অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

top 10 at 7 pm
সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : May 10, 2021, 7:06 PM IST

পৰীক্ষা বাতিল: একাদশ-দ্বাদশৰ সকলো শিক্ষাৰ্থী উত্তীৰ্ণ

একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো ছাত্ৰ-ছাত্ৰীকে উত্তীৰ্ণ ঘোষণা কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ৷ বিগত ৪ মে'ৰ পৰা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল ৷

মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰথমটো বদলিৰ নিৰ্দেশ: প্ৰধান সচিবৰ দায়িত্বত সমীৰ সিনহা

মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰূপে নতুনকৈ নিযুক্তি দিয়া হৈছে জ্যেষ্ঠ আইএএছ বিষয়া সমীৰ কুমাৰ সিনহাক । পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি থকা পৱন কুমাৰ বৰঠাকুৰক ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব পদলৈ বদলি কৰা হয় ।

মঙলবাৰে হিমন্ত চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক

মঙলবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ১৪ জনীয়া কেবিনেটৰে প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব । প্ৰথম কেবিনেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱে হ'ব ক'ভিডৰ জটিল পৰিস্থিতিৰ সৈতে কিদৰে মোকাবিলা কৰিব পাৰি তাৰ উপায় নিৰ্ণয় কৰা ।

ৰহস্যজনক ভাৱে গংগা নদীত ওপঙিছে অৰ্ধশতাধিক মৃতদেহ
বিহাৰৰ বখাৰ জিলাৰ গংগা নদীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰা হৈছে অৰ্ধশতাধিক মৃতদেহ ৷ প্ৰাপ্ত তথ্য অনুসৰি, বিহাৰ প্ৰশাসনে ইতিমধ্যে কেইবাজনো উচ্চ প্ৰদস্থ বিষয়াক মৃতদেহসমূহৰ তদন্তৰ বাবে প্ৰেৰণ কৰিছে ৷

চিৰাজুলিৰ চেণ্ট্ৰেল বেংকত ডকাইতি: ৮.৫ লাখ টকা লুট

শোণিতপুৰৰ চিৰাজুলিৰ চেণ্ট্ৰেল বেংকত ডকাইতি কাণ্ড ৷ তিনি অস্ত্ৰধাৰী লোকে অস্ত্ৰ দেখুৱাই লুটি নিয়ে বেংকৰ ধন ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

খোৱাং চাহ বাগিচাত বাহিৰা ব্যক্তিৰ প্ৰৱেশ নিষেধ

খোৱাং চাহ বাগিচাত বাহিৰা ব্যক্তিৰ প্ৰৱেশ নিষেধ ৷ ক’ভিড-19 ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেই চাহ বাগিচা কৰ্তৃপক্ষৰ এই সিদ্ধান্ত ৷

হিমন্ত বিশ্ব শৰ্মালৈ অভিনন্দন সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ

বিশ্ব হিন্দু মহাসংঘৰ লগতে মাজুলীবাসীৰ হৈ দক্ষিণপাট গৃহস্বামী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক অভিনন্দন জনাইছে । অসমৰ এজন সুদক্ষ আৰু অভিজ্ঞ ৰাজনীতিবিদ হিমন্ত বিশ্ব শৰ্মাক অনাগত দিনত অসমৰ সৰ্বাংগীণ উন্নয়নৰ লগতে মাজুলীৰ ভৌগোলিক সুৰক্ষা, শিক্ষা স্বাস্থ্যৰ আন বহুবোৰ সমস্যাৰ সমাধান কৰিবলৈ অনুৰোধ জনাই সত্ৰাধিকাৰ গৰাকীয়ে ।

নতুন চৰকাৰৰ শপত গ্ৰহণৰ দিনটোত কা বিৰোধী প্ৰতিবাদ

ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নৱগঠিত ৰাজ্য চৰকাৰে শপত গ্ৰহণ কৰাৰ দিনটোতে কা বাতিলৰ দাবীত শিৱসাগৰত তিনি জাতি-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ ৷ শিৱসাগৰৰ ঐতিহাসিক শিৱদ'লৰ সন্মুখত কা বাতিলৰ দাবীত অসম ছাত্ৰ যুৱ সন্মিলন, সদৌ অসম অনুসূচীত ছাত্ৰ সন্থা আৰু মৰিয়া যুৱ ছাত্ৰ সন্থাই প্লে’কাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে অসমৰ নতুন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক চুবুৰীয়া অন্য ৰাজ্যৰ দৰে কা বাতিলৰ বাবে অসম বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰি সৎ সাহস দেখুৱালৈ প্ৰত্যাহ্বান জনায় ।

আত্মসমপৰ্ণকাৰী আলফা(স্বা)ৰ সদস্যক সোণাৰি থানাত হাজিৰ

সশস্ত্ৰ সংগ্ৰাম এৰি মূলসূঁতিলৈ ঘূৰি আহিল আলফা(স্বা)ৰ সদস্য শোণিত চুতীয়া । শনিবাৰে নাগালেণ্ডৰ মন জিলাৰ ম্যানমাৰ সীমান্তত থকা ২৮ নং অসম ৰাইফলছৰ শিবিৰত পত্নী-পুত্ৰসহ আত্মসমৰ্পণ কৰে শোণিত চুতীয়াই ।

২৪ ঘন্টাত বৰপেটা আৰক্ষীৰ জালত 4 টাকৈ চোৰ

বৰপেটা আৰক্ষীৰ অভিযানত ২৪ ঘন্টাৰ ভিতৰত আটক হৈছে চাৰিটাকৈ চোৰ ৷ আটক হোৱা চোৰকেইটা ক্ৰমে ফুলচান আলী, নজমূল হক, নৱজিৎ দাস আৰু ভগৱান মজুমদাৰ বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details