছে কেতবোৰ আজৱ কাণ্ড ৷ মাহে মাহে বিদ্যুতৰ মাচুল পৰিশোধ কৰি অহাৰ পাচতো মাহেকত বিদ্যুতৰ মাচুল আহিছে 50-83 হাজাৰলৈ ৷

কৰ’ণাতংক: মৰাণত 15 দিনৰ বাবে বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠান

মৰাণত ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী 15 দিনৰ বাবে সকলো ধৰ্মীয় অনুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান ৰাজহ চক্ৰৰ অতিৰিক্ত চক্ৰ বিষয়া পাপৰি বৰগোঁহাইৰ ৷ ইয়াৰোপৰি, শুকুৰবাৰে ঈদৰ সময়ত এজন মৌলবীয়ে নামাজ পঢ়িব আৰু বাকীসকলে নিজ ঘৰতে নামাজ পঢ়ি ঈদ উদযাপন কৰাৰ কথা উল্লেখ কৰে অতিৰিক্ত চক্ৰ বিষয়াগৰাকীয়ে ৷

টাউক্তে: মাছমৰীয়াক উভতি আহিবলৈ নিৰ্দেশ উপকূলৰক্ষী বাহিনীৰ

আৰৱ সাগৰত আৰম্ভ হোৱা 'টাউক্তে' ঘূৰ্ণীবতাহৰ বাবে ভয়াৱহ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা । মাছ মৰা জাহাজ লৈ সাগৰত প্ৰৱেশ কৰা মাছমৰীয়াসকলক উভতি আহিবলৈ নিৰ্দেশ দিলে উপকূলৰক্ষী বাহিনীয়ে । ১৬ মে'ৰ ভিতৰত পূৱ আৰৱ সাগৰত ধুমুহাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ।

উত্তৰ প্ৰদেশত মৃত্যুৰ কিৰিলি: বালিচৰত মৃতদেহ ওপঙি থকাৰ দৃশ্য অতি ভয়ানক

উত্তৰ প্ৰদেশ আৰু বিহাৰৰ গংগা নদীত কৰ'ণা ৰোগীৰ মৃতদেহ ওপঙি থকাৰ দৃশ্যই সকলোকে স্তম্ভিত কৰি তুলিছে । উন্নাওৰ গংগা নদীৰ কাষৰ দুয়োটা স্থানত শ শ মৃতদেহ বালিত সৎকাৰ কৰাৰ দৃশ্য এতিয়া মৰ্মান্তিক ।

ABOUT THE AUTHOR

...view details