অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

top-10-at-7-pm
সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : May 11, 2021, 7:02 PM IST

তেলেংগানাত 10 দিনৰ বাবে সম্পূৰ্ণ লক ডাউন ঘোষণা

তেলেংগানাত কাইলৈ অৰ্থাৎ বুধবাৰৰ পৰা পৰৱৰ্তী 22 মে’লৈ 10 দিনীয়া লক ডাউন ঘোষণা ৷ লক ডাউনৰ এই সময়ছোৱাত সকলো জৰুৰী সেৱা আৰু অত্যাৱশ্যকীয় সেৱাৰে জড়িত বাহন অথবা লোকৰ অহা-যোৱাৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে ৷

শপত গ্ৰহণৰ বাবে অনুমতি লাভ অখিল গগৈৰ

কাৰাগাৰৰ পৰা বিধানসভালৈ আহিব পাৰিব অখিল গগৈ ৷ শপত গ্ৰহণৰ বাবে অখিল গগৈক অনুমতি প্ৰদান আদালতৰ ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোনে কি দপ্তৰ পালে...

ঘোষণা কৰা হ’ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ লাভ কৰা মন্ত্ৰীৰ চূড়ান্ত তালিকা ৷ মুখ্যমন্ত্ৰী শৰ্মাৰ হাতত থাকিব গৃহ, কৰ্মচাৰী বিভাগ, লোক নিৰ্মাণ বিভাগ আৰু বিতৰণ নকৰা অন্যান্য বিভাগসমূহ ।

কৰ’ণাত আক্ৰান্ত হৈ জখলাবন্ধাৰ এগৰাকীৰ মৃত্যু

ক'ভিড-১৯ ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে জখলাবন্ধাৰ উদীপ্ত শইকীয়া নামৰ এজন লোকে । গোৱালপাৰাত থকা অৱস্থাতে তেওঁ মহামাৰীত আক্ৰান্ত হৈছিল । অৱশেষত সোমবাৰে নিশা মৃত্যুৰে যুঁজি হাৰ মানিলে উদীপ্ত শইকীয়াই ।

প্ৰতিমাহে এখনকৈ সংবাদমেল সম্বোধন কৰিম: মুখ্যমন্ত্ৰী হিমন্ত

মঙলবাৰে গুৱাহাটীস্থিত ৰাজ্যিক বিজেপি কাৰ্যালয়ত উপস্থিত হৈ দলীয় নেতা-কৰ্মীসকলক সাক্ষাৎ কৰে নৱ নিযুক্ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এতিয়াৰে পৰা প্ৰতিমাহে এখনকৈ সংবাদমেল সম্বোধন কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ৷

বাইকৰ ডিলাৰৰ পৰা ৰাজমিস্ত্ৰীয়ে লুটিলে লক্ষাধিক টকা

নগাঁৱৰ বাইকৰ ডিলাৰৰ পৰা ৰাজমিস্ত্ৰীয়ে লুটিলে কেইবা লক্ষাধিক টকা । চিচিটিভি কেমেৰাত বন্দী চুৰিৰ লাইভ দৃশ্য । আৰক্ষীৰ জালত চোৰ ।

ক'ভিড-১৯: ৰাজ্যত ২৪ ঘণ্টাত ৭৭ জনৰ মৃত্যু, ৫,৮০৩ গৰাকী আক্ৰান্ত

দিনকদিনে অধিক ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ ক'ভিড পৰিস্থিতি । মিনি লক ডাউনেও ৰুধিব পৰা নাই ক'ভিডৰ সংক্ৰমণ । নিতৌ অভিলেখসংখ্যক লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ লগতে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা । বিগত ২৪ ঘণ্টাত কৰ'ণাত আক্ৰান্ত হৈ ৭৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে মহামাৰীত আক্ৰান্ত হৈছে ৫,৮০৩ গৰাকী । ৰাজ্যত এতিয়ালৈকে আক্ৰান্ত আৰু মৃতকৰ এই সংখ্যা সৰ্বাধিক ।

ত্ৰিপুৰাৰ শান্তিৰ বজাৰত বাওঁমৰ্চাৰ প্ৰতিনিধিৰ দলক আক্ৰমণ

ত্ৰিপুৰাৰ শান্তিৰ বজাৰ মহকুমাৰ বিজেপি সমৰ্থকৰ দ্বাৰা আক্ৰমণৰ সন্মুখীন হয় ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰ নেতৃত্বাধীন বাওঁমৰ্চাৰ এটা প্ৰতিনিধিৰ দল ৷ প্ৰতিনিধিৰ দলটোৱে যোৱা ৫ মে'ত হিংসাত্মক আক্ৰমণৰ সন্মুখীন হৈ আহত হোৱা চিপিআইএম দলৰ কেইজনমান কৰ্মীৰ ঘৰলৈ যাবলৈ শান্তিৰ বজাৰ গৈছিল ।

ডিফুত মঙলচিং ইংতিৰ ৰবৰ গুদামত অগ্নিকাণ্ড

মঙলবাৰে ডিফুৰ ৰংমংৱেত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় । কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন ইএম মঙলচিং ইংতিৰ ৰবৰ গুদামত সংঘটিত হয় অগ্নিকাণ্ড । হাজাৰ হাজাৰ টকাৰ ৰবৰ জ্বলি নষ্ট হৈ যায় ।

চিৰাঙত বজ্ৰ পৰি এজন নিহত

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণিখাটাৰ কুমগুৰীত সোমবাৰে সন্ধিয়া বজ্ৰ পৰি এজন লোক নিহত হোৱাৰ লগতে আন চাৰিজন আহত হৈছে । জানিব পৰা মতে, এক বিয়াঘৰত সংঘটিত হৈছিল এই ঘটনা ।

ABOUT THE AUTHOR

...view details