বিজেপি দলৰ মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী হ'ব প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ : তৰুণ গগৈ
আগন্তুক বৰ্ষৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ পৰা মুখ্যমন্ত্ৰীৰ পদৰ বাবে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷
মধ্য প্ৰদেশৰ তাঁতশালত বোৱা শাৰীত দেখিবলৈ পোৱা যাব বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ জিলিকনি
2003 বৰ্ষত ভুপালৰ পৰা 40 কিলোমিটাৰ নিলগত অৱস্থিত ৰায়মেন জিলাৰ ভীম বেটকাৰ গুহাক ঘোষণা কৰা হৈছিল বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ৷ সেই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰে জিলিকনি দেখিবলৈ পোৱা যাব মধ্য প্ৰদেশৰ তাঁতশালত বোৱা শাৰীত ৷
কংগ্ৰেছত যোগদান সংগীত শিল্পী বাবু,নেকিব আৰু অজয় ফুকনৰ
সংগীত শিল্পী বাবু,নেকিব আৰু অজয় ফুকনৰ কংগ্ৰছলৈ আগমনে কংগ্ৰেছ শিবিৰক আৰু অধিক উৎসাহিত কৰিব বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ নতুন প্ৰজন্মক লগত লৈ কংগ্ৰেছে 2021ত বিজেপি মুক্ত এখন চৰকাৰ গঠন কৰিব বুলিও কয় ৰিপুন বৰাই ৷
আক্ৰান্তৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰত পুনৰ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা
পুনৰ কাছাৰত লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা ৷ ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক জাননীযোগে প্ৰকাশ কৰিছে এই তথ্য ৷
বাঘ আৰু সিংহৰ যুঁজত মাংস খাব শিয়ালেঃ বিধায়ক প্ৰশান্ত ফুকন
কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাত অধিক লাভৱান হ'ব বিজেপি ৷ এই মন্তব্য ডিব্ৰুগড়ৰ শাসকীয় দলৰ বিধায়ক প্ৰশান্ত ফুকনৰ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন ৰাজনৈতিক দলক লৈয়ো মন্তব্য বিধায়কগৰাকীৰ ৷