77 সংখ্যক জন্মজয়ন্তীত ৰাণা দাক সশ্ৰদ্ধ সোঁৱৰণ
সৰুৰে পৰাই সংগীতৰ প্ৰতি ৰাপ থকা জয়ন্ত হাজৰিকাই মাত্ৰ ৯ বছৰ বয়সতেই সংগীতৰ সুৰ দিছিল। আৰু সেয়াই আছিল আৰম্ভণি। ১৯৬০ চনত অসমীয়া সংগীত জগতত খোজ পেলোৱা জয়ন্ত হাজৰিকাই মৃত্যুৰ সময়লৈকে ৰচি গৈছিল এটাৰ পিছত আনটো কালজয়ী গীত ৷
পত্নী হত্যাকাৰীৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি..
কাকী কাছধৰা গাঁৱত নিজ পত্নীক নৃশংসভাৱে হত্যা কৰা মণ্টু দাস অৱশেষত আৰক্ষীৰ জালত ৷ নিজ পত্নীক বাহেঁৰে মৰিয়াই-মৰিয়াই হত্যা কৰিছিল লোকজনে ৷
প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতে DCP ৰ প্ৰতিক্ৰিয়া
অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পদৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উপ আৰক্ষী আয়ুক্ত হেমন্ত কুমাৰ দাসে ৷ তেওঁ জনোৱা অনুসৰি, পৰবৰ্তী সময়ত পুনৰ প্ৰাৰ্থী সকলে সুকলমে পৰীক্ষা দিব পাৰিব বুলি মন্তব্য কৰে ৷ পুনৰ এই পৰীক্ষা অনুষ্ঠিত হলে কোনো ধৰণৰ খেলি মেলি নোহোৱাকৈ অনুষ্ঠিত কৰিব বুলি মন্তব্য কৰে উপ আৰক্ষী আয়ুক্ত হেমন্ত কুমাৰ দাসে ৷
কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইন কৃষক বিৰোধী: ভাস্কো ডি শইকীয়া
কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংবাদমেলত কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা কৃষি আইনখন কৃষক বিৰোধী আখ্যা দিয়াৰ লগতে প্ৰৱৰ্তন কৰা উক্ত অধ্যাদেশ তিনিখন বাতিল কৰাৰ দাবী জনায় । সংগঠনটোৱে অধ্যাদেশ কেইখন সম্পৰ্কে ইতিমধ্যে সমগ্র দেশত গঢ়ি উঠা কৃষক বিদ্ৰোহৰ সমৰ্থন জনোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰক কৃষি বিৰোধী নীতি পৰিহাৰ কৰিবলৈ তীব্ৰ সকীয়নি প্ৰদান কৰে ৷
অসম আৰক্ষীলৈ চেলেঞ্জ বিধায়ক আজিজ আহমেদ খানৰ
নিলামবজাৰ আৰক্ষীৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য কৰি বিধায়ক আজিজৰ অসম আৰক্ষীলৈ চেলেঞ্জ ৷ '' আমি মাস্ক পৰিধান কৰা নাই , অসম আৰক্ষীৰ ক্ষমতা থাকিলে আমাক জৰিমনা বা গ্ৰেপ্তাৰ কৰক ৷ ''