অসম

assam

ETV Bharat / state

7 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

7 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

7 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
7 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Jan 6, 2021, 7:03 PM IST

খাৰঘূলিত বিধ্বংসী অগ্নিকাণ্ড : জীৱন্তে অগ্নিদগ্ধ বৃদ্ধা

গুৱাহাটীৰ খাৰঘূলিত এটি পৰিত্যক্ত গৃহত অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নিকাণ্ডত এগৰাকী অসহায় মহিলা জীৱন্তে অগ্নিদগ্ধ হয় ৷ মৃত বৃদ্ধা গৰাকীৰ নাম ধনমায়া বিশ্বকৰ্মা (৮৭) ৷

কোন বন্ধুৰ সৈতে নিশা অতিবাহিত কৰিছিল সাংসদ পুত্ৰই ?

সন্ধান ওলাল সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ অমিত ৰাজ দৈমাৰীৰ ৷ বুধবাৰে ছাপাগুৰি বজাৰৰ পৰা উদ্ধাৰ কৰে সাংসদ পুত্ৰক ৷ নিজ ইচ্ছাৰে বিদ্যালয়ৰ পৰা পলায়ন কৰিছিল সাংসদ পুত্ৰই ৷

DCGIৰ অনুমোদনৰ পিচতো 69 শতাংশ লোকৰ প্ৰতিষেধক ল’বলৈ অস্বীকাৰ

'Local Circles' নামৰ সংস্থাৰ সমীক্ষাত ভয়ংকৰ তথ্য প্ৰমাণিত ৷ ভাৰতত প্ৰায় 69 শতাংশ লোকে প্ৰতিষেধক লোৱাৰ ক্ষেত্ৰত দ্বিধাবোধ কৰিছে ৷ মাত্ৰ 26 শতাংশ লোকেহে প্ৰতিষেধক প্ৰদানত সমৰ্থন জনাইছে ৷

ভাৰতত নতুনকৈ 18,088 লোক ক'ভিডত আক্ৰান্ত

বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰা তথ্য অনুসৰি মঙলবাৰলৈকে 1,03,74,932 জন ক'ভিড-19 আক্ৰান্ত হোৱাৰ লগতে 5 জানুৱাৰীলৈকে 17,74,63,405 টা নমুনা পৰীক্ষা কৰা হৈছে ৷

নগাঁৱত অসম জাতীয় মহিলা শক্তিৰ যোগদান সমাৰোহ

অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ যোগদান সমাৰোহত অৱসৰপ্ৰাপ্ত জিলা উপায়ুক্ত ছমসেৰ সিঙৰ দাবী । আগন্তক বিধানসভা নিৰ্বাচনত নগাঁৱৰ আটাইকেইখন আসনেই দখল কৰিব অসম জাতীয় পৰিষদে।

জুক' ভেলীৰ বন জুই: নিৰ্বাপনৰ বাবে যোৱা এনডিআৰএফ কৰ্মীৰ মৃত্যু

জুক' ভেলীৰ জুই নিৰ্বাপনৰ দায়িত্বত থকা এনডিআৰএফৰ অতিৰিক্ত উপ পৰিদৰ্শকৰ মৃত্যু ৷ পূব মণিপুৰৰ অগ্নি নিৰ্বাপন ক্ষেত্ৰৰ দায়িত্বত থকা মণিপুৰৰ নিৱাসী তথা ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ অতিৰিক্ত উপ পৰিদৰ্শক নগৎসম্বাম বিনয় মিইতেইৰ মৃত্যু ৷ মণিপুৰৰ মুখ্যমন্ত্ৰী ইববী সিঙে প্ৰকাশ কৰিছে এই কথা ৷ এই মুহূৰ্তলৈকে বিষয়াগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷

সামাজিক মাধ্যম হোৱাটছ এপে সংশোধন কৰিলে গোপনীয়তাৰ নীতি

জনপ্ৰিয় সামাজিক মাধ্যম হোৱাটছ এপে ইয়াৰ চৰ্তাৱলী আৰু গোপনীয়তাৰ নীতি সংশোধন কৰিছে ৷ ইয়ে কি বুজায় ? ইয়াৰ দ্বাৰা আমাৰ তথ্যসমূহ সুৰক্ষিত থাকিবনে ? সকলোৰে উৰ্ধত হোৱাটছ এপে কৈছে End to End Encryptionৰ কথা ৷ আমাৰ সকলো কথাবাৰ্তা আৰু ফটোসমূহ সুৰক্ষিত থাকিবনে ? এই সকলোবোৰ বিশ্লেষণ কৰিছে ভাৰতৰ চাইবাৰ সুৰক্ষা সংস্থাৰ মহানিৰ্দেশক তথা চাইবাৰ সুৰক্ষা বিশেষজ্ঞ কৰ্ণেল ইন্দ্ৰজিৎ সিঙে ৷

বৰঘূলীৰ খহনীয়া পীড়িত অঞ্চলত গাইড-বান্ধ নিৰ্মাণত দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ

শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ পানী শুকাইছে যদিও পুনৰ লেহেমীয়া গতিত কাম আৰম্ভ কৰিছে একাংশ ঠিকাদাৰে । ইফালে জিঅ' বেগৰ গাইড-বান্ধ নিৰ্মাণত দুৰ্নীতি অনিয়মৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ । প্ৰতিটো জিঅ' বেগত ১২৬ কে. জি.কৈ মাটি আৰু বালি ভৰ্তি কৰিব লাগে যদিও কেৱল ৪০-৫০ কে. জি. মানকৈ কেৱল নদীৰ বালি ভৰ্তি কৰি জিঅ' বেগবোৰ যধে-মধে নৈ বুকুত পেলাই দিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু কংগ্ৰেছঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে অসমৰ প্ৰতিখন জিলাতে বুথ সন্মিলন অনুষ্ঠিত কৰাৰ কাম সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে অসম প্ৰদেশৰ কংগ্ৰেছ কমিটীয়ে । বুধবাৰে তেজপুৰস্থিত ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে অসম প্ৰদেশৰ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই । তেওঁ কয় যে, অসমত প্ৰদেশ কংগ্ৰেছৰ নির্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে ।

36 নং ৰাষ্ট্ৰীয় ঘাইপথত অসম চাহ মজদুৰ সন্থাৰ প্ৰতিবাদ

বুধবাৰে কঠীয়াতলীৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ মজদুৰ সন্থাই । ৰামু নায়ক হত্যাকাণ্ডৰ ন্যায় বিচাৰি কঠীয়াতলী 36 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ।

ABOUT THE AUTHOR

...view details