সুধাকণ্ঠৰ অন্তিম শয়নৰ ভাস্কৰ্য অংকন
কিশোৰ বেজবৰুৱা নামৰ এগৰাকী নলবাৰীৰ যুৱকে সাজি উলিয়াইছে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ অন্তিম শয়নৰ দৃশ্য ৷ ইয়াৰোপৰি কিশোৰে চন্দন কাঠত দেশৰ ভিতৰতে ক্ষুদ্ৰতম এটি হাতী অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে ৷
মিজোৰামত ৰাষ্ট্ৰপতি শাসনৰ দাবী তুলিলে প্রাক্তন মন্ত্রী ছিদ্দিক আহমেদে
প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে মিজোৰামত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিবলৈ দাবী উৎত্থাপন কৰিছে চৰকাৰক ৷ লগতে তেওঁ উল্লেখ কৰে যে, বিগত সময়চোৱাতো মিজোৰামে অসমৰ ভূমি আগ্ৰাসন কৰাৰ চেষ্টা কৰি আহিছে; কিন্তু সেই সময়ত চৰকাৰে শক্তিশালী প্ৰদক্ষেপ গ্ৰহণ কৰাৰ বাবেই মিজোয়ে আগ্ৰাসন কৰিব পৰা নাছিল ৷
কামপুৰত মধ্যাহ্ন ভোজনৰ চাউল বিতৰণত বিসংগতিৰ অভিযোগ
কঠিয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত কামপুৰ জিতগাঁও প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে সৃষ্টি হয় উত্তেজনাৰ ৷ ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনৰ চাউল বিতৰণত হোৱা বিসংগতিক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ হিচাপতকৈ বহু পৰিমানে চাউল কমকৈ দিয়াৰ লগতে অভিভাকক দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষক জয়নাল আবেদিনৰ বিৰুদ্ধে ৷
বিদ্যালয়ৰ কোঠালিত নিশা কটালে অৰ্ণৱ গোস্বামীয়ে
এগৰাকী ইন্টীৰিয়ৰ ডিজাইনাৰৰ আত্মহত্যাৰ সংক্ৰান্তত বুধবাৰে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত প্ৰথম নিশা অৰ্ণৱ গোস্বামীয়ে এখন স্থানীয় বিদ্যালয়ৰ কোঠালিত কটাবলগীয়া হয় ৷
তৰুণ গগৈৰ স্বাস্থ্যৰ খবৰ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে
ক্ৰমাৎ সুস্থিৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা ৷ গগৈৰ স্বাস্থ্যৰ বুজ লবলৈ গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত বৃহস্পতিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷