ডেকাসত্ৰীয়া নৱজিৎ দাসৰ মৃত্যুত শোকস্তব্ধ বৰপেটা
ডেকা সত্ৰীয়া নৱজিৎ দাসৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে সকলোবোৰ ৷ সকলোৱে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনাইছে প্ৰিয় ব্যক্তিগৰাকীক ৷ 2009 চনত ডেকা সত্ৰীয়া পদত অধিষ্ঠিত হৈছিল নৱজিৎ দাস ৷ এক শংকৰী কলা-কৃষ্টিৰ প্ৰসাৰ আৰু প্ৰচাৰ তথা এক শৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল ডেকাসত্ৰীয়া জনে ৷
ঘগ্ৰাপাৰত ড্ৰাগছসহ আটক সৰবৰাহকাৰী
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ চ’কৰ নিচেই সমীপতে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী এগৰাকী যুৱকক হাতে-লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে কৰায়ত্ত কৰা যুৱকগৰাকী আব্দুল চামাদ বুলি জানিব পৰা গৈছে ৷ ধৃত আব্দুলৰ স্বীকাৰোক্তিৰ ভিত্তিত ড্ৰাগছ মাফিয়া ৰাণা আলীক ৰঙিয়া থানাৰ অন্তৰ্গত গোহাইঘাট হাতবজালীৰ নিজা বাসগৃহৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় ঘগ্ৰাপাৰ আৰক্ষীয়ে ৷
আদিবাসী ছাত্ৰ সন্থাৰ তৎপৰতাত জব্দ ডাম্পাৰ
হাৰমতী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনত অব্যাহত আছে বনজ সম্পদৰ অবৈধ ব্যৱসায় । এই অভিযোগ উত্থাপন কৰিছে আদিবাসী ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলে ৷ উক্ত ঘটনাৰ সন্দৰ্ভতে হাৰমতী আছাই মঙলবাৰে অবৈধভাৱে চলাই থকা এই কুৱেৰীৰ পৰা শিল-বালি পৰিবাহী কেইবাখনো ডাম্পাৰ জব্দ কৰি হাৰমতী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত গতাই দিয়ে ।
বেগমজানৰ সম্প্ৰচাৰ বন্ধৰ নিৰ্দেশ ন্যায়ালয়ৰ
সাময়িকভাৱে বন্ধ হ’ল বিতৰ্কিত ধাৰাবাহিক বেগমজান ৷ বিগত 6 জুলাইৰ পৰা ৰেঙণি নামৰ এটা ব্যক্তিগত টেলিভিচন চেনেলৰ যোগেদি সম্প্ৰচাৰ হোৱা ধাৰাবাহিকখন সম্প্ৰচাৰৰ দিনৰে পৰা সন্মুখীন হৈছিল তুমুল বিতৰ্কৰ ৷
অৰ্ধনিৰ্মিত কালভাৰ্টৰ পৰা পৰি কিশোৰীৰ মৃত্য়ু
তিনিচুকীয়াৰ ছৈখোৱাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ অভিযোগ উত্থাপন হৈছে ৷ অৰ্ধনিৰ্মিত কালভাৰ্টৰ পৰা পৰি কৰুণ মৃত্যুক আঁকোৱালি লৈছে দুটি কণমানিয়ে ৷