অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

top-10-at-7-pm
সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : May 12, 2021, 7:02 PM IST

অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহত ৰূপজ্যোতি কুৰ্মী

অপহৃত ৰিতুল শইকীয়াৰ ঘৰত উপস্থিত হৈ আলফা(স্বা) ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ৰাজনীতিৰ পথাৰলৈ অহাৰ আহ্বান মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ অপহৃত ৰিতুল শইকীয়াৰ মুকলিৰ বাবে আলফাৰ লগত মধ্যস্থতাকাৰী হ’বলৈ সাজু মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ।

ক'ভিড নিয়ন্ত্ৰণ: মাজুলীৰ দায়িত্ব ল’লে হিমন্তই, কোন মন্ত্ৰীৰ ভাগত কোন জিলা

ক'ভিডৰ জটিল পৰিস্থিতি পৰ্যালোচনাৰ বাবে নতুন মন্ত্ৰীসকলক জিলাসমূহ ভগাই দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলী জিলাৰ দায়িত্ব স্বয়ং মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মূৰ পাতি লৈছে ।

কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো

নৱ নিযুক্ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা এগৰাকী গতিশীল নেতা । হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখনে উন্নতিৰ দিশত ক্ষীপ্ৰতাৰে আগবাঢ়ি যাব- এই মন্তব্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ৷

গদ্য শৈলীৰ দিশত বেজবৰুৱাৰ সমপৰ্যায়ৰ আছিল হোমেন বৰগোহাঞি: প্ৰহ্লাদ তাছা

বেজবৰুৱাৰ পাছতেই গদ্য শৈলীৰ ফালৰ পৰা আমি স্থান দিব পাৰো হোমেন বৰগোহাঞিক ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি প্ৰহ্লাদ তাছাই শোক প্ৰকাশ কৰি হোমেন বৰগোহাঞিৰ মৃত্যুত এইদৰে মন্তব্য কৰিলে ৷

বৃহস্পতিবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব অধিক কঠোৰ নীতি নিয়ম

ভয়াৱহ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিছে পূৰ্বতকৈ অধিক কঠোৰ কেতবোৰ নীতি-নিৰ্দেশনা । ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই বুধবাৰে এখন সংবাদমেলযোগে ঘোষণা কৰে এই কথা।

বৰগোহাঞিৰ মহাপ্ৰয়াণত শোকস্তব্ধ প্ৰধানমন্ত্ৰী

হোমেন বৰগোহাঞিৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ টুইট ৷ বৰগোহাঞিৰ প্ৰতিটো সৃষ্টিককৰ্মত অসমীয়া সংস্কৃতি আৰু জীৱনবোধ প্ৰতিফলিত হৈছিল বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোডীৰ ৷

চাবুৱাৰ বালিজানত ৰে’লে মহতিয়ালে অট’

বুধবাৰে চাবুৱাৰ বালিজান চাইডিঙত ৰে'লে মহতিয়াই নিলে এখন অট’ । চাইডিঙৰ ৰে'ল ক্ৰচিঙত এই দুৰ্ঘটনা সংঘটিত হয় । ডিব্ৰুগড়-লালগড় অৱধ আছাম এক্সপ্ৰেছে খুন্দিয়ায় অট’খনত ।

টিপ্ৰা-বিজেপি ৰাজনৈতিক সংঘৰ্ষত কেবাজনো আহত, কঠোৰ নিৰাপত্তা ব্যৱস্থা

টিপ্ৰা মথা আৰু ৰাজ্যিক শাসকীয় বিজেপি দলৰ মাজত ৰাজনৈতিক সংঘৰ্ষ সৃষ্টি হয় । এই সংৰ্ষত় দুয়োটা দলৰ পাঁচজনৰো অধিক কৰ্মী আহত হয় ৷

ক’ভিড 19: ভাৰতৰ শেহতীয়া তথ্য

বিগত কেইবাদিনো ধৰি ভাৰতত ধাৰাবাহিকভাৱে দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আহিছে । যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৩,৪৮,৪২১ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে । আনহাতে, মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ৪২০৫ জন ৰোগীয়ে ।

ত্ৰিপুৰাৰ ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা পলায়ন ২৫ গৰাকীকৈ ৰোগীৰ, আটক ৭
সোমবাৰে নিশা ত্ৰিপুৰাৰ জিলাৰ অম্বাচা ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা পলায়ন ২৫ গৰাকী ক'ভিড ৰেগীৰ । পাচত আৰক্ষীৰ তৎপৰতাত স্থানীয় ৰে’ল ষ্টেচনৰ পৰা ৭ জনক আটক কৰিবলৈ সক্ষম হয় । বুধবাৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ক'ভিড কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ পূৰ্বে সংঘটিত এই ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে ।

ABOUT THE AUTHOR

...view details