জনতা ভৱনৰ অগ্নিকাণ্ডঃ উদ্বিগ্ন মুখ্যমন্ত্ৰীৰ বৈঠক
মঙলবাৰে নিশা শ্বৰ্ট চাৰ্কিটৰ ফলত দিছপুৰৰ জনতা ভৱনৰ "বি" ব্লকত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক । যাৰ ফলস্বৰূপে বুধবাৰে মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ শীৰ্ষ আমোলাবৰ্গৰ সৈতে এক বৈঠকত মিলিত হৈ সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰে ।
কি হ'ব প্ৰধানমন্ত্ৰী অ'লিৰ ৰাজনৈতিক ভৱিষ্যৎ ?
পুনৰ শুকুৰবাৰলৈ স্থগিত ৰখা হ'ল নেপালৰ কমিউনিষ্ট দলৰ বৈঠক। শুকুৰবাৰে নিৰ্ধাৰণ হ'ব কে পি শৰ্মা অ'লিৰ ৰাজনৈতিক ভৱিষ্যৎ।
কৰ'ণাক কেৰেপ নকৰা একাংশ লোক
কৰ'ণা মহামাৰীৰ ক্ৰমবৰ্ধমান সম্প্ৰসাৰণৰ সময়তো শংকিত নোহোৱা একাংশ লোক ৷ স্বাস্থ্য বিধিক ভেঙুচালি কৰা একাংশ লোক ৷ মহামাৰী নহয় যেন কোনো উৎসৱৰ সময়হে চলিছে ৷ বুধবাৰে এনে এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গ'ল নগাঁৱৰ বৰ বজাৰস্থিত পাইকাৰী মাছৰ বজাৰত ৷
পুনৰ ৰুদ্ৰমূৰ্ত্তি ধাৰণ কৰিছে বেকী নদীয়ে
লক্ ডাউন আৰু বানপানীয়ে জুৰুলা কৰাৰ পিছত এইবাৰ কৃষকৰ ওপৰত তাণ্ডৱ চলাইছে বেকী নৈয়ে ৷ বানৰ প্ৰকোপ হ্ৰাস পোৱাৰ পিছত যোৱা কিছুদিন ধৰি কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত বেকী নৈৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি শ শ বিঘা মৰাপাট আৰু শালিধানৰ খেতি এইদৰে উছন কৰিছে ।
জিলা প্ৰশাসনৰ বিৰুদ্ধে গোচৰ ৰুজু কংগ্ৰেছ নেতাৰ
বিধায়ক আমিনুল ইছলামৰ পিতৃ মুফটি খাইৰুল ইছলামৰ জানাজাত হোৱা জনসমাগমৰ বাবে জিলা প্ৰশাসনৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কংগ্ৰেছ নেতা মৃণাল হাজৰিকাৰ । জানাজাক লৈও চৰকাৰে ৰাজনীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কংগ্ৰেছ নেতাগৰাকীৰ ৷