অসম

assam

ETV Bharat / state

সাত বজাৰ শীৰ্ষ দহ বাতৰি... - সাত বজাৰ শীৰ্ষ দহ বাতৰি...

সাত বজাৰ শীৰ্ষ দহ বাতৰি...

Top 10 @ 7 PM
সাত বজাৰ শীৰ্ষ দহ বাতৰি...

By

Published : Sep 4, 2020, 7:04 PM IST

2021 ত বিজেপিয়ে অসমত 100খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব : ৰাম মাধৱ

শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ নৱনিৰ্বাচিত কাৰ্যনির্বাহক সমিতিৰ প্ৰথমখন বৈঠক ৷ 2021 ত 100 খন আসন লৈ পুনৰ ক্ষমতালৈ অহাৰ অংগীকাৰ শাসকীয় দল বিজেপিৰ ৷ 2024 ,2029 চনতো দেশত কংগ্ৰেছ চৰকাৰ নাহে বুলি মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱৰ ৷ নতুনকৈ নিৰ্বাচিত হোৱা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহকতেই একপ্ৰকাৰে নিৰ্বাচনৰ ৰণশিঙা বজালে শাসকীয় দল বিজেপিয়ে ৷

আনলক সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ

চিনেমা হ’ল,থিয়েটাৰ,ছুইমিং পুল আদি পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত বন্ধ থাকিব ৷ তদুপৰি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছে নৈশ সান্ধ্য আইনৰ লগতে সপ্তাহান্তিক লক ডাউন ৷ বিবাহ,অন্ত্যেষ্টিক্ৰিয়া,সাংস্কৃতিক অনুষ্ঠান,ধৰ্মীয় অনুষ্ঠান আদিত 100 গৰাকী লোকে অংশগ্ৰহণ কৰিব পাৰিব ৷

দুৱাৰমুখত নিৰ্বাচন : তিনিখন নতুন আঁচনি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

শুকুৰবাৰে এক সংবাদমেলযোগে তিনিখন নতুন আঁচনি ঘোষণা কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আঁচনিখন হৈছে ইতিপূৰ্বে চৰকাৰে বাজেটত ঘোষণা কৰি থোৱা স্বয়ম আঁচনি ৷ ইয়াৰ অধীনত ৰাজ্যৰ দুই লাখ যুৱক-যুৱতীক আত্মসংস্থাপনৰ বাবে চৰকাৰে আগবঢ়াব 50 হাজাৰকৈ টকা ৷ এই ধনৰাশি চৰকাৰক পৰিশোধ কৰিব নালাগে ৷

পিপিই কিট পৰিধান কৰি নৃত্যৰত চিকিৎসকৰ ভিডিঅ' ভাইৰেল

সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰল হৈ পৰিছে কান্হানগড় জিলা চিকিৎসালয়ৰ এগৰাকী জুনিয়ৰ পৰামৰ্শদাতা মনোচিকিৎসকৰ এটা ভিডিঅ' ৷ ভিডিঅ'টোত চিকিৎসকগৰাকীয়ে পিপিই কিট পৰিধান কৰি কৰ'ণা আক্ৰান্ত ৰোগীক মানসিক ভাৱে সুখ প্ৰদানৰ বাবে নৃত্য কৰি থকা দেখা গৈছেন ৷ যিটো ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷

যোৰহাটত নৃশংস হত্যাকাণ্ড

চাহ বাগিচাৰ চকীদাৰক নৃশংস ভাবে হত্যা মুৰমুৰীয়া চাহ বাগিচাত ৷ ঘটনা স্থলীত আৰক্ষী উপস্থিত ৷ তদন্ত পিছত হে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ৷

লাওখোৱাত বান হে শেষ হ’ল সমস্যা নহয়

একপ্ৰকাৰ বিচ্ছিন্ন লাওখোৱাৰ যাতায়ত ব্যৱস্থা ৷ পথৰ মাজতে ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁত ৷ ফলত অঞ্চলসমূহলৈ যাব নোৱাৰে 108 এম্বুলেঞ্চ সেৱা ।

মৰিয়নীত আই.পি.ডি.এছ আঁচনিৰ কামত অনিয়মৰ অভিযোগ

2015 চনত 45 হাজাৰ কোটি টকা ব্যয়েৰে শুভাৰম্ভণি কৰা আই.পি.ডি.এছ আঁচনিৰ অধীনৰ কামত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে মৰিয়নীৰ একাংশ লোকে ৷ অভিযোগ অনুসৰি, কাম সম্পূৰ্ণ নৌহওঁতেই মৰিয়নীত হালি পৰিছে আই পি ডি এছ আঁচনিৰ বিদ্যুতৰ খুটা ৷

কংগনাক মানসিক চিকিৎসাৰ প্ৰয়োজন: আমেয়া খোপকাৰ

কংগনা ৰানাৱট আৰু কেইবাটাও ৰাজনৈতিক দলৰ মাজত চলি থকা বাকযুদ্ধৰ মাজতে, সেই যুদ্ধত অৱতীৰ্ণ হয় MNS চিত্ৰপদ সেনাৰ মুৰব্বী আমেয়া খোপকাৰ ৷ খোপকাৰে কয়, অভিনেত্ৰী গৰাকীক মানসিক চিকিৎসাৰ প্ৰয়োজন ৷

কোনো প্ৰশ্নকালীন ঘন্টা নাথাকিব সংসদৰ বৰ্ষাকালীন অধিবেশনত

সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছিল যে,তেওঁ লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকয়া নাইডুক অধিবেশনৰ শূন্যকালীন ঘন্টাৰ সময় ৩০ মিনিট ৰখাৰ বাবে অনুৰোধ জনাইছে ।তেওঁ কয় যে, এই বিষয়ে লোকসভা আৰু ৰাজ্যসভাৰ অধ্যক্ষদ্বয়ে সিদ্ধান্ত গ্ৰহণ কৰিব ।

তামিলনাডুত অগ্নিদগ্ধ হৈ একেটা পৰিয়ালৰে ৫জন সদস্যৰ কৰুণ মৃত্যু

তামিলনাডুৰ ছালেমত সংঘটিত হৈছে এটি হৃদয় বিদাৰক ঘটনা । ভয়াৱহ অগ্নিকাণ্ডত কৰুণ মৃত্যুক আঁকোৱালি ল'লে একেটা পৰিয়ালৰে ৫জন সদস্যই। পৰিয়ালৰ আটাইকেইজন সদস্য শুই থকা অৱস্থাতে জুইৰ লেলিহান শিখাই আৱৰি ধৰে বাসগৃহ ।

ABOUT THE AUTHOR

...view details