হাগ্ৰামা আচলতে কাৰ লগত ? তুৰুপৰ তাচ হব নেকি বি পি এফ ?
বিগত নিৰ্বাচনৰ সময়ত বি পি এফৰ বিৰুদ্ধে সীমা চেৰাই যোৱাকৈ নিৰ্বাচনী সভাসমূহত ভাষণ দিছিল মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই । ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী সভাত হাগ্ৰামা বি পি এফৰ বিৰুদ্ধে এটা শব্দও উচ্চাৰণ কৰা নাছিল ৷ মহাজোঁটৰ ফলাফল যদিহে আশানুৰূপ নহয় আৰু বিজেপিত মুখ্যমন্ত্ৰী পদক লৈ এক অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে হাগ্ৰামা মহিলাৰী আৰু বি পি এফৰ বিধায়কবৰ্গই মহাজোঁট এৰি সোণোৱালৰ পক্ষত থিয় দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ৷
আই পি এল: ৱাংখেৰেত চেন্নাইৰ মূখামূখি হ’ব পাঞ্জাৱ
শুকুৰবাৰে মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত আই পিএলৰ অষ্টমখন মেচ চেন্নাই চুপাৰ কিংছ আৰু পাঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হ‘ব ৷ প্ৰথম মেচত ৰাজস্থান ৰয়েলচৰ বিৰুদ্ধে জয়লাভ কৰি থকা প্ৰৱল আত্মবিশ্বাসী পাঞ্জাৱ কিংছ দলে জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব ৷
ক'ভিড সমীক্ষাঃ শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ বৈঠক
দেশৰ ভিতৰতে আটাইতকৈ বেছি ক'ভিড-১৯ সংক্ৰমণ হোৱা ৰাজ্যসমূহৰ স্বাস্থ্য মন্ত্ৰীৰ সৈতে শনিবাৰে বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে । মহামাৰীৰ সময়ত ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সুবিধাসমূহ বৃদ্ধি কৰা সন্দৰ্ভত সোমবাৰে দেশৰ ভিন্ন প্ৰান্তত থকা AIIMS হাস্পতালৰ কৰ্তৃপক্ষৰ সৈতেও আলোচনা কৰিব কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।
বিমান বন্দৰত উপস্থিত এআইইউডিএফৰ 20 গৰাকীকৈ প্ৰাৰ্থী
ৰাজস্থানৰ জয়পুৰস্থিত ফেয়াৰম’ণ্ট হোটেলৰ পৰা শুকুৰবাৰে অসমত আহি উপস্থিত হ’ল এআইইউডিএফৰ 20 গৰাকীকৈ প্ৰাৰ্থী ৷ মুঠ 8 দিন ধৰি বিলাসী হোটেলখনত থাকি বৈঠকত ভাগ লোৱাৰ পাচত জয়পুৰৰ পৰা বিদায় লৈছে দলটোৰ প্ৰাৰ্থীসকলে ৷ আৰক্ষী-নিৰাপত্তাৰক্ষীৰ আৱেষ্টনীৰ মাজেৰে হোটেলৰ পৰা বাছেৰে জয়পুৰ বিমানবন্দৰত উপস্থিত হৈ তাৰ পৰা বিমানযোগে আহি অসমত উপস্থিত হ’ল এআইইউডিএফ প্ৰাৰ্থীসকল ৷ উল্লেখ্য যে, চলিত মাহৰ 9 তাৰিখে জয়পুৰৰ বিলাসী হোটেল ফেয়াৰম’ণ্টত উপস্থিত হৈছিল এইবেলি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা এআইইউডিএফৰ 20 গৰাকীকৈ প্ৰাৰ্থী ৷
শিলচৰত অগ্নিকাণ্ড: দুজনৰ মৃত্যু
শিলচৰত এটা বাসগৃহত অগ্নিসংযোগ কৰি এটা পৰিয়ালক হত্যাৰ অপচেষ্টা দুৰ্বৃত্তৰ ৷ ভূ-মাফিয়াৰ দ্বাৰা অগ্নিকাণ্ডটো সংঘটিত হৈছে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷