কৰ’ণাতংকৰ মাজতে লক্ষাধিক টকাৰ বাজেটেৰে সাজু বিহুতলী
বুধবাৰে সন্ধিয়াৰ ভাগৰ পৰা মঞ্চবিহুৰ অনুষ্ঠানসমূহে মুখৰিত কৰি তুলিব ৰাজ্যৰ আকাশ-বতাহ । ইয়াৰ বাবে লাখ লাখ টকা ব্যয় সাপেক্ষে সাজু হৈছে মঞ্চবিহুৰ আয়োজকসকল । নামী-দামী তাৰকা শিল্পীৰ গীতে-মাতে ৰজন-জনাব বিহুতলীসমূহ । এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...
কলকাতা বিমানবন্দৰত বাধ্যতামূলক ক’ভিডৰ ৰিপ’ৰ্ট
দেশত ক'ভিড প্ৰতিৰোধক হিচাপে টীকাকৰণ প্ৰক্ৰিয়া চলি আছে যদিও একাংশ ৰাজ্যত পুনৰ বৃদ্ধি হৈছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা । আনকি কিছুমান স্থানত সান্ধ্য আইন জাৰি কৰাৰ দৰে পৰিৱেশৰো সৃষ্টি হৈছে । কলকাতা বিমানবন্দৰত বাধ্যতামূলক হ’ব ক’ভিড পৰীক্ষাৰ ফলাফল ৷
অসমৰ সংস্কৃতিৰ পৰা ক্ৰমশ বিলুপ্তিৰ পথত কড়ি খেল
সমন্বয়-সম্প্ৰীতিৰ প্রতীক তথা আহোম স্বৰ্গদেউসকলৰ আমোলতে গড়গাঁৱৰ কাৰেংঘৰত ৰাজ পৰিয়াল আৰু ৰাজ বিষয়াসকলে খেলিছিল কড়ি খেল ৷ সম্প্ৰতি অসমৰ সংস্কৃতিৰ পৰা বিলুপ্তিৰ পথত এই কড়ি খেল ৷ শিৱসাগৰৰ আমগুৰিৰ দিকচু মাউৎ গাঁৱৰ বহুকেইটা পৰিয়ালে জীয়াই ৰাখিছে এই পৰম্পৰা । তাহানি বহু গাঁৱৰ বুকুত জীপাল হৈ থকা কড়ি খেল কি এতিয়া বহুতেই নাজানে ।
নদীত গা ধুৱলৈ গৈ ভাতৃ-ভগ্নীৰ সলিল সমাধি
চতিয়াত শোকাবহ ঘটনা । গৰু বিহুৰ দিনা ঘিলাধাৰী নদীত গা ধুবলৈ গৈ পুৰণিগাঁৱৰ ভাতৃ-ভগ্নীৰ সলিল সমাধি ঘটে ।
কাউৰজাহীত কালভাৰ্ট নিৰ্মাণক লৈ তীব্ৰ যানজঁট
কলগাছিয়াৰ কাউৰজাহীত উত্তেজনা । পথ বন্ধক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ যানজঁটৰ ৷ ব্যাহত হৈ পৰে সম্পূৰ্ণ যাতায়ত ব্যৱস্থা । ফুট ব্ৰীজ নিৰ্মাণ নকৰাকৈ কালভাৰ্টৰ কাম কৰাত সৃষ্টি হৈছে এই পৰিস্থিতিৰ ।