অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি... - TOP 10 AT 7 PM

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি...

TOP 10 AT 7 PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি...

By

Published : Nov 3, 2020, 7:00 PM IST

মিজো আগ্ৰাসনৰ বিৰুদ্ধে হাইলাকান্দিত কৃষক মুক্তিৰ প্ৰতিবাদ

হাইলাকান্দিত কৃষক মুক্তিৰ প্ৰতিবাদ ৷ মিজো আগ্ৰাসনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ সমস্যা সমাধান নোহোৱা পৰ্যন্ত যাতায়ত বন্ধ কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷

আদালতত হাজিৰ JEE কেলেংকাৰীৰ অপৰাধীক

আজি পুনৰ আদালতলৈ প্ৰেৰণ কৰা হৈছে JEE কেলেংকাৰীৰ ৫জনক । গ্ৰেপ্তাৰ হোৱাৰ পিচত আৰক্ষীয়ে ৭ দিনৰ বাবে নিজৰ জিন্মাত বিছাৰিছিল আটাইকেইজনকে । ইয়াৰ পাচতে আদালতে ৫ দিনৰ বাবে আৰক্ষীৰ জিন্মাত দিছিল পাঁচোজনকে ।

শীঘ্ৰে বচ্চন পাণ্ডেৰ ছেটত ভূমুকি মাৰিব অক্ষয় কুমাৰ আৰু কৃতি সেননে

বলীউডৰ খিলাড়ী কিং অক্ষয় কুমাৰ আৰু অভিনেত্ৰী কৃতি সেননক শীঘ্ৰে একেলগে দেখা যাব আহিবলগীয়া নতুন ছবি বচ্চন পাণ্ডেত ৷ বলীউডৰ চিনেমাখনৰ শ্বুটিং আগন্তুক বৰ্ষৰ প্ৰথমভাগৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ৷ চিনেমাখনৰ নিৰ্মাতাসকলে ইতিমধ্যে শ্বুটিঙৰ বাবে নিৰ্বাচন কৰিছে ৰাজস্থানৰ জয়ছালমেৰ নামৰ মনোমোহা ঠাই টুকুৰাক ৷

চিৰাঙত আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী

চিৰাঙৰ বেংতলত গাঞ্জাসহ এজন গ্ৰেপ্তাৰ। ৰাণীসুন্দৰীত আইনদীৰ পাৰঘাটত আৰক্ষী আৰু চি আৰ পি এফৰ অভিযানত গ্ৰেপ্তাৰ লোকজনক ।

গুৱাহাটী বিশ্ববিদ্যালয়ত আছুৰ কেন্দ্ৰীয় সমিতিৰ অন্তিম কাৰ্যনিৰ্বাহক বৈঠক

কাৰ্যনিবাৰ্হক বৈঠকত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংকৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈকে প্ৰমুখ্য কৰি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সকলো সদস্য।

যাত্ৰীবাহী ৰেলৰ পুনৰ চলাচলৰ দাবীৰে সচেতন নাগৰিকৰ স্মাৰক পত্ৰ প্ৰদান

যাত্ৰীবাহী ৰেল পুনৰ চলাচলৰ দাবীৰে সচেতন নাগৰিকৰ দ্বাৰা স্মাৰক পত্ৰ প্ৰদান ৷ ৰঙিয়াৰ ডিআৰ‌এমক প্ৰাক্তন বিধায়ক অনন্ত ডেকাসহ বহু কেইগৰাকী সচেতন নাগৰিকে প্ৰদান কৰে এই স্মাৰক পত্ৰ ৷

শ্বেৰমান আলীক তীব্ৰ কটাক্ষ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

গোলাঘাটত বিধায়ক শ্বেৰমান আলী আহমেদক তীব্ৰ কটাক্ষ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ । ৰাজ্যসভাৰ সাংসদগৰাকীয়ে শ্বেৰমান আলীক অসমীয়া নহয় বুলি কোৱাৰ লগতে মগজুৰ বিকৃতি ঘটা বুলি দাবী কৰে ৷

মূল্যবৃদ্ধি ৰোধৰ দাবীত উত্তাল বৰপেটা

খাদ্য-সামগ্ৰী আৰু পেট্ৰলিয়ামজাত সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰিবৰ বাবে আজি বৰপেটাত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ন কৰা হয় ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মূল্যবৃদ্ধি ৰোধ কৰিবৰ বাবে চৰকাৰক দাবী জনায় পালন কৰে এই ধৰ্মঘটৰ কাৰ্যসূচী ৷

দোষীৰ শাস্তিৰ দাবীত টিংখাং বাসীৰ প্ৰতিবাদ

বিধায়ক বিমল বৰাৰ নিৰ্দেশত কিছুদিন পূৰ্বে টিংখাঙৰ একাংশ প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণ চলাইছিল গুণ্ডাবাহিনীয়ে ৷ উক্ত ঘটনাত জড়িত দোষীৰ শাস্তি দাবী কৰি প্ৰতিবাদকাৰী সকলে মঙলবাৰে ৰাজহ চক্ৰ বিষয়াক প্ৰদান কৰে এখনি স্মাৰকপত্ৰ ৷

কমলপুৰত অবৈধ প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰসাসনৰ উচ্ছেদ অভিযান

কামৰূপ জিলাৰ কমলপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ অবৈধ দোকানৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ বাধ্য হয় ৷

ABOUT THE AUTHOR

...view details