অইল ইণ্ডিয়াৰ বিৰুদ্ধে টিংখাঙৰ বৰবিলত প্ৰতিবাদ
টিংখাঙৰ বৰবিলত অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিল স্থানীয় লোকে । তেওঁলোকৰ অভিযোগ, প্ৰায় আশী দশকৰ পৰাই অঞ্চলটোৰ পৰা কোটি কোটি টকাৰ খাৰুৱা তেল সংগ্ৰহ কৰি অহা অইল কৰ্তৃপক্ষই আজি পৰ্যন্ত গাঁওখনত নকৰিলে কোনো ধৰণৰ উন্নয়নমূলক কাম ।
চৰকাৰৰ সিদ্ধান্তবোৰ অপৰিকল্পিতঃ অজন্তা নেওগ
সোমবাৰে প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগে তেওঁৰ গোলাঘাটৰ এৰেংগাপাৰাস্থিত নিজা বাসগৃহত এখন সংবাদমেল সম্বোধন কৰে । শেহতীয়াকৈ অসমৰ চৰকাৰৰ কেবিনেটে লোৱা ভূমি নীতিৰ সিদ্ধান্তক সম্পূৰ্ণ একপক্ষীয় সিদ্ধান্ত বুলি আখ্যা দিয়ে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে ।
জন্মদিন বিশেষঃদৰ্শকৰ হৃদয়ত স্থান লোৱা 35বছৰীয়া ৰণবীৰ সিং
বলীউডত যি নিজৰ সপোনক বাস্তৱলৈ ৰূপান্তৰ কৰিলে, তেওঁৰ শক্তিশালী অভিনয়ে সকলোকে তেওঁৰ প্ৰেমিক কৰি তুলিলে ৷ যাৰ আন্দাজ আন সকলোতকৈ পৃথক ,তেওঁ কেৱল এজন সাধাৰণ মানুহেই নহয়, বৰঞ্চ তেওঁ এনেকুৱা এগৰাকী অভিনেতা যাক দেখি বহু মানুহৰ আত্মবিশ্বাস জাগি উঠে ৷ তেওঁ আন কোনো নহয়, তেওঁ হ'ল বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিং ৷ আজি অভিনেতাগৰাকীৰ 35 সংখ্যক জন্মদিন ৷
ভূমি নীতি প্ৰৱৰ্তনৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰ আৰু খিলঞ্জীয়াৰ ভূমি নীতিৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত সোমবাৰে যৌথ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ সংগঠন দুটাই গোলাঘাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
ফিল’বাৰীৰ নামহুলোং জলসিঞ্চন প্ৰকল্পৰ দুৰৱস্থা
তিনিচুকীয়াৰ ফিল’বাৰীৰ বুঢ়ীদিহিং মৌজাৰ অন্তৰ্গত নামহুলোং জলসিঞ্চন প্ৰকল্পৰ বিধ্বস্ত ৰূপ ৷ 1962 চনত জলসিঞ্চন বিভাগৰ আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছিল উক্ত প্ৰকল্প ৷ 2007 প্ৰায় এক কোটি বিশ লাখ টকা ব্যয় সাপেক্ষে ইয়াৰ মেৰামতি কৰা হৈছিল যদিও ই জহি-খহি যায় ৷ ফলত কৃষকসকলে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে ৷