সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ পাঁচগৰাকীৰ স্থান লাভ
অসামৰিক প্ৰশাসনিক সেৱা/ ভাৰতীয় আৰক্ষী সেৱাৰ বাবে নিৰ্বাচিত হৈছে অসমৰ পাঁচগৰাকী পৰীক্ষাৰ্থী ৷
কিশোৰ কুমাৰৰ 91 সংখ্যক জন্মদিন বিশেষ
কিশোৰ কুমাৰে একাধাৰে এগৰাকী লেখক, এগৰাকী কন্ঠশিল্পী, এগৰাকী অভিনেতাৰ পৰা এগৰাকী নিৰ্দেশক, সংগীত পৰিচালক আটাইকেইটা শিতানতে যথেষ্ট সফলতা অৰ্জন কৰিছে ৷ বহুমুখী প্ৰতিভাৰ গৰাকী কিশোৰ কুমাৰ কেৱল এগৰাকী বিখ্যাত কন্ঠশিল্পীয়ে নহয় তেওঁ আছিল লেখক, অভিনেতা, নিৰ্দেশক আৰু সংগীত পৰিচালক ৷ তেওঁৰ জন্ম হৈছিল 1929 চনৰ 4 আগষ্টত মধ্যপ্ৰদেশৰ খণ্ডৱা নামৰ এখন চহৰত ৷
চাকৰি নিয়মীয়াকৰণৰ দাবীৰে গুৱাহাটীত সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সংবাদমেল
গুৱাহাটীত সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সংবাদমেল ৷ চাকৰি নিয়মীয়াকৰণ নকৰাৰ বাবে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে শিক্ষক সমাজে ৷ চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিচতো প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ বাবে চৰকাৰক সমালোচনা কৰে শিক্ষক সমাজে ৷ লগতে, 60 বছৰৰ বাবে চাকৰিৰ সুৰক্ষা দাবী কৰিছে শিক্ষক সমাজে ৷
সাৱধান ! সস্তাত সোণ কিনিবলৈ গৈ ঠগ নাখাব
সোণ ক্ৰয় কৰোঁতে সাৱধান হওক ৷ আপোনাৰ চকুত ধূলি দি নকল সোণ বিক্ৰী কৰিব পাৰে ব্যৱসায়ীয়ে ৷ কোনো কাৰণতেই কম মূল্যত সোণ ক্ৰয়ৰ লালসা নকৰিব ৷ আপোনাৰ অজানিতেই আপোনাৰ চৌপাশে ঘূৰি আছে নকল সোণৰ ব্যৱসায়ী ৷ নগাঁৱত আৰক্ষীৰ জালত পৰা কাচেম আলীৰ ভাষ্যত পোহৰলৈ আহিছে প্ৰৱঞ্চনাৰ ভয়ংকৰ তথ্য ৷
লুইতৰ বুকুত সমূহীয়া আত্মজাহৰ হুংকাৰ দক্ষিণ শালমাৰাবাসীৰ
ধুবুৰীৰ দক্ষিণ শালমাৰা সমষ্টিত খহনীয়াই তাণ্ডৱ চলোৱাৰ ফলত ৰাজ্যৰ ভৌগোলিক মানচিত্ৰৰ পৰা এই অঞ্চলটো ক্ৰমাৎ নিশ্চিহ্ন হোৱাৰ দিশে অতিক্ৰম কৰিছে ৷ বিগত সময়ছোৱাত বহুকেইটা পৰিয়াল খহনীয়াৰ কবলত পৰি উছন হোৱাৰ লগতে হেৰুৱাইছে ঘৰ-বাৰী ৷ ১৯৫০ চনৰ বৰ ভূঁইকপৰ পিছৰ পৰা দক্ষিণ শালমাৰাৰ বিভিন্ন অঞ্চলত কালৰূপী খহনীয়াই চলাই আহিছে তাণ্ডৱ ৷