সীমান্তত পথ নিৰ্মান সন্দৰ্ভত ৰাজনাথ সিঙৰ পৰ্যালোচনা বৈঠক
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত সীমান্ত পথ সংস্থাৰ সৈতে দিল্লীৰ চাউথ ব্ল'কত প্ৰায় এঘণ্টা ধৰি অনুষ্ঠিত হয় পৰ্যালোচনা বৈঠক। বৈঠকত পাকিস্তান-চীন সীমান্তৰ বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাত পথ নিৰ্মান প্ৰকল্পৰ কাম-কাজৰ পৰ্যালোচনা কৰে।
পুনৰ উত্তপ্ত বাঘজান: আত্মজাহৰ ভাবুকি প্ৰতিবাদকাৰীৰ
মঙলবাৰে বাঘজান কাণ্ডই অতিক্ৰম কৰিলে 42 দিন ৷ কিন্তু আজিকোপতি নিৰ্বাপিত নহ’ল বাঘজানৰ জুই ৷ ক্ষুব্ধ গাঁৱবাসীয়ে এই কাৰ্যৰ প্ৰতিবাদ জনাই অগ্নিকাণ্ড সংঘটিত হোৱা স্থানলৈ সমদল বাহিৰ কৰি গৈ আত্মজাহৰ ভাবুকি প্ৰদান কৰে ৷
আইপিএল আয়োজনৰ বাবে নিউজিলেণ্ডৰ প্ৰস্তাৱ : বিচিচিআই বিষয়া
আইপিএলৰ আয়োজনক লৈ বিচিচিআইৰ বিষয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য । সকলো পক্ষৰ সহমতৰ অন্তত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ । লগতে খেলুৱৈৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ বুলি কয় বিষয়াগৰাকীয়ে ।
সঁচাকৈয়ে কংগ্ৰেছ ত্যাগ কৰিব নেকি অজন্তা নেওগে
গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগ বিজেপিত যোগদান কৰিব বুলি প্ৰকাশ পোৱা বাতৰিটোৰ বিৰুদ্ধে সৰৱ হৈ পৰে অজন্তা নেওগ ৷ নিজৰ স্থিতি স্পষ্ট কৰি সাংবাদ মাধ্যমলৈ প্ৰতিলিপি প্ৰেৰণ কৰে বিধায়িকা গৰাকীয়ে ৷
স্থলসেনাৰ আৰ্টিলাৰী মোতায়েনৰ বাবে বিআৰঅ'ই নিৰ্মাণ কৰিলে দলং
বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বন, চমুকৈ বিআৰঅ'ই পূৱ লাডাখত এখন দলং নিৰ্মাণ সম্পূৰ্ণ কৰি তোলে ৷ চীনৰ সৈতে উদ্ভৱ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে কম সময়ৰ ভিতৰত দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তোলে সীমান্তত আন্তঃগাঁথনি নিৰ্মাণকাৰী চৰকাৰী সংস্থাটোৱে ৷