অসম

assam

By

Published : Oct 6, 2020, 6:52 PM IST

ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 AT 7 PM
সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

মৰিগাঁৱত কলা বেজ পৰিধান কৰি বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে প্ৰতিবাদ

মৰিগাঁৱত প্ৰতিবাদ ৷ আছুকে দৰি বহু কেইটা সংগঠনৰ প্ৰতিবাদ ৷ বিধায়ক ৰমাকান্ত দেউৰীক গ্ৰেপ্তাৰৰ দাবী জনাই প্ৰতিবাদকাৰীয়ে ৷

বুঢ়ীদিহিং নদীৰ খহনীয়া অব্যাহত

খহনীয়াত জাহ যোৱাৰ দিশে লেঙেৰী মৌজাৰ অন্তৰ্গত পূবেৰুণ কৃষিপাম নিগম ৷ দীৰ্ঘদিনে অব্যাহত থকা এই খহনীয়াই নৈপৰীয়া অঞ্চলটোৰ প্ৰায় এশটা পৰিয়াললৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি ৷

SI কাণ্ডৰ মূল অভিযুক্ত পি কে দত্তক গ্ৰেপ্তাৰ

প্ৰাক্তন আৰক্ষী বিষয়া দত্তক ভাৰত-নেপালৰ সীমান্তৱৰ্তী কাকাৰভিটাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ কেচিন’ৰ ব্যৱসায় সূত্ৰে নেপাললৈ সঘন আহ-যাহ অব্যাহত ৰাখিছিল দত্তই ৷

ধৰ্ষণকাৰীৰ একমাত্ৰ শাস্তি মৃত্যুদণ্ডঃ প্ৰতিবাদকাৰী

দেশৰ নাৰী সুৰক্ষাৰ স্বাৰ্থত প্ৰয়োজনত আত্মৰক্ষাৰ বাবে নাৰীক অস্ত্ৰ তুলি লোৱাৰ ক্ষমতা প্ৰদান কৰিব পৰা এখন আইন প্ৰণয়নৰ আহ্বান জনাই হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অভিনেত্ৰী চিমী গোস্বামীৰ নেতৃত্বত মঙলবাৰে প্ৰতিকুল বতৰকো নেওচি তেজপুৰৰ একাংশ সচেতন মহিলা, যুৱতী আৰু কিশোৰীয়ে দিনৰ প্ৰায় 1 বজাৰ পৰা দেশত সংঘটিত হৈ থকা সকলো ধৰণৰ ধৰ্ষণ কাণ্ডৰ তীব্ৰ প্ৰতিবাদ জনাই সকলো ধৰ্ষণকাৰী বয়স, ধৰ্ম বিচাৰ নকৰি মৃত্যুদণ্ডৰ দাবী জনায় ৷

কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

'হাথৰসৰ পীড়িতাৰ পৰিয়ালক লগ কৰিবলৈ যাওঁতে আৰক্ষীয়ে মোৰ সৈতে থেলা-হেঁচা কৰাতো একো ডাঙৰ কথা নহয়': ৰাহুল গান্ধী। পঞ্জাৱৰ পাটিয়ালাত সংবাদমেলযোগে কেন্দ্ৰীয় চৰকাৰক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছ নেতাগৰাকীৰ। কৃষি আইন, বিমুদ্ৰাকৰণ, জি এছ টি, COVID-19ৰ বাবে সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ নিয়ন্ত্ৰণ আৰু পূৱ লাডাখত চীনৰ আগ্ৰাসনক লৈ কটাক্ষ কৰে ৰাহুলে।

পথ নিৰ্মাণৰ অনিয়মক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

তিনিচুকীয়াৰ ফিল’বাৰীত পথ নিৰ্মাণত বিসংগতি ৷ এই পথ নিৰ্মাণৰ কামত নিয়োজিত আছিল বিধায়কৰ ঘনিষ্ঠ হিচাপে পৰিচিত ঠিকাদাৰ সুনীল শ্বাহ ৷

পোষ্টেল বেলটক লৈ নতুন নিৰ্দেশনা জাৰি নিৰ্বাচনী আয়োগৰ

পোষ্টেল বেলট সন্দৰ্ভত কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচনী আয়োগে। এই নতুন নিৰ্দেশনা বিশেষভাৱে সক্ষম লোক আৰু ৮০ৰ উৰ্দ্ধৰ বয়োজ্যষ্ঠৰ বাবে অধিক সুবিধাজনক হ'ব।

ধুবুৰীত কাছৰ মাংস ভক্ষণ কৰা বৃদ্ধাক আটক বন বিভাগৰ

ধুবুৰীত কাছৰ মাংস ভক্ষণ কৰা বৃদ্ধাক আটক বন বিভাগৰ ৷ সাংবাদিকৰ খবৰৰ ভিত্তিত আটক কৰে লোকজনক ৷

চাংসাৰীত পথ দুৰ্ঘটনাঃ নিহত এক

চাংসাৰীত পথ দুৰ্ঘটনা ৷ চাংসাৰী থানাৰ সমীপতে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো ।

ৰঙিয়াত ৰাইজৰ প্ৰচেষ্টাত মেৰামতি গড়কাপ্তানী পথ

ৰঙিয়াত ৰাইজৰ প্ৰচেষ্টাত মেৰামতি কৰা হল গড়াকপ্তানী পথ ৷ তিনিমাহ পূৰ্বে বানপানীয়ে পথটি ছিঙি লৈ যোৱাৰ পিচত যাতায়তৰ অনুপযোগী হোৱাৰ বাবে ৰাইজে নিজাববীয়াকৈ মেৰামতি কৰিলে পথটি ৷

ABOUT THE AUTHOR

...view details