এক অনন্য পৰিৱেশত ক’ভিড ভেকচিন গ্ৰহণ ডিব্ৰুগড়বাসীৰ
ডিব্ৰুগড়ৰ এখন চিকিৎসালয় ৷ পাৰ্কৰ দৰেই দেখিবলৈ এই চিকিৎসালয়খনত ক’ভিড ভেকচিনৰ বাবে ৰাইজৰ সুবিধাৰ্থে কৰি কিছুমান প্ৰশান্তি লাভৰ সুব্যৱস্থা কৰা হৈছে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ৷
ক'ভিড-19 ত মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে ঠাইৰ অভাৱ গুৱাহাটীত !
ৱেটিং লিষ্টত ৰাখিবলগীয়া হৈছে মৃতদেহ । গুৱাহাটীৰ ভূতনাথ আৰু উলুবাৰী শ্মশানত মৃতদেহৰ লানি লাগিছে । নিশা ১২ বজালৈ জ্বলিছে চিতা। দৈনিক ১৫ৰ পৰা ২০ টালৈ মৃতদেহ সৎকাৰ ।
অব্যাহত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীকেন্দ্ৰিক শীতল যুঁজখন
ৰাজ্যৰ ৰাজনীতিত অব্যাহত আছে মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিতৰ্ক । নিৰ্বাচনী ফলাফল ঘোষণাৰ তিনিদিন উকলি যোৱাৰ পাচতো ঘোষণা কৰা হোৱা নাই বিজেপি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰীৰ নাম ৷ একাংশই মুখ্যমন্ত্ৰী পদত পুনৰ সৰ্বানন্দ সোণোৱালক বিচৰাৰ বিপৰীতে আন একাংশই বিচাৰে প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷
বিধানসভালৈ ৪৬ খন নতুন মুখ: ১৮ জনেই বিজেপিৰ
অসম বিধানসভালৈ এইবাৰ আগমন ঘটিছে ৪৬ খন নতুন মুখৰ । প্ৰথমবাৰলৈ বিধায়ক হিচাপে জয়ী হৈ অহা নৱনিৰ্বাচিত এই ৪৬ গৰাকী বিধায়কৰ ১৮ গৰাকীয়েই হৈছে বিজেপিৰ । কংগ্ৰেছৰ পৰা বিজয়ী হৈ আহিছে ১১ গৰাকী নতুন মুখৰ বিধায়ক । নিৰ্বাচিত হৈ আহিছে অগপৰ দুগৰাকী নতুন মুখৰ বিধায়ক । ৰাইজৰ দল আৰু চি পি এমৰ এগৰাকীকৈ বিধায়ক এইবাৰ বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে । ইউ পি পি এলৰ ছয়গৰাকী জনপ্ৰতিনিধি আৰু এ আই ইউ ডি এফৰ পৰা আহিছে ৭ গৰাকী নতুন মুখৰ বিধায়ক ।
গুৱাহাটীত ৰেল’ৰ ডবাত স্থাপন হ’ব ক’ভিড কেয়াৰ চেন্টাৰ
ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা । বিগত ২৪ ঘণ্টাত ক'ভিডত প্ৰাণ হেৰুৱাইছে ৪১ গৰাকী লোকে । ভয়াৱহ ক’ভিড পৰিস্থিতিৰ পৰ্তি লক্ষ্য ৰাখি ৰেল ষ্টেচনত ক’ভিড কেয়াৰ চেন্টাৰ স্থাপনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৷